ETV Bharat / sukhibhava

Eating Tips: বাকলিৰ সৈতে কাঠবাদাম খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি ? ইয়াক খোৱাৰ সঠিক উপায় জানি লওক

সাধাৰণতে কাঠবাদামক আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াক খালে বহু প্ৰকাৰৰ ৰোগৰ ক্ষেত্ৰত সকাহ পোৱা যায় ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে তিয়াই থোৱা কাঠবাদামৰ বাকলি গুচোৱাৰ পিছত খালে বেছি উপকাৰী হয় নে বাকলি নুগুচোৱাকৈ খালে বেছি উপকাৰী ? আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জানিম...

Is eating peeled almonds harmful for health? Know the right way to eat it
বাকলিৰ সৈতে কাঠবাদাম খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক নেকি ? ইয়াক খোৱাৰ সঠিক উপায় জানি লওক
author img

By

Published : Aug 21, 2023, 6:04 PM IST

প্ৰাচীন পৰম্পৰা অনুসৰি শিশুক তিয়াই থোৱা কাঠবাদাম খুৱালে তেওঁলোকৰ মগজু খুবেই চোকা হয় বুলি কোৱা হৈছিল ৷ যদিও আজিও মানুহে এইকথা অনুসৰণ কৰি আহিছে ৷ কাঠবাদাম এনেকুৱা এবিধ শুকান ফল, যাৰ সেৱনে স্বাস্থ্যৰ বাবে অগণন উপকাৰ দিয়ে ৷ ইয়াৰ লগতে বহু প্ৰকাৰৰ ৰোগতো সকাহ পোৱা যায় ৷ মিঠাইৰ ওপৰত সজ্জাৰ বাবেও কাঠবাদাম ব্যৱহাৰ কৰা হয় ৷ কাঠবাদাম পুষ্টিকৰ উপাদানৰে ভৰপূৰ ৷ অধিকাংশ লোকে তিয়াই থোৱা কাঠবাদাম খায় কেৱল এই কাৰণেই যে ইয়াৰ দ্বাৰা স্বাস্থ্যৰ সৰ্বাধিক উপকাৰিতা পোৱা যায় ৷

কিন্তু আজি আমি কাঠবাদামৰ এটা বেলেগ কথাৰ সত্যতা জানিব পাৰিম যে কাঠবাদামৰ বাকলি উলিয়াই তিয়াই খোৱাৰ পিছত খাব লাগে নে নাই ? আচলতে কাঠবাদাম তিয়াই দিলে ইয়াত থকা পুষ্টিকৰ উপাদান বৃদ্ধি পায় ৷ উল্লেখ্য়, কাঠবাদামৰ বাকলিত টেনিন নামৰ এবিধ পদাৰ্থ থাকে ৷ ইয়াৰ ফলত কাঠবাদামৰ পুষ্টিকৰ উপাদান শোষণ হোৱাত বাধাৰ সৃষ্টি কৰে ৷ সেইবাবেই কিছুমান মানুহে কাঠবাদামৰ বাকলি আঁতৰাই নাখায় কাৰণ ইয়াৰ দ্বাৰা কাঠবাদামৰ গোটেই পুষ্টিকৰ উপাদানসমূহ শৰীৰত সহজে শোষিত হ’ব পাৰে ৷ কিন্তু কাঠবাদামৰ বাকলি আঁতৰাই খোৱাৰ অন্য উপকাৰিতাও আছে ৷

কাঠবাদামৰ বাকলি অলপ শুকান আৰু সোৱাদত তিঁতা যেন অনুভৱ হয় ৷ বাকলিটো আঁতৰাই দিলে কাঠবাদামৰ মিঠা সোৱাদ বৃদ্ধি পায় ৷ লগতে যদি আপুনি কাঠবাদামৰ বাকলি আঁতৰোৱাৰ পিছত খায়, তেন্তে ইয়াত থকা কীটনাশক আৰু ৰাসায়নিক পদাৰ্থবোৰো আপোনাৰ পেটলৈ যোৱাৰ পৰা বিৰত থাকে ৷ কাঠবাদামৰ বাকলি স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে ৷ সেইবাবেই কাঠবাদামৰ বাকলি আঁতৰোৱাৰ পিছত হে কাঠবাদাম ১০০ শতাংশ বিশুদ্ধ আৰু স্বাস্থ্যকৰ ৷

১) কাঠবাদাম খালে হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাত সকাহ পোৱা যায় ৷ আলমণ্ডত ভাল ফেটি এচিড, বিশেষকৈ মনোঅনচেচুৰেটেড আৰু পলিঅনচেচুৰেটেড ফেট থাকে, যিবোৰ আমাৰ হৃদযন্ত্ৰৰ বাবে ভাল বুলি গণ্য কৰা হয় ৷

২) ওজন কমাবলৈও কাঠবাদামে বহুত সহায় কৰে ৷ আচলতে আলমণ্ডত আঁহ, প্ৰ’টিন, চৰ্বি ভাল পৰিমাণে পোৱা যায় ৷ সেইবাবেই ইয়াক খালে ভোক নিয়ন্ত্ৰণ হয় ৷

৩) কাঠবাদাম তিয়াই খালে আৰু ইয়াৰ বাকলি আঁতৰোৱাৰ পিছত খালে ৰক্তশৰ্কৰাৰ মাত্ৰাও বজাই ৰাখে ৷ উল্লেখ্য যে, আলমণ্ডত মেগনেছিয়ামো থাকে, যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক: Grapes Benefits: কেৱল আঙুৰে এই ৫টা ৰোগৰ পৰা সকাহ দিয়ে, আপুনিও খাবলৈ আৰম্ভ কৰক এই ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.