ETV Bharat / sukhibhava

Right Time To Bath: এই সময়ত স্নান কৰাটো হ’ব পাৰে বিপদজনক, সেয়ে ইয়াৰ উপযুক্ত সময় জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 3:54 PM IST

পৰিৱৰ্তিত বতৰত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱা উচিত কাৰণ অলপ অসাৱধানতাইও আপোনাক অত্যন্ত অসুস্থ কৰি তুলিব পাৰে । সেয়ে এই বতৰত আমি কেতিয়া স্নান কৰিব নালাগে জানো আহক...

It is dangerous to take bath during the changing weather, so know the right time to bath
এই সময়ত স্নান কৰাটো হ’ব পাৰে বিপদজনক, সেয়ে ইয়াৰ উপযুক্ত সময় জানি লওক

বতৰ পৰিবৰ্তন হোৱাৰ লগে লগে আৰু বতৰ সলনি হোৱাৰ লগে লগে আমাৰ দৈনন্দিন কাম-কাজতো কিছু প্ৰভাৱ পৰা দেখা গৈছে ৷ গৰম বা আৰ্দ্ৰ বতৰত আমাৰ বাবে গা ধুবলৈ সহজ যদিও শীতকালৰ আগমনৰ লগে লগে ৰাতিপুৱা আৰু গভীৰ নিশা পানী স্পৰ্শ কৰাটো অলপ কঠিন হৈ পৰে ৷ পৰিৱৰ্তিত ঋতুৰ সময়ত আমাৰ শৰীৰ উষ্ণতাৰো প্ৰভাৱ পৰা দেখা যায় ৷ এই সময়ছোৱাত আমি স্নান কৰাৰ সময়ৰ ওপৰতো বিশেষ গুৰুত্ব দিয়াটো উচিত যাতে আমি বিভিন্ন ৰোগৰ কৱলত পৰিবলগীয়া নহয় ৷ গতিকে এই সময়ছোৱাত আমি কিমান সময়ত গা ধুব নালাগে সেই বিষয়ে জানি লওক আহক ৷

পুৱা স্নান কৰাটো উচিত নে ?

পুৱা গা ধুই দিনটো আৰম্ভ কৰাৰ বাবে প্ৰায়ে এটা স্বাস্থ্যসন্মত উপায় হিচাপে গণ্য কৰা হয় ৷ বতৰৰ পৰিৱৰ্তনৰ লগে লগে পুৱাৰ ভাগত গা ধুই আপোনাৰ ইন্দ্ৰিয়বোৰ জাগ্ৰত কৰাত সহায় কৰিব পাৰে, শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু গোটেই দিনটোৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে ৷ কিন্তু পৰিৱৰ্তিত বতৰৰ সময়ত নিশ্চিত হওক যে বাহিৰৰ উষ্ণতা যাতে কম নহয়, আৰু এনে বতৰত আপোনাৰ শৰীৰটো পানীৰ স্পৰ্শৰ বাবে কিমান প্ৰস্তুত ৷ পুৱা যদি তাপমাত্ৰা অতি কম হয়, তেন্তে গা ধোৱাটো শৰীৰৰ বাবে অতি কষ্টকৰ হৈ পৰে ৷

সন্ধিয়া স্নান কৰাটো উচিত নে ?

দীঘলীয়া আৰু ক্লান্তিকৰ দিনটোৰ পিছত সকাহ পোৱাৰ বাবে সন্ধিয়া গা ধোৱাটো ভাল ৷ সূৰ্য অস্ত যোৱাৰ লগে লগে দিনটোৰ ধূলি আৰু মলি নোহোৱা হৈ যায়, যাৰ ফলত ৰোগৰ আশংকা কমি যায় ৷ মানসিক চাপৰ পৰা উপশম পোৱাতো ই সহায় কৰে, কিন্তু পৰিৱৰ্তিত বতৰত সন্ধিয়া বেছি পলমকৈ গা ধুব নালাগে কাৰণ নিম্ন উষ্ণতা আৰু প্ৰচণ্ড বতাহে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷

এই সময়ত স্নান কৰাৰ পৰা বিৰত থাকক

যদি হঠাৎ উষ্ণতাৰ পৰিৱৰ্তন ঘটে, তেন্তে তেনে সময়ত স্নান কৰাটো সঠিক নহ’বও পাৰে, যেনে ধুমুহা বা প্ৰচণ্ড ঠাণ্ডা বতাহত গা ধোৱাটো আপোনাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’বলৈ আৰম্ভ কৰে ৷ বিশেষকৈ ৰাতি বেছি পলমকৈ আৰু সূৰ্য উদয়ৰ পূৰ্বে গা ধোৱাটো বিপদজনক ৷ যদিও এই সময়ত তাপমাত্ৰা স্বাভাৱিক হৈ থকাৰ বাবে দুপৰীয়া গা ধুলে আপোনাৰ বাবে ভাল ৷

লগতে পঢ়ক: Mental Health: আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব এইসমূহ কামে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.