বহু সময়ত ৰন্ধা সময়ত শাক-পাচলি বা মচুৰ দাইলত অধিক নিমখ পৰে (Reduce excess salt from the vegetables and curries)। যাৰ ফলত কেৱল মুখৰ সোৱাদ আৰু মেজাজ নষ্ট হোৱাই নহয় আপোনাৰ কষ্টও নষ্ট হৈ পৰে ।
বেছিভাগ মহিলাই নিশ্চয় ৰন্ধা-বঢ়াৰ সময়ত কোনোবা এটা সময়ত শাক-পাচলিত অধিক নিমখ হয় । যাৰ বাবে আপুনি নিশ্চয় সেই আঞ্জাখন পেলাই দিবলগীয়া হয় । তেনে ক্ষেত্ৰত আমি আঞ্জাখনৰ পৰা কেনেদৰে নিমখৰ পৰিমাণ কমাব পাৰো ৷ বহু গৃহিনীৰ বাবে এয়া এক চিন্তাৰ বিষয় ৷
কিন্তু এইবাৰৰ পৰা এনে হ’লে শাক-পাচলি বা মচুৰ দাইল পেলাই দিয়াৰ পৰিৱৰ্তে আপুনি এই টিপছ আৰু ট্ৰিক্স মানি চলিব পাৰে (Cooking tips) । হয়, এই সহজ টিপছবোৰে আপুনি আপোনাৰ শাক-পাচলি, দাইল বা যিকোনো আঞ্জাতেই হওক তাৰ পৰা নিমখৰ পৰিমাণ সহজতে কম কৰিব পাৰে ।
খাদ্যত যদি অধিক নিমখ থাকে তেন্তে এই টিপছসমূহ মানি চলক -
- সিজোৱা আলু(Boiled potatoes):
শাক-পাচলি বা দালি আদিত নিমখ বেছি থাকিলে তাত সিজোৱা আলুও দি নষ্ট হোৱা আঞ্জাখনতো আপুনি নিমখৰ পৰিমাণ সঠিক জোখলৈ আনিব পাৰে । এনে কৰিলে খাদ্যত থকা নিমখৰ পৰিমাণ কমি যোৱাই নহয় বৰঞ্চ শাক-পাচলি বা দাইলখন আৰু অধিক গাঢ় হ'ব ।
- ৰোষ্ট কৰা বেচন(Roasted Besan/Gram flour):
যদি শাকত নিমখ বেছি থাকে, তেন্তে তাত অলপ ৰোষ্ট কৰা বেচন(Gram flour) মিহলাই দিব পাৰে । এনে কৰিলে শাক-পাচলিৰ নিমখ কমি যাব । গ্ৰেভি আৰু শুকান শাক-পাচলি দুয়োটাতে এই টিপ ব্যৱহাৰ কৰিব পাৰে ।
- আটাৰ বল(Balls of flour):
শাক-পাচলিত নিমখ কমোৱাৰ বাবেও আন এক পদ্ধতি গ্ৰহণ কৰিব পাৰে । ইয়াৰ বাবে আপুনি আটাৰ বল(Balls of flour) বনাই শাক-পাচলিত দিব পাৰে । এনে কৰিলে খাদ্যত থকা নিমখ কমি যাব ।
লগতে পঢ়ক : সুস্বাদু ব্যঞ্জনৰ বাবে ব্যৱহাৰ কৰি চাওকচোন এই কেইটা Tips and Tricks