ETV Bharat / sukhibhava

হালধীয়া হালধিতকৈ ক’লা হালধি স্বাস্থ্যৰ বাবে উপকাৰী, এইদৰে কৰক ব্যৱহাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 11:51 AM IST

Black Turmeric benefits : হালধীয়া হালধিৰ বিষয়ে সকলোৱে জানে ৷ কিন্তু ক’লা হালধিৰ বিষয়ে কেতিয়াবা শুনিছেনে বা দেখিছেনে ? হয়, এই ক’লা হালধি স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী । ক’লা হালধিয়ে বহু ৰোগ নিৰাময় কৰিব পাৰে ।

Know health benefits of black turmeric
বহু ডাঙৰ ডাঙৰ ৰোগ নিৰাময় কৰে এই ক’লা হালধিয়ে

হালধিৰ নাম কোৱাৰ লগে লগে পাকঘৰত থকা হালধীয়া ৰঙৰ মছলাটো হে মনলৈ আহে । নহয় জানো ? কাৰণ হালধীয়া ৰঙৰ হালধিৰ বিষয়ে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে জানে ৷ কিন্তু আপুনি জানেনে ক’লা ৰঙৰ হালধিও আছে ? শুনিবলৈ আচৰিত লাগিলেও কিন্তু আপুনি বিশ্বাস কৰিব লাগিব যে ক’লা হালধিও থাকে ৷ যাৰ বিষয়ে হয়তো অতি কম সংখ্যক লোকেহে জানে ।

মনকৰিবলগীয়া বিষয় যে হালধীয়া হালধিতকৈ ক’লা হালধিৰ ঔষধি গুণ বহু গুণে বেছি । এক প্ৰকাৰে ইয়াক স্বাস্থ্যৰ সম্পদ বুলি ক’ব পাৰি । এই হালধিৰ ৰং ভিতৰৰ পৰা বেঙুনীয়া থাকে । ইয়াৰ দ্বাৰা বহু ৰোগ নিৰাময় কৰিব পাৰি । ক’লা হালধিৰ উপকাৰিতাৰ বিষয়ে জানো আহক...

ক’লা হালধিৰ উপকাৰিতা

১) মধুমেহ ৰোগীৰ বাবে ক’লা হালধি ঔষধতকৈ কম নহয় । ইয়াত পৰ্যাপ্ত পৰিমাণৰ আঁহ থাকে । ইয়াৰ লগতে ইয়াত কৰকুমিন থাকে । এই সকলোবোৰ গুণৰ দ্বাৰা ইনচুলিন উন্নত কৰাৰ ক্ষমতা থাকে ৷ যাৰ বাবে ব্লাড চুগাৰৰ মাত্ৰা স্বাভাৱিক হৈ থাকে । এনে পৰিস্থিতিত ডায়েবেটিছ ৰোগীয়ে যদি ক’লা হালধি ব্যৱহাৰ কৰে তেন্তে তেওঁলোকে লাভান্বিত হ’ব ।

২) উচ্চ ৰক্তচাপৰ সমস্যাত ক'লা হালধিয়ে মহৌষধৰ কাম কৰে । ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । ইয়াত কৰকুমিন এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায় । যিয়ে সঠিক তেজৰ সোঁত বজাই ৰাখে আৰু অক্সিডেটিভ চাপ কমোৱাত সহায় কৰে ।

৩) অষ্টিঅ’আৰ্থাইটিছৰ সমস্যাত ক’লা হালধি উপকাৰী হ’ব পাৰে । ইয়াৰ ব্যৱহাৰে গাঁঠি আৰু আঁঠুৰ বিষৰ পৰা সকাহ দিয়ে । ইয়াত এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে ফুলা কম কৰিব পাৰে ।

৪) ক’লা হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে যিটো সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী । ই আপোনাক ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰে । যাৰ বাবে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমি যায় ।

৫) ক’লা হালধি পাচনতন্ত্ৰৰ বাবেও উপকাৰী । ইয়াত আঁহ থাকে যিয়ে পাচনতন্ত্ৰৰ সমস্যা নিৰাময় কৰিব পাৰে । ইয়াৰ দ্বাৰা আপুনি পেটৰ বিষ, গেছ, কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ পাব পাৰে ৷

৬) যিকোনো ধৰণৰ আঘাত বা ঘাঁ ভাল কৰাত সহায় কৰে ক’লা হালধিয়ে । যদি আপোনাৰ কোনো ধৰণৰ আঘাত বা ঘা হয়, তেন্তে ক’লা হালধি পিহি পেষ্ট বনাই সেই ঠাইত লগাব । ইয়াৰ পিচত দ্ৰুতগতিত ভাল হ’ব ঘা ।

৭) মাহেকীয়াৰ সময়ত মহিলাসকলে ভয়ংকৰ বিষ অনুভৱ কৰে । এনে পৰিস্থিতিত আপুনি খাদ্যত ক’লা হালধি অন্তৰ্ভুক্ত কৰি পেটৰ বিষৰ পৰা উপশম পাব পাৰে । ইচ্ছা কৰিলে গাখীৰৰ লগত ক’লা হালধি মিহলাই খাব পাৰে । ইয়াৰ ফলত বিষৰ পৰা বহুখিনি সকাহ পাব ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: চুলিৰ বাবে মহৌষধ এইবিধ বস্তু, কেৱল জানি লওক ইয়াক ব্যৱহাৰৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.