ETV Bharat / sukhibhava

Neem for Anemia: নিমৰ পাতত থকা খনিজ পদাৰ্থই ৰক্তহীনতাৰ পৰা দিব সকাহ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 6:50 PM IST

নিম গছক আয়ুৰ্বেদৰ সম্পদ বুলি গণ্য কৰা হয়, ইয়াৰ পাত, ঠাৰি, ফল-ফুল সকলো স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু আজি আমি ইয়াৰ পাতৰ গুণাগুণৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ।

Is neem good for anemia? let's learn about this
নিমৰ পাতত থকা খনিজ পদাৰ্থই ৰক্তহীনতাৰ পৰা দিব সকাহ

গোটেই নিম গছজোপা আয়ুৰ্বেদৰ সম্পদ বুলি গণ্য কৰা হয়, ইয়াৰ পাত, ঠাৰি, ফল, ফুল সকলো স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু আজি আমি ইয়াৰ পাতৰ গুণাগুণৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম ৷ আপোনালোকক জনাই দিও যে নিমৰ পাতত এনে বহু ঔষধি গুণ পোৱা যায় যিয়ে স্বাস্থ্যক বহু সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰে ৷ নিম সোৱাদত তিতা যদিও দৈনিক খালী পেটত ইয়াক সেৱন কৰিলে বহু সমস্যা দূৰ কৰিব পৰা যায় ৷

নিমপাত চোবাই খোৱাৰ ৩টা ডাঙৰ উপকাৰিতা

আপুনি জানেনে যে যদি প্ৰতিদিনে পুৱা ৫ৰ পৰা ৬টা নিমৰ পাত আমি চোবাই খাও, তেন্তে আমাৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰিতা সাধন হয় ৷ নিমপাত শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা অংশৰ বাবে উপকাৰী ৷

১/ ৰক্তহীনতা নাইকিয়া হৈ যাব

খালী পেটত নিমপাত খালে স্বাস্থ্যৰ বহু উপকাৰিতা সাধন হয় ৷ আপোনালোকক জনাই দিও যে যিসকলে ৰক্তহীনতাৰ সমস্যাত ভুগিছে তেওঁলোকে নিমৰ পৰাই দিনটোৰ আৰম্ভ কৰাটো উচিত ৷ এনে কৰিলে ৰক্তহীনতাৰ সমস্যাৰ পৰা আপুনি শীঘ্ৰেই উপশম পাব পাৰিব ৷ আচলতে নিমৰ পাতবোৰত আইৰণ, জিংক, মেগনেছিয়াম আদি খনিজ পদাৰ্থ পোৱা যায়, যিবোৰে হিম’গ্লবিন গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

২/ ছালৰ বাবে উপকাৰী

আপোনাৰ ছালৰ প্ৰাকৃতিক জিলিকনি বৃদ্ধিত নিমপাত অতি উপযোগী হ’ব পাৰে ৷ এনে অৱস্থাত নিমৰ পাত ভালদৰে ধুই খালী পেটত চোবাই খাব লাগে ৷ এনে কৰিলে আপুনি ছালৰ সমস্যাৰ পৰা সকাহ পোৱাই নহয় পিম্পল আৰু দাগ আঁতৰাব পাৰে ৷

৩/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

আজিৰ সময়ত শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা থকাটো অতি প্ৰয়োজনীয় ৷ এনে অৱস্থাত খালী পেটত নিমৰ পাত খাব লাগে ৷ ইয়াৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাই নহয়, ইয়াত থকা এন্টি-অক্সিডেন্ট, এন্টি-বেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী, এন্টি-ফাংগেল আদি গুণে আপোনাৰ শৰীৰক বহু সংক্ৰমণৰ পৰা আঁতৰাই ৰাখিব ৷

লগতে পঢ়ক: Recycling of tea leaves: চাহ বনোৱাৰ পিছত চাহপাতখিনি পেলাই দিয়ে নেকি ? এনেদৰে কৰক পুনঃব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.