ETV Bharat / sukhibhava

আন্তৰাষ্ট্ৰীয় খোনা সজাগতা দিৱস : প্ৰাৰম্ভিক চিকিৎসাৰ দ্বাৰা হ'ব পাৰি আৰোগ্য - Early Therapy Can Completely Treat Stammering Problems

প্ৰতি বছৰে 22 অক্টোবৰৰ দিনটো আন্তৰাষ্ট্ৰীয় খোনা সজাগতা দিৱস হিচাপে পালন কৰা হয় ৷ এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে 'খোনা সমস্যা বুজি পোৱা এখন পৃথিৱী' ৷

প্ৰাৰম্ভিক চিকিৎসাৰ দ্বাৰা হ'ব পাৰি আৰোগ্য
আন্তৰাষ্ট্ৰীয় খোনা সজাগতা দিৱস
author img

By

Published : Oct 22, 2020, 2:27 PM IST

কথা স্পষ্টকৈ ক'ব পাৰিলে সকলোৱে প্ৰশংসা কৰে ৷ কিন্তু সকলো মানুহে স্পষ্টকৈ কথা ক'ব নোৱাৰে ৷ খোনাৰ সমস্যাত ভোগা লোকসকলক শিশুকালতে শুধৰাবলৈ চেষ্টা নকৰিলে পৰৱৰ্তী সময়ত বহু জটিল হৈ পৰে ৷ সেয়েহে, এই সম্পৰ্কত সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে 22 অক্টোবৰৰ দিনটো আন্তৰাষ্ট্ৰীয় খোনা সজাগতা দিৱস হিচাপে পালন কৰা হয় ৷ এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে 'খোনা সমস্যা বুজি পোৱা এখন পৃথিৱী' ৷

সমগ্ৰ বিশ্বতে এই সমস্যাত ভোগা লোকৰ সংখ্যা 70 মিলিয়ন ৷ কিন্তু মানুহে খোনা সমস্যাত কিয় ভোগে আৰু ইয়াক কেনেদৰে নাইকিয়া কৰিব পাৰি ? এই সম্পৰ্কত আমি তেলেংগানা অডিঅ'লজিষ্ট এণ্ড স্পীছ লেংগুৱেজ পেথ'লজিষ্ট এচ'ছিয়েচন, হায়দৰাবাদৰ প্ৰতিষ্ঠাপক তথা অডিঅ'লজিষ্ট ডঃ কে. নাগেন্দৰৰ সৈতে আলোচনা কৰিছিলো ৷

খোনা সমস্যা কি আৰু ইয়াৰ ফলত কেনেধৰণৰ সমস্যাত ভোগে ?

ডঃ নাগেন্দৰে জনাইছিল যে, খোনা সমস্যা অন্য় একো নহয়, কেৱল অন্য লোকৰ দৰে কথা সলসলীয়াকৈ ক'ব নোৱাৰাৰ সমস্যা ৷ কিন্তু এই সমস্যাত ভোগা বহু লোকে গীত পৰিৱেশন কৰাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন নহয় ৷ সেয়েহে আমি চিনাক্ত কৰিব লাগে যে, সমস্যাটো কথা কওঁতে নে গীত পৰিৱেশন কৰোতে হৈছে ৷ 90 শতাংশ লোকেই কথা কওঁতে খোনা সমস্যাত ভোগে ৷

খোনা সমস্যা বিভিন্ন অঞ্চলত বিভিন্ন লোকৰ মাজত পৃথক হয় ৷ ইয়াৰ কিছুমান কাৰণ হৈছে :

1. জেনেটিকছ

কেতিয়াবা খোনা সমস্যা জিনৰ জৰিয়তে পিতৃ-মাতৃৰ পৰা সন্তানলৈ প্ৰবাহিত হয় ৷

2. অনুকৰণ

শিশুৰ ক্ষেত্ৰত এনে হোৱাৰ কাৰণ অনুকৰণ কৰাৰ বাবে হ'ব পাৰে ৷ খোনা সমস্যাত ভোগা লোকক শিশুৱে অনুকৰণ কৰিলে একে সমস্যাত ভোগাৰ আশংকা থাকে ৷

3. চাপ

মানসিক চাপৰ ফলতো খোনা সমস্যাত ভূগিব পাৰে ৷ ইয়াৰ ফলত সাক্ষাৎকাৰ অথবা অন্য পৰিস্থিতিত খোনা সমস্যাৰ সন্মুখীন হয় ৷

4.স্নায়ুতন্ত্ৰৰ সমস্যা

আকস্মিক দুৰ্ঘটনাৰ ফলত বহু সময়ত মানুহে মস্তিস্কত আঘাত লাভ কৰে ৷ ইয়াৰ ফলত যদি কথা কোৱাৰ সৈতে জড়িত মস্তিস্কৰ অংশ আঘাতপ্ৰাপ্ত হয় তেন্তে খোনা সমস্যাত ভূগিব পাৰে ৷

5. হীনমন্যতা

হীনমন্যতাৰ ফলত খোনা সমস্যাত ভোগা দেখা যায় ৷ শ্ৰেণীকোঠাত কোনো ছাত্ৰ সমনীয়াৰ দ্বাৰা উপলুঙাৰ সন্মুখীন হ'লে অথবা অভিভাৱক অথবা শিক্ষকৰ দ্বাৰা অধিক গালি-শপনিৰ সন্মুখীন হ'লে এনে সমস্যা দেখা যায় ৷

কিমান বয়সত এই সমস্যাৰ সন্মুখীন হয় ?

শিশুকাল অথবা কৈশোৰ কালত এই সমস্যাৰ সন্মুখীন হয় ৷ আমাৰ বিশেষজ্ঞই কৈছে, "ভাষাৰ আয়ত্বকৰণ প্ৰক্ৰিয়াৰ সময়ত অৰ্থাৎ 2.5 ৰ পৰা 4 বছৰ বয়সত শিশু খোনা হয়, ইয়াক সাধাৰণ খোনা সমস্যা বুলি গণ্য কৰা হয় ৷ অভিভাৱকেও এই কথা জানি থোৱা উচিত যে, শিশুক চাপ প্ৰয়োগ কৰি শুধৰোৱা উচিত নহয় ৷ কিন্তু 4 বছৰৰ পাচতো এই সমস্য়াই দেখা দিলে অভিভাৱকে বিশেষজ্ঞ আৰু অৰ্হতাসম্পন্ন ভাষা চিকিৎসকৰ ওচৰ চাপিব লাগে ৷"

এই কথা বুজি উঠা উচিত যে, শিশুকালতে এই সমস্যাৰ সমাধান নহ'লে পাচৰ পৰ্যায়ৰ চিকিৎসাই আৰোগ্য কৰি তুলিব নোৱাৰে ৷ কিছু পৰিমাণে খোনা সমস্যা ভৱিষ্যতলৈও থাকি যায় ৷ সেয়েহে, এই সমস্যা অতি সোনকালেই চিনাক্ত কৰি উলিয়াই ইয়াৰ চিকিৎসা প্ৰদান কৰা উচিত ৷

কি হয় ?

থেৰাপিৰ জৰিয়তে এই ৰোগ নিৰ্মূল কৰাটো শ্ৰেষ্ঠ উপায় ৷ ডঃ নাগেন্দৰে বৰ্ণনা কৰিছে যে, সাধাৰণতে মানুহে এটা শব্দৰ প্ৰথম আখৰ অথবা শব্দাংশত খোনা হয় ৷ ইয়াৰ কিছুমান উদাহৰণ হৈছে :

1. পুনৰাবৃত্তি - "ক-ক-ক-ক-কলম"

2. দীঘলীয়া হোৱা - "মমমমমমা"

3. থমকি ৰোৱা - "মই এখন (ৰৈ যোৱা) কিতাপ পঢ়ি আছো"

4. বাক্যাংশৰ পুনৰাবৃত্তি - "মই...মই... পঢ়ি আছো"

5. বাক্যৰ মাজত শব্দ অথবা ধ্বনিৰ ব্যৱহাৰ - "মই (অঅঅ)" খেলিবলৈ গৈ (অঅঅ) আছো ৷

কিদৰে ইয়াৰ চিকিৎসা কৰা হ'ব ?

এনে সমস্যাবোৰ বিভিন্ন থেৰাপি শৈলীৰে বিচাৰি উলিওৱা হয় ৷ এনে কিছুমান শৈলী হৈছে :

- এয়াৰফ্ল' শৈলীৰ অনুশীলন

- শ্বাস-প্ৰশ্বাসৰ অনুশীলন

- আঙুলিৰে চাপ প্ৰয়োগ কৰা অনুশীলন

- বাক্য দীঘলীয়া কৰা অনুশীলন

- ন্যূনতম পেয়াৰ থেৰাপি

প্ৰতিটো থেৰাপি প্ৰায় 40-45 মিনিট পৰ্যন্ত কৰিব লাগে আৰু 20-40 টা এনে থেৰাপিত খোনা সমস্যা নাইকিয়া কৰিব পৰা যায় ৷ কিন্তু বিশেষজ্ঞৰ থেৰাপিৰ উপৰিও ঘৰতো এই অনুশীলন কৰিব লাগে ৷ সেয়েহে এই ক্ষেত্ৰত শিশুসকলক অভিভাৱকেও অনুশীলন কৰোৱাটো অতি প্ৰয়াজনীয় ৷

সেয়েহে, শিশু অৱস্থাতে এই সমস্যা চিনাক্ত কৰি বিশেষ থেৰাপিৰ জৰিয়তে আৰোগ্য কৰিব পৰা যায় ৷ অন্যথা এই সমস্যা ভৱিষ্যতেও থাকি যাব ৷ সেয়েহে এনে সমস্যাত ভোগা লোকক কোনো কাৰণতে উপহাস অথবা ইতিকিং কৰিব নালাগে ৷ তেওঁলোককো সমান ব্যৱহাৰ কৰিব লাগে ৷ লগতে এনে সমস্যাত ভোগা ব্যক্তিৰ সৈতে কথা-বাৰ্তা কৰাৰ সময়ত উৎসাহিত কৰা অতিকৈ প্ৰয়োজনীয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.