ETV Bharat / sukhibhava

Healthy Food Diet: আমি খাদ্য গৰম নে ঠাণ্ডাকৈ খোৱা উচিত ? - গৰম খাদ্য আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী

অধিকাংশ লোকেই ব্যস্ততাৰ বাবে নিজৰ খাদ্য গৰম নকৰাকৈয়ে খায় । আপুনি নিশ্চয় জনাটো উচিত যে গৰম খাদ্য আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ।

Is eating cold food unhealthy?
আমি খাদ্য গৰম নে ঠাণ্ডাকৈ খোৱা উচিত ?
author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 5:28 PM IST

ব্যস্ত জীৱনশৈলীৰ বাবে অধিকাংশ লোকেই নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতা অৱলম্বৱন কৰে ৷ অফিচ বা স্কুললৈ পলম হোৱাৰ বাবে, বহুলোকেই ৰেডি টু ইট অৰ্থাৎ পেকেটৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে ৷ কিন্তু এনে অভ্যাসে স্বাস্থ্যৰ গুৰুতৰ ক্ষতিসাধন কৰিব পাৰে ৷ শৰীৰৰ বিকাশৰ বাবে স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় ৷

ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখিব লাগে যে আমি সদায় গৰম খাদ্য খোৱাটো উচিত ৷ সাধাৰণতে ঘৰত সকলোৱে গৰম খাদ্য ভাল পায় ৷ কিন্তু অফিচ, স্কুল বা আন কামৰ বাবে খাদ্য ঠাণ্ডা হৈ পৰে ৷ কিছুমান লোকে খাদ্য গৰম নকৰাকৈয়ে খায় ৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে, গৰম খাদ্য আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী গৰম খাদ্যই আমাক বহু প্ৰকাৰে শৰীৰক শক্তি প্ৰদান কৰে ৷ জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহ-

সহজে হজম হয়

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, গৰম খাদ্য খালে পেটৰ বিষৰ সম্ভাৱনাও কমি যায় ৷ গৰম খাদ্য যেতিয়া আমাৰ শৰীৰত উপস্থিত হয় তেতিয়া ই সহজে শোষিত হয় ৷ শৰীৰে ইয়াক হজম কৰিবলৈ কষ্ট কৰিব নালাগে ৷কোনোবাই যদি অবিৰতভাৱে ঠাণ্ডা খাদ্য খায় তেন্তে পেটৰ বিষ বা পেটৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

পুষ্টিকৰ উপাদানৰে ভৰা

ঠাণ্ডা খাদ্যত বেক্টেৰিয়া থাকিব পাৰে ৷ কিন্তু ঠাণ্ডা খাদ্যতকৈ গৰম খাদ্য অধিক পুষ্টিকৰ ৷ গৰম খাদ্যত বেক্টেৰিয়া বৃদ্ধি হ’ব নোৱাৰে ৷ ইয়াৰ বাহিৰেও যদি খাদ্যখিনি ভালদৰে ৰান্ধি খোৱা হয়, তেন্তে ইয়াৰ দ্বাৰা সংক্ৰমণ আৰু নষ্ট হোৱাৰ সম্ভাৱনা কম হয় ৷

বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে

গৰম খাদ্য খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় ৷ অৱশ্যে সদায় এনেকুৱা হোৱাটো প্ৰয়োজনীয় নহয় ৷ যদি আপুনি গৰম খাদ্য খায়, তেন্তে ইয়াক অধিক সুস্বাদু দেখা যায়, যাৰ বাবে ভোক স্বয়ংক্ৰিয়ভাৱে বাঢ়ি যায় ৷ ইয়াৰ উপৰিও আপোনাৰ বিপাকীয় ক্ৰিয়াত প্ৰত্যক্ষ প্ৰভাৱ পেলায় ৷

গতিকে গৰম খাদ্য খোৱাৰ ইমানবোৰ উপকাৰৰ পিছত এতিয়া আপুনিও ঠাণ্ডা খাদ্য খোৱা বন্ধ কৰিব লাগে ৷ যিহেতু ঠাণ্ডা খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী নহয়, গতিকে আপোনাৰ খাদ্য তালিকাত গৰম আৰু সতেজ খাদ্যক অন্তৰ্ভুক্ত কৰক ৷

লগতে পঢ়ক: Quit Salt: যদি আপুনি এমাহৰ বাবে নিমখ ত্যাগ কৰে তেন্তে কি হ’ব ? জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.