ETV Bharat / sukhibhava

Viral Fever: ভাইৰেল জ্বৰ হৈ থাকিলে আমি গা ধুব লাগেনে ?

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 11:53 AM IST

ভাইৰেল জ্বৰে আপোনাক বহুতো অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে সংক্ৰমণৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়, কিন্তু এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহিছিল যে, এনে পৰিস্থিতিত স্নান কৰাটো উচিত নে অনুচিত ?

Is it good to take bath in viral fever ?
ভাইৰেল জ্বৰত আমি স্নান কৰিব লাগেনে ?

পৰিৱৰ্তিত বতৰত ভাইৰেল জ্বৰৰ আশংকা যথেষ্ট বৃদ্ধি পাইছে, এই কাৰণেই আজিকালি বহুলোকে সঘনাই অসুস্থ হৈ পৰিবলৈ আৰম্ভ কৰিছে, ইয়াৰ মূল কাৰণ হৈছে লেতেৰা বেক্টেৰিয়াৰ লগতে যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে এই ৰোগে আপোনাক সহজেই ইয়াৰ কৱলত পেলাব পাৰে ৷ এই ক্ষেত্ৰত বহুতৰে মনত এটা প্ৰশ্ন প্ৰায়েই মনলৈ আছে যে, ভাইৰেল জ্বৰ হ’লে স্নান কৰিব লাগে নে নাই ? স্বাস্থ্য বিশেষজ্ঞৰ মাজতো এই প্ৰশ্নক লৈ প্ৰায়েই খেলি-মেলিৰ সৃষ্টি হয় ৷ অৱশ্যে সঠিক পদক্ষেপ কি সেয়া জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ৷

ভাইৰেল জ্বৰৰ লক্ষণ

ভাইৰাছজনিত জ্বৰৰ আটাইতকৈ সাধাৰণ লক্ষণসমূহ হ’ল সাধাৰণতে জ্বৰ, শৰীৰৰ বিষ, মূৰৰ বিষ, ভাগৰুৱা, টোপনি নহা আদি ৷ এই ৰোগৰ বাবে শৰীৰটো অতি দুৰ্বল হৈ পৰে, আৰু ইয়াৰ প্ৰভাৱ যদি দীৰ্ঘদিনলৈ থাকে লগতে ইয়াৰ ফলত ওজনো হ্ৰাস হয় ৷

ভাইৰেল জ্বৰৰ সময়ত গা ধুব লাগে নে নাই ?

একাংশ চিকিৎসকৰ মতে, ভাইৰেল জ্বৰ হ’লে গা ধোৱাটো এটা স্বাস্থ্যসন্মত উপায় হ’ব পাৰে, কাৰণ ই শৰীৰৰ পৰা মলি আঁতৰাই পেলাব পাৰে আৰু মানসিকভাৱেও শান্তি অনুভৱ কৰাব পাৰে ৷ গতিকে বহু ক্ষেত্ৰত এই ৰোগত গা ধোৱাটো নিৰাপদ বুলি ধৰা হয় ৷

শিশু বা বৃদ্ধ ব্যক্তি যদি ভাইৰেল জ্বৰত আক্ৰান্ত হয় তেন্তে গা ধোৱাৰ সময়ত সাৱধান হোৱা উচিত কাৰণ ইয়াৰ ফলত আন বহু সমস্যা বৃদ্ধি পাব পাৰে ৷ এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিজন ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থা একে নহয় ৷ কিছুমান চিকিৎসকৰ মতে, যেতিয়া আমাৰ শৰীৰে ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজি আছে, তেতিয়া ইয়াক আৰু অধিক ভাগৰুৱা হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব ৷ গা ধোৱাৰ সময়ত লক্ষণ বৃদ্ধি পাব পাৰে, যাৰ বাবে ৰোগী অধিক অস্বস্তিত পৰিব পাৰে ৷

ভাইৰেল জ্বৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি

নিয়মিতভাৱে হাত ধুব আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখিব ৷ ভাইৰাছ আপোনাৰ পৰা যিমানেই দূৰত থাকিব সিমানেই ভাইৰেল জ্বৰৰ আক্ৰমণ কম হ’ব ৷ গতিকে পৰিৱৰ্তিত বতৰত আমি সকলোৱে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লোৱা আৰু মাস্ক পৰিধান কৰাটোৱেই উত্তম, ইয়াৰ বাহিৰেও প্ৰয়োজন নহ’লে ভাইৰেল জ্বৰ ৰোগীৰ পৰা দূৰত্ব বজাই ৰাখক, আৰু যিমান পাৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা খাদ্য খোৱাটোৱেই উত্তম ৷

লগতে পঢ়ক: Nicotine: ধঁপাতৰ পৰা সাৱধান ! চিগাৰেট সেৱনে অকালতে কঢ়িয়াব জীৱনলৈ বাৰ্ধক্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.