ETV Bharat / sukhibhava

শীতকালত আদা ব্যৱহাৰৰ উপকাৰিতা সমূহ জানে নে ?

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 3:47 PM IST

Ginger benefits in winter: পটাছিয়াম ফলেট, জিংক আৰু এন্টি অক্সিডেন্টৰ গুণ আদাত পোৱা যায়, যিয়ে শীতকালত বহু ৰোগৰ পৰা ৰক্ষা পৰাত সহায় কৰে ৷ গতিকে আদাৰ উপকাৰিতা জানো আহক ।

Know Ginger benefits in winter
শীতকালত আদাৰ উপকাৰিতা

শীতকালত কেৱল চৰ্দি আৰু কাহেই নহয়, আন বহুতো বেমাৰে মানুহক সোনকালেই আক্ৰমণ কৰে । এনে পৰিস্থিতিত শৰীৰক সুস্থ কৰি ৰাখিবলৈ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো বাঞ্ছনীয় । অৱশ্যে শীতকালত ঠাণ্ডাৰ শৰীৰক সুস্থ কৰি ৰখাত কিছুমান বস্তুৱে আমাক সহায় কৰে । ইয়াৰে এটা হ’ল আদা । ছডিয়াম, এন্টি-ইনফ্লেমেটৰী, এন্টি-অক্সিডেন্ট, পটাছিয়াম, ভিটামিন বি, চি, ফলেট, জিংক আৰু মেগনেছিয়াম আদি গুণ থকা আদাই শীতকালত বহুতো ৰোগ প্ৰতিৰোধ কৰিব পাৰে । আদাৰ উপকাৰিতা জানি লওক এই প্ৰতিবেদনত...

শীতকালত আদাৰ উপকাৰিতা

ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হৈ পৰে

শীতকালত আদা সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় । ইয়াৰ ফলত শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয় আৰু সুস্থ হৈ থাকে । এনে পৰিস্থিতিত এই বতৰত আদা সেৱন কৰাটো বাঞ্ছনীয়।

চৰ্দি আৰু কাহৰ পৰা সকাহ পোৱা যায়

আয়ুৰ্বেদত আদা অতি উপকাৰী বুলি গণ্য কৰা হয় । শীতকালত আদা সেৱন কৰিলে চৰ্দি আৰু কাহৰ পৰা উপশম পোৱা যায় । ইয়াৰ বাবে আদাৰ চাহ আৰু আদাৰ কাঢ়া খোৱাটো উপকাৰী বুলি বিবেচিত হয় । ইয়াৰ ফলত চৰ্দিৰ পৰা পৰিত্ৰাণ পাব ।

ফেটি লিভাৰৰ পৰা মুক্তি পাব

শীতকালত গৰম চাহত আদা এটুকুৰা দি সেৱন কৰিলে উপকাৰী বুলি বিবেচিত হয় । খাদ্য খোৱাৰ এঘণ্টাৰ পিচত ইয়াক সেৱন কৰিলে বহু দিশত উপকাৰী হ’ব পাৰে । এনে কৰিলে ফেটি লিভাৰৰ সমস্যাও আৰোগ্য হ’ব পাৰে ।

কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পাব

শীতকালত খাদ্যৰ পৰিৱৰ্তন হয়, সেয়েহে কোষ্ঠকাঠিন্যই দেখা দিয়ে ৷ গেছ, বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাই মানুহক অশান্তি দিয়ে । এনে পৰিস্থিতিত আদা সেৱন কৰিলে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি ।

লগতে পঢ়ক: তেজৰ কৰ্কট ৰোগৰ লক্ষণসমূহ কি ? জানি লওক এই প্ৰতিবেদনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.