ETV Bharat / sukhibhava

শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিবলৈ কেৱল গ্ৰহণ কৰক এইবিধ ফল - আতলচ আমি কিয় খাব লাগে

আইৰণৰ অভাৱ হোৱাটো এনে এক সমস্যা যাৰ সৈতে বেছিভাগ লোকেই সন্মুখীন হৈছে । কিন্তু চিন্তাৰ কাৰণ নাই ৷ মাত্ৰ আতলচৰ দৰে আইৰণ সমৃদ্ধ ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক । ইয়াৰ অন্য লাভালাভ জানো আহক-

Is custard apple rich in iron?
শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিবলৈ কেৱল গ্ৰহণ কৰক এইবিধ ফল
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 3:24 PM IST

আইৰণ শৰীৰৰ বাবে এক অতি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ ৷ ইয়াৰ অভাৱত ৰক্তহীনতাৰ দৰে সমস্যাৰো সৃষ্টি হ’ব পাৰে ৷ ইয়াৰ অভাৱৰ ফলত ভাগৰুৱা, মূৰ ঘূৰণি, পেশীৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ এনে পৰিস্থিতিত আইৰণেৰে সমৃদ্ধ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে ৷

আইৰণৰ অভাৱ দূৰ কৰিবলৈ আপুনি এনে ফল-মূল আৰু শাক-পাচলি গ্ৰহণ কৰিব লাগে যিবোৰত আইৰণ প্ৰচুৰ পৰিমাণে থাকে ৷ এই সকলোবোৰৰ ভিতৰত সৰহসংখ্যক আইৰণ আতলচত পোৱা যায় ৷ ই আইৰণেৰে সমৃদ্ধ এক ছুপাৰফুড ৷ য’ত ভিটামিন চিৰ লগতে আইৰণো প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ আইৰণৰ অভাৱত আতলচে কেনেদৰে সহায় কৰিব পাৰে জানো আহক-

আতলচত থকা আইৰণৰ পৰিমাণ আন ফলতকৈ বহু বেছি ৷ ১০০ গ্ৰাম আতলচত ৬.৭ মিলিগ্ৰাম আইৰণ থাকে, যিটো দৈনিক প্ৰয়োজনৰ প্ৰায় ৩৬% ৷ দৈনিক আতলচ খালে শৰীৰত আইৰণৰ অভাৱ দূৰ হয় ৷ ইয়াৰ দ্বাৰা ৰক্তহীনতাৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায় ৷ আইৰণৰ অভাৱ দূৰ কৰিবলৈ আতলচ আটাইতকৈ উত্তম বিকল্প ৷

আতলচত আৰু কি কি ভিটামিন আৰু খনিজ পদাৰ্থ থাকে ?

আতলচত বহু ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায় যাৰ বাবে ই এক প্ৰকাৰৰ ছুপাৰফুড ৷ ভিটামিন চি, ভিটামিন এ, ভিটামিন বি-কম্প্লেক্স, ভিটামিন কে, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু জিংক প্ৰচুৰ পৰিমাণে আতলচত পোৱা যায় ৷

ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে ৷ ভিটামিন এ চকু, হাড় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে অতি উপকাৰী ৷

হৃদযন্ত্ৰৰ বাবে উপকাৰী

আতলচ এনেকুৱা এবিধ ছুপাৰফুড য’ত আঁহ, ভিটামিন, এন্টিঅক্সিডেন্ট আৰু খনিজ পদাৰ্থৰ দৰে পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায় যিয়ে হৃদৰোগৰ পৰা ৰক্ষা কৰে ৷ দৈনিক আতলচ খোৱাটোৱে ধমনী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে ৷ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

কেন্সাৰত উপকাৰী

কেন্সাৰ এক ভয়ংকৰ ৰোগ, ইয়াক প্ৰতিৰোধ কৰিবলৈ আমি আমাৰ দৈনন্দিন অভ্যাস আৰু খাদ্যাভ্যাস উন্নত কৰা উচিত ৷ আতলচত পোৱা এন্টিঅক্সিডেন্ট আৰু ফাইটোকেমিকেলে ফ্ৰী ৰেডিকেলৰ ফলত হোৱা কোষৰ ক্ষতি ৰোধ কৰে, যিয়ে কেন্সাৰ বিকাশ ৰোধ কৰাত সহায় কৰে ৷ এনে ক্ষেত্ৰত আতলচ খোৱাটো কেন্সাৰ ৰোগীৰ বাবে অতি উপকাৰী ৷

লগতে পঢ়ক: শৰীৰৰ এইসমূহ ৰোগ নিৰাময়ৰ বাবে অতি উপকাৰী নহৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.