আপুনিও শাৰী পিন্ধি ভাল পায় নেকি আৰু প্ৰতিটো অনুষ্ঠানৰ বাবে শাৰী আপোনাৰ প্ৰথম পচন্দ নেকি ? কিন্তু শাৰীখন যিমান ধুনীয়া তাৰ সমান্তৰালকৈ ষ্টাইলিছ ব্লাউজ আছেনে ? চাগে নাই কিন্তু বেছি চিন্তাৰ কাৰণ নাই, কাৰণ আজি আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান ডিজাইনৰ ব্লাউজৰ বিকল্প ৷ যি ব্লাউজ শাৰীৰ সৈতে পৰিধান কৰি আপুনি নিজকে এক নতুন লুক দিব পাৰে ৷ তলত দেখুওৱা বঙালী অভিনেত্ৰী মিমি চক্ৰৱৰ্তীৰ এই ডিজাইনৰ ব্লাউজসমূহ আপুনি আপোনাৰ শাৰীৰ সৈতে পৰিধান কৰিব পাৰে ৷
সম্পূৰ্ণ হাতৰ ব্লাউজ
বতৰৰ পৰিবৰ্তনৰ লগে লগে সম্পূৰ্ণ হাতৰ ব্লাউজ বাছি লোৱাটো এটা ভাল সিদ্ধান্ত ৷ যি কেৱল আৰামদায়ক হোৱাই নহয় আপোনাক এক সুন্দৰ লুকো প্ৰদান কৰিব ৷ সম্পূৰ্ণ হাত দীঘল আৰু গোল ডিঙিৰ ব্লাউজে আপোনাৰ শাৰীখনৰ সৈতে খুবেই ধুনীয়া দেখাব ৷
লেচ ৱৰ্ক ব্লাউজ
আপুনি হয়তো লেচ ৱৰ্ক কৰা শাৰী নিশ্চয় পৰিধান কৰিছে , কিন্তু এইবাৰ আপুনি লেচ ৱৰ্ক কৰা ব্লাউজ এবাৰ ট্ৰাই কৰি চাওক ইয়াৰ দ্বাৰা আপোনাক সম্পূৰ্ণ বেলেগ দেখা যাব৷ এই ধৰণৰ ব্লাউজৰ সৈতে আপোনাৰ শাৰীৰ লুকটো খুবেই ধুনীয়া হ’ব ৷ ইচ্ছা কৰিলে আপোনাৰ শাৰীত ব্লাউজৰ জৰীও যোগ কৰি ইয়াক ৰিচ লুক দিব পাৰে ৷
পিঠি খোলা, ফ্ৰিঞ্জ হাত থকা ব্লাউজ
শাৰীৰ লগত এনেকৈ ব্লাউজ পৰিধান কৰি আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰে৷ যদি আপোনাৰ পিঠিখন টোন হয়, তেন্তে এই ব্লাউজে নিশ্চিতভাৱে আপোনাৰ লুকক গ্লেমাৰাছ কৰি তুলিব ৷ সাধাৰণতে, এই ব্লাউজ আপুনি লেহেংগাৰ সৈতেও ব্যৱহাৰ কৰিব পাৰে ৷ যদি আপুনি হাত দীঘল কৰি আছে, তেন্তে এনে ফ্ৰিঞ্জ যোগ কৰিলে এটা বেলেগ লুক পাব ৷
শ্বিয়ৰ স্লীভ ব্লাউজ
হাতত হওক বা পিঠিতেই হওক শ্বিয়ৰ পেটাৰ্নে আপোনাৰ ব্লাউজটোক অতি ট্ৰেণ্ডি লুক দিব পাৰে ৷ যদি আপুনি সম্পূৰ্ণ হাত দীঘল ব্লাউজ আৰামদায়ক নহয়, তেন্তে আপুনি ৩/৪ হাতৰ এই আৰ্হিটো ট্ৰাই কৰিব পাৰে ৷ মাৰ্জিত ধৰণেৰে নিজৰ সৌন্দৰ্য দেখুৱাওক ৷
হেল্টৰ স্লীভ ব্লাউজ
ফটোত দেখুওৱাৰ দৰে এই ব্লাউজৰ ডিজাইনটোৱেই ককটেল পাৰ্টি বা ইভেণ্টত পিন্ধিবলৈ সৰ্বোত্তম বিকল্প ৷ আনকি এই ধৰণৰ ব্লাউজৰ লগত নেকেলেচ পৰিধান কৰাৰো প্ৰয়োজন নাই ৷ অলপ বেছি গ্লেমাৰ যোগ কৰিব বিচাৰিলে পিঠি খোলা ৰাখক ৷
লগতে পঢ়ক: Beauty tips for Durga Puja: দুৰ্গা পূজাত কিদৰে কৰিব ৰূপচৰ্চা ?