ETV Bharat / sukhibhava

Besan For Skin: তৎক্ষণাত ছালৰ উজ্বলতা বৃদ্ধি কৰিব বেচনে; জানক কেনেকৈ !

author img

By

Published : Jul 22, 2023, 3:20 PM IST

বেচনে কেৱল ৰন্ধা-বঢ়াৰ বাবেই নহয় ছালৰ বাবেও ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ ফলত ছালৰ দাগবোৰ দূৰ হোৱাত সহায় কৰে । এই প্ৰতিবেদনত জানো আহক যে আপুনি ছালৰ বাবে কি কি ধৰণেৰে বেচন ব্যৱহাৰ কৰিব পাৰে ।

If you want to get instant glow then use besan for face like this
তৎক্ষণাত ছালৰ উজ্বলতা বৃদ্ধি কৰিব বেচনে

বেচন ব্যৱহাৰ কৰি বহুতো সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয় । বেচনেৰে ধোকলা, বেচন লাডু আৰু বেচন চিলা, পকৰি আদি বহু ধৰণৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰিব পৰা যায় । কেৱল বেচনেৰে বহু ব্যঞ্জন তৈয়াৰ কৰিব পৰাই নহয়, ছালৰ বাবেও ব্যৱহাৰ কৰিব পাৰি । বেচনত বহু ধৰণৰ প্ৰাকৃতিক বস্তু মিহলাই ফেচ পেক প্ৰস্তুত কৰিব পৰা যায় । বেচনৰ ফেচ পেকে আপোনাৰ মুখত প্ৰাকৃতিক গ্লো প্ৰয়োগ কৰিব ।

ই আপোনাৰ ছালৰ ৰং উন্নত কৰে । ই ছালখন কোমল কৰি তোলে । বেচন ব্যৱহাৰ কৰি কি কি উপায়েৰে ফেচ পেক তৈয়াৰ কৰিব পাৰি জানো আহক ।

কেঁচা গাখীৰ আৰু বেচন

দুচামুচ বেচনত অলপ কেঁচা গাখীৰ মিহলাই লওক । এই পেষ্ট মিহলাই মুখত প্ৰয়োগ কৰক । এতিয়া কিছু সময়ৰ বাবে বেচনৰ পেকেৰে ছালখন মালিচ কৰক । এই পেকটো ১০ মিনিটৰ পিছত মুখৰ পৰা আঁতৰাই দিব । এই পেকে আপোনাৰ ছাল পৰিষ্কাৰ কৰিব ।

বেচন আৰু নেমু

এটা বাটিত ২ চামুচ বেচন লওক । তাত এচামুচ নেমুৰ ৰস দিব । এতিয়া মুখ আৰু ডিঙিত বেচন আৰু নেমুৰ পেষ্ট লগাওক । ১০ মিনিটৰ পিচত আঁতৰাই দিব । এই বেচনৰ পেকে টেনিংও আঁতৰাই পেলায় । এই পেকে আপোনাৰ ৰং উন্নত কৰে । ব্ৰণমুক্ত আৰু গ্ল’য়িং ছালৰ বাবে সপ্তাহত দুবাৰকৈ এই ফেচ পেক ব্যৱহাৰ কৰিব পাৰে ।

বেচন আৰু মৌ

মুখৰ বাবেও বেচন আৰু মৌ ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাবে ১ৰ পৰা ২ চামুচ বেচন ১ চামুচ মৌৰ লগত মিহলাই লওক । এই পেকটো মুখত লগাওক । কিছু সময়ৰ বাবে পাতল হাতেৰে ছালখন মালিচ কৰক । ১০ মিনিটৰ পিচত বেচন আৰু মৌৰ পেষ্ট উলিয়াই দিব । এই পেকে আপোনাৰ ছালখন কোমল কৰি ৰাখিবলৈ কাম কৰিব ।

বিলাহী আৰু বেচন

লগতে বিলাহী আৰু বেচন দি ফেচ পেক প্ৰস্তুত কৰিব পাৰে । ইয়াৰ বাবে এটা বাটিত ২ চামুচ বেচনত বিলাহীৰ পাল্প মিহলাই লওক । বিলাহী আৰু বেচনৰ পেষ্টখিনি মুখ আৰু ডিঙিত 20 মিনিট ৰাখিব । এতিয়া সাধাৰণ পানীৰে মুখখন ধুব । বিলাহী আৰু বেচনৰ পেক সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে ।

লগতে পঢ়ক: Respiratory infections in monsoon: বাৰিষাকালত বৃদ্ধি পাইছে উশাহ-নিশাহৰ সমস্য়া; আপোনাৰো আছে নেকি এই সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.