ETV Bharat / sukhibhava

ভোগালী বিহু উপলক্ষে ঘৰতে অতি সহজে প্ৰস্তুত কৰক তিল চিকেন

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 2:57 PM IST

মাংস খাই প্ৰায়ভাগ লোকেই ভাল পায় ৷ মাংসৰ ভিন্ন ধৰণৰ ব্যঞ্জন সকলোৱে খাই পাইছে ৷ আজি আমি লৈ আহিছো সহজে ঘৰত বনাব পৰা তিল চিকেনৰ ৰেচিপি ৷

Till chicken recipe
ভোগালী বিহু উপলক্ষে ঘৰতে অতি সহজে প্ৰস্তুত কৰক তিল চিকেনৰ এই সহজ ৰেচিপি
তিলৰ সৈতে কুকুৰা মাংসৰ সম্পূৰ্ণ ৰেচিপি

গুৱাহাটী, 13 জানুৱাৰী: চাওতে চাওতে পদুলিমুখ পালেহি হেপাঁহৰ ভোগালী বিহু ৷ ইয়াৰ লগে লগে পাকঘৰত ব্যস্ততা বাঢ়িছে গৃহিনীৰো ৷ কাইলৈ উৰুকা ৷ উৰুকা বুলি ক’লে লগে-ভাগে মিলি এসাঁজ নোখোৱালৈকে যেন ভোগালীৰ আনন্দ আধৰুৱা ৷ সেয়ে আপোনাৰ উৰুকাৰ মেন্যুৰ বাবে এটি অতি সোৱাদযুক্ত তথা জনপ্ৰিয় ব্যঞ্জন তিলৰ সৈতে কুকুৰা মাংসৰ সম্পূৰ্ণ ৰেচিপি আজি আপোনালোকৰ বাবে লৈ আহিছে জুলি বৰাই ৷ তেন্তে জানো আহক ইয়াৰ ৰেচিপি-

তিল চিকেনৰ বাবে আমাক প্ৰয়োজন হ’ব-

১) চিকেন

২) তিল

৩) পিয়াঁজ

৪) আদা

৫) নহৰু

৬) কেঁচা জলকীয়া

৭) জিৰা গুড়ি

৮)ইলাচী

৯) ডালচেনি

১০) শুকান জলকীয়া

১১) তেজপাত

১২) গৰম মছলা

১৩)হালধি গুড়ি

১৪)নিমখ

তৈয়াৰৰ পদ্ধতি

প্ৰথমে মাংসখিনি ভালদৰে ধুই ল'ব লাগিব ৷ তাৰ পাছত তিলখিনি(প্ৰয়োজন অনুসৰি) ভালদৰে ভাঁজি ল'ব লাগিব ৷ তিলখিনি ভালদৰে ভজা হোৱাৰ পাছত অকমান ঠাণ্ডা হবলৈ দিব ৷ ঠাণ্ডা হোৱাৰ পাছত তিলখিনিত অকমান পানী দি ভালদৰে গুড়ি কৰি ল'ব ৷

লগতে মাংসৰ মচলাৰ বাবে কেঁচা জলকীয়া, আদা, নহৰু, জিৰাগুড়ি, ইলাচী, ডালচেনিখিনি ভালদৰে গুড়ি কৰি ল'ব লাগিব ৷ ইয়াৰ পাছত এটা কেৰাহী গৰম হ'ব দি তাত জোখ মতে তেল দি, তেলখিনি গৰম হ'ব দিব লাগিব ৷ তেলখিনি গৰম হোৱাৰ পাছত তাত শুকান জলকীয়া, তেজপাত, ইলাচী, ডালচেনি দি ভালদৰে ভাজি ল'ব লাগিব ৷ ভালদৰে ভজা হোৱাৰ পাছত কাটি থোৱা পিয়াঁজখিনি দি পুনৰ ভালদৰে ভাঁজি ল'ব ৷ পিয়াঁজখিনি ৰঙচুৱা হোৱাৰ পাছত গুড়ি কৰি থোৱা মছলাখিনি দি তাতে সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি, চেনি দি তাত অকমান গৰম পানী দি ভালদৰে ভাঁজি ল'ব লাগিব ৷

মচলাখিনি ভজা হোৱাৰ পাছত গুড়ি কৰি থোৱা তিলখিনি দি ভালদৰে ভজা হোৱাৰ পাছত তাত মাংস খিনি দি ভালদৰে ভাজি , ৫ মিনিট মান সময়ৰ বাবে ঢাকনি খন দি থৈ দিব ৷ এনেদৰে অকমান সময় ৰাখি যেতিয়া মাংসখিনি সিজি যাব তাতে এচামুছ গৰম মছলা দি ভালদৰে লৰাই গেছটো বন্ধ কৰি দিব ৷

লগতে পঢ়ক: ঘৰতে অতি সহজে তৈয়াৰ কৰক মিছা মাছৰ মছলা গ্ৰেভী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.