ETV Bharat / sukhibhava

French Fries: আপুনি ফ্ৰেঞ্চ ফ্ৰাই খাই ভাল পায় নেকি ? তেন্তে হৈ যাওক সাৱধান!

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:29 PM IST

French Friesৰ সোৱাদে আমাৰ সকলোকে আকৰ্ষিত কৰে, কিন্তু ইয়াৰ চখে বহু ৰোগক নিমন্ত্ৰণী জনায়, জানো আহক ফ্ৰেঞ্চ ফ্ৰাইয়ে আপোনাৰ শৰীৰৰ কেনেধৰণৰ ক্ষতিসাধন কৰিব পাৰে ৷

If you love to eat French Fries, be alert, these 5 problems can happen
আপুনি ফ্ৰেঞ্চ ফ্ৰাই খাই ভাল পায় নেকি ? তেন্তে হৈ যাওক সাৱধান!

আলুৰ পৰা তৈয়াৰী ফ্ৰেঞ্চ ফ্ৰাই ভাল নোপোৱা লোক সমগ্ৰ বিশ্বতে খুব কমেই হ’ব ৷ এনে বহুলোক আছে যিয়ে ইয়াক নিয়মিতভাৱেও সেৱন কৰে ৷ কিন্তু আপোনাক জনাই দিও যে নিয়মিতভাৱে ফ্ৰেঞ্চ ফ্ৰাই খোৱাটো স্বাস্থ্যৰ বাবে গুৰুতৰ বিপদ মাতিব পাৰে, যদিও ইয়াক আটাইতকৈ সোৱাদযুক্ত খাদ্যৰ ভিতৰত গণ্য কৰা হয় ৷ অৱশ্যে ইয়াক অতিমাত্ৰা সেৱন কৰিলে ক্ষতিকাৰক হ’ব পাৰে বুলি চিকিৎসকে ইতিমধ্যে মত প্ৰকাশ কৰে ৷

আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনৰ তথ্য অনুসৰি প্ৰায় ৪৫০০ যুৱকৰ ওপৰত যেতিয়া এক অধ্যয়ন চলোৱা হৈছিল তেতিয়া আচৰিত ধৰণৰ ফলাফল প্ৰকাশ পাইছিল ৷ কোৱা হৈছিল যে সপ্তাহত দুবাৰতকৈ অধিক ফ্ৰেঞ্চ ফ্ৰাই খোৱা লোকৰ সোনকালে মৃত্যুৰ সম্ভাৱনা দুগুণ হয় ৷

১/ পেটৰ সমস্যা হ’ব পাৰে

ফ্ৰেঞ্চ ফ্ৰাইৰ হজম প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেটতকৈ বহু লেহেমীয়া হয় কাৰণ ইয়াত অধিক কেলৰি থাকে ৷ নিয়মিতভাৱে সেৱন কৰিলে পেটৰ বিষ হ’ব পাৰে ৷ ইয়াৰ উপৰিও ডায়েৰিয়া, বমি আৰু গেছৰ দৰে সমস্যাও হ’ব পাৰে ৷

২/ মগজুৰ বাবে ভাল নহয়

ফ্ৰেঞ্চ ফ্ৰাই আপোনাৰ মগজুৰ বাবে ভাল নহয় কাৰণ হাইড্ৰজেনেটেড অইল আৰু ফ্ৰাইত প্ৰচুৰ পৰিমাণে ট্ৰেন্স ফেট পোৱা যায়, যাৰ ফলত এলঝেইমাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় আৰু স্মৃতিশক্তি হেৰুৱাৰ সমস্যা বৃদ্ধি পায় ৷

৩/ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত প্ৰভাৱ

ফ্ৰেঞ্চ ফ্ৰাইয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰত্যক্ষ প্ৰভাৱ পেলায় কাৰণ কেতিয়াবা এনে খাদ্যত থকা অস্বাস্থ্যকৰ বেক্টেৰিয়াই আপোনাৰ আন্ত্ৰিক মাইক্ৰ’বায়’মৰ ক্ষতি কৰে ৷ ইয়াৰ ফলত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা কমি যায় ৷

৪/ হৃদৰোগৰ আশংকা

সঘনাই French Fries খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই অত্যধিক ভাজি খাদ্যৰ ফলত ধমনী বন্ধ হৈ যায় যাৰ ফলত হাৰ্ট এটেক আৰু ‘ট্ৰিপল ভেছেল ডিজিজ’ৰ দৰে গুৰুতৰ ৰোগ হয় ৷

৫/ আপোনাৰ ওজন বৃদ্ধি পাব

আজিকালি ওজন বৃদ্ধি এটা সাধাৰণ সমস্যা, এনে পৰিস্থিতিত ফ্ৰেঞ্চ ফ্ৰাইৰ দৰে উচ্চ কেলৰিযুক্ত খাদ্যই কঁকাল বহল, পেট বৃদ্ধি আৰু সামগ্ৰিকভাৱে মেদবহুলতাৰ সৃষ্টি কৰিব ৷ যদি আপুনি এই সমস্যাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷

লগতে পঢ়ক: Eye Problems: আপোনাৰ চকুৰ জৰিয়তে জানিব পাৰিব ডায়েবেটিছ লক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.