ETV Bharat / sukhibhava

Tips to avoid Dryness: চাবোন আৰু চেনিটাইজাৰে আপোনাৰ হাত শুকান কৰি পেলাইছে নেকি ? - dry hands due to excessive use of soap and sanitizers

ক’ৰণা মহামাৰীয়ে সমগ্ৰ বিশ্বকে ছানি ধৰাৰ লগে লগে সাংঘাতিক ধৰণে বৃদ্ধি পালে চাবোন আৰু চেনিটাইজাৰৰ ব্যৱহাৰ ৷ কিয়নো ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচি থকাৰ ইয়ে একমাত্ৰ উপায় হিচাপে বিবেচিত হৈছে ৷ ঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ এটা অংশ ৷ কিন্তু বেছিকৈ কেমিকেলযুক্ত চাবোন আৰু চেনিটাইজাৰৰ ব্যৱহাৰে হাত ৰুক্ষ আৰু শুকান কৰি তোলে ৷ (Tips to avoid Dryness) সেয়ে এনে ৰুক্ষতাৰ পৰা বাচিবলৈ কেইটামান উপায় আপোনালোকলৈ আগবঢ়ালো...

Tips to avoid Dryness
চাবোন আৰু চেনিটাইজাৰে আপোনাৰ হাত শুকান কৰি পেলাইছে নেকি?
author img

By

Published : Jan 29, 2022, 10:24 PM IST

শুষ্কতাৰ পৰা বাচি থাকিবলৈ কোমল আৰু সুবাস-মুক্ত চাবোন ব্যৱহাৰ কৰক ৷ হাত ধুবলৈ কুহুমীয়া পানী লওক ৷ গৰম পানীৰে হাত ধোৱাৰ পৰা বিৰত থাকক ৷ হাত ধোৱাৰ পিছত এখন শুকান টাৱেলেৰে হাতদুখন শুকুৱাওক ৷ টাৱেলেৰে ঘঁহি ঘঁহি গাত নুমুচিব ৷ ই ছালত ইৰিটেছন সৃষ্টি কৰিব পাৰে ৷ ধোৱা শেষ হোৱাৰ পিছত ক্ৰীম নতুবা লোচন সানক ৷ হাত ধোৱাৰ পিছত প্ৰতিবাৰেই এনেদৰে লোচন ব্যৱহাৰ কৰিবলৈ নাপাহৰিব (dry hands due to excessive use of soap and sanitizers) ৷

আমেৰিকান একাডেমী অফ ডাৰ্মাটোলজীৰ (এ.এ.ডি.) মতে, শুকান আৰু ফাটি যোৱা ছালে বেক্টেৰিয়া আৰু অন্যান্য বীজাণুবোৰ শৰীৰৰ ভিতৰলৈ সোমোৱাত সহজ কৰি তোলে । হাত ধোৱাৰ পিছত ময়েশ্চাৰাইজাৰৰ ব্য়ৱহাৰে ছালক শুষ্কতাৰ পৰা ৰক্ষা কৰে ৷

আপুনি ব্যৱহাৰ কৰিব পৰাকৈ বজাৰত বিভিন্ন ধৰণৰ ক্ৰীম, ময়শ্চাৰাইজাৰ আৰু লোচন উপলব্ধ ৷ অধিক তেল আধাৰিত লোচন ব্যৱহাৰ কৰিলে আপুনি অতি সোনকালে সুফল পাব । নিশা শুবলৈ যোৱাৰ পূৰ্বে আপোনাৰ হাতত অলপ বেছি পৰিমাণত ক্ৰীম লগাওক আৰু এই ময়শ্চাৰাইজাৰ হাতখনে সম্পূৰ্ণৰূপে পাবলৈ কপাহী হাতমোজা পৰিধান কৰক (skin care tips) ৷

শুকান ছালৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় (Tips to avoid Dryness)

এলোভেৰা:

ছালৰ যিকোনো সমস্যাৰ বাবে এলোভেৰা জেল উপযুক্ত ৷ লগতে ই সহজলভ্যও ৷ ই ছালক কোমল কৰি ৰাখে ৷ এলোভেৰা এণ্টিবেক্টেৰিয়েল আৰু এণ্টিইনফ্লেমেটৰী গুণাগুণেৰে গঠিত। ছালৰ শুষ্কতাৰ অনুভৱ হোৱা ছালৰ জ্বলা-পোৰা আৰু ৰঙা পৰাৰ বাবে এলোভেৰা জেলে সহায় কৰে । হাতক এলোভেৰা জেলে ময়শ্চাৰাইজ কৰি ৰাখে । বজাৰত উপলব্ধ এলোভেৰা জেলতকৈ অৱশ্যে ঘৰৰে সতেজ এলোভেৰা জেল অধিক লাভজনক। ঘৰতেই সহজে ইয়াক ৰোপণ কৰিব পাৰি ৷

পেট্ৰ'লিয়াম জেলী:

আন ক্ৰীম আৰু ময়েশ্চাৰাইজাৰৰ তুলনাত পেট্ৰ'লিয়াম জেলী সোনকালে এবজৰ্ব নহয়, কিন্তু ই আটাইতকৈ কাৰ্যকৰী । ছালৰ জ্বলা-পোৰা দূৰ কৰি ই ছালক ময়েশ্চাৰাইজ কৰি ৰাখে যিয়ে ছালক শুকান হোৱাৰ পৰা ৰক্ষা কৰে ৷

ময়েশ্চাৰাইজিং মাস্ক:

এলোভেৰা জেল, মৌ, নাৰিকল তেল আৰু হালধিৰ এটা মিশ্ৰণ তৈয়াৰ কৰি লওক ৷ এণ্টিমাইক্ৰোবাইল গুণাগুণযুক্ত হালধি বিভিন্ন বেমাৰৰ প্ৰতিষেধক ৷ মিশ্ৰণটো 15 মিনিটৰ বাবে আপোনাৰ হাতত প্ৰয়োগ কৰক আৰু তাৰ পিছত ইয়াক ধুই পেলাওক। ই আপোনাৰ খহতা হাতক কোমল কৰি ৰাখিব ।

নাৰিকল তেল:

এণ্টিবেক্টেৰিয়েল গুণেৰে পৰিপূৰ্ণ নাৰিকল তেলে দীঘলীয়া সময়ৰ বাবে ছালক ময়শ্চাৰাইজ কৰি ৰাখে ৷ ই সহজে ছালৰ ভিতৰলৈ প্ৰৱেশ কৰে ৷ শুষ্কতাৰ পৰা বাচিবলৈ আপুনি সূৰ্যমুখী ফুলৰ বীজৰ তেলও ব্যৱহাৰ কৰিব পাৰে ।

ঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰাতকৈ আপুনি চাবোন আৰু পানীৰে হাত ধোৱক ৷ ময়শ্চাৰাইজৰ থকা চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু ভাইৰাছৰ পৰা ৰক্ষা কৰাত ই সাধাৰণ চেনিটাইজাৰৰ দৰে কাৰ্যকৰী নহয় ৷ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে হাতক শুষ্কতাৰ পৰা বচাই ৰখাটো কেতিয়াবা বিৰক্তিকৰ হৈ পৰে ; কিন্তু মনত ৰাখিব বেমাৰৰ পৰা আৰোগ্য হোৱাতকৈ আগতীয়া প্ৰতিকাৰ লোৱাটো অধিক ফলপ্ৰসূ ৷

লগতে পঢ়ক: Tips to Cure dry cracked heels: ফটা গোৰোহাৰ যত্ন কিদৰে ল’ব জানো আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.