ETV Bharat / sukhibhava

Diwali 2023: ঘৰতে প্ৰস্তুত কৰিবলৈ গৈ আছে দীপাৱলীৰ মিঠাই ? তেন্তে চেনিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক এই সামগ্ৰী - দীপাৱলীৰ উৎসৱ

মিঠাই অবিহনে দীপাৱলীৰ উৎসৱ আধৰুৱা । বজাৰত সকলো ধৰণৰ মিঠাই দেখা যদিও উৎসৱৰ বতৰত এই মিঠাইবোৰ ভেজাল হোৱাৰ সম্ভাৱনা অতি বেছি লগতে ইয়াত প্ৰয়োজনতকৈ অধিক চেনি মিহলোৱা হয় ৷ এনে পৰিস্থিতিত আপুনি ঘৰতে চেনিৰ পৰিৱৰ্তে কিছুমান শুকান ফলৰ দ্বাৰা মিঠাই প্ৰস্তুত কৰিব পাৰে ।

If you want to make Diwali sweets at home then use these things instead of sugar
ঘৰতে প্ৰস্তুত কৰিবলৈ গৈ আছে দীপাৱলীৰ মিঠাই ? তেন্তে চেনিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰক এই সামগ্ৰী
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 5:22 PM IST

ধনতেৰচ উৎসৱৰ পিছত পূৰ্ণগতিত দীপাৱলীৰ প্ৰস্তুতি আৰম্ভ কৰিছে সকলোৱে । কিন্তু উৎসৱৰ আনন্দ মিঠাই অবিহনে আধৰুৱা বুলি গণ্য কৰা হয় । এনে সময়ত বেছিভাগ মিঠাই বজাৰত বিক্ৰী হয়, যিবোৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক । বিশেষকৈ উৎসৱৰ বতৰত স্বাস্থ্য বিশেষজ্ঞসকলেও মানুহক সকীয়াই দিয়ে ।

কিন্তু দীপাৱলীৰ দিনা বজাৰৰ পৰা মিঠাই ক্ৰয় কৰাৰ সলনি আপুনি ঘৰতেও মিঠাই তৈয়াৰ কৰিব পাৰে । ঘৰতে প্ৰস্তুত মিঠাইত উন্নত মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় । যিকোনো ক্ষেত্ৰতে উৎসৱৰ বতৰত চেনি পৰিহাৰ কৰাটো ভাল । এনে পৰিস্থিতিত চেনিৰ সলনি কিছু শুকান ফল ব্যৱহাৰ কৰি আপুনি আপোনাৰ মিঠাইৰ সোৱাদ বৃদ্ধি কৰিব পাৰে । এই প্ৰতিবেদনৰ আপোনালোকক জনাম যে চেনিৰ পৰিৱৰ্তে আমি কোনবোৰ মিঠা শুকান ফল ব্যৱহাৰ কৰিব পাৰে ।

ডিমৰু

দীপাৱলীৰ মিঠাই প্ৰস্তুত কৰোতে প্ৰচেছড চেনিৰ সলনি ডিমৰু ব্যৱহাৰ কৰিব পাৰে । ডিমৰু ব্যৱহাৰ কৰিলে মিঠাইৰ সোৱাদ বৃদ্ধি হোৱাই নহয় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও ই অতি উপকাৰী । ইয়াৰ ফলত হাড় মজবুত হয় আৰু পেটৰ সমস্যাতো ই অতি উপকাৰী ।

খেজুৰ

এন্টিঅক্সিডেন্ট, আইৰণ, ভিটামিনৰ লগতে কেৰটিনয়ড, ফ্লেভনয়ড আৰু ফেনলিক এচিড আদি বহুতো উপাদান খেজুৰত পোৱা যায় । ই আপোনাৰ মিঠাই মিঠা কৰাৰ উপৰিও স্বাস্থ্যৰ বাবেও উপকাৰী । ইয়াৰ ফলত আপোনাৰ হৃদৰোগৰ সম্ভাৱনা কম হয় ।

শুকান এপ্ৰিকোট

ঘৰতে মিঠাই তৈয়াৰ কৰোঁতে শুকান এপ্ৰিকোট ব্যৱহাৰ কৰিব পাৰে । ভিটামিন A, C, K আৰু B-কম্প্লেক্সকে ধৰি বহু ধৰণৰ খনিজ পদাৰ্থ ইয়াত পোৱা যায় । ইয়াৰ ফলত মিঠাইৰ সোৱাদ দুগুণ বৃদ্ধি হোৱাই নহয় স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী ।

কিচমিচ

যিকোনো উৎসৱ কিচমিচ অবিহনে আধৰুৱা ? মিঠাই তৈয়াৰ কৰোঁতে চেনিৰ পৰিৱৰ্তে কিচমিচো ব্যৱহাৰ কৰিব পাৰে । ইয়াত প্ৰ’টিন আৰু স্বাস্থ্যকৰ চৰ্বিকে ধৰি বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় ।

লগতে পঢ়ক: Papaya Seeds: অমিতা খাই কেতিয়াও পেলাই নিদিব ইয়াৰ গুটি; অন্যথা এই 4টা লাভৰ পৰা বঞ্চিত হ’ব আপুনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.