ETV Bharat / sukhibhava

Onion Oil: চুলিৰ সৈতে জড়িত সমস্যাৰ সমাধান হৈছে পিঁয়াজৰ তেল; তৈয়াৰৰ পদ্ধতি জানি লওক

author img

By

Published : Aug 10, 2023, 1:20 PM IST

চুলি গজাৰ পৰা আৰম্ভ কৰি চুলি মজবুত কৰালৈকে সহায় কৰিব পিঁয়াজৰ তেলে, ঘৰতে এই তেল প্ৰস্তুত কৰাৰ পদ্ধতি জানি লওক...

how to make onion oil at home for hair growth
চুলিৰ সৈতে জড়িত সমস্যাৰ সমাধান হৈছে পিঁয়াজৰ তেল; তৈয়াৰৰ পদ্ধতি জানি লওক

খাদ্যত পিয়াঁজ বিভিন্ন ধৰণে অন্তৰ্ভুক্ত কৰা হয় । কিন্তু, পিঁয়াজৰ উপকাৰিতা কেৱল স্বাস্থ্যৰ মাজতে সীমাৱদ্ধ নহয় । পিঁয়াজৰ পৰা তেলো তৈয়াৰ কৰিব পাৰি, যিটো চুলিৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয় । চুলি দুৰ্বল হওক বা অত্যধিক পাতল হওক, পিঁয়াজৰ তেলে নিজৰ প্ৰভাৱ দেখুৱায় আৰু চুলি ডাঠ, ঘন আৰু মজবুত কৰাত ফলপ্ৰসূ । ই এক আয়ুৰ্বেদিক তেল যি এন্টিঅক্সিডেন্ট আৰু এনজাইমেৰে সমৃদ্ধ আৰু ইয়াক চুলিৰ বাবে যাদুকৰী তেল বুলিও জনা যায় । এই তেল চুলিত লগালে উফিৰ সমস্যা দূৰ হয়, চুলিৰ গুৰিত পুষ্টি প্ৰদান কৰা হয়, চুলিবোৰ গুৰিৰ পৰা পৰা মূৰলৈকে সুস্থ কৰি ৰাখে আৰু দ্ৰুতগতিত চুলি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে । পিঁয়াজৰ তেল কেনেকৈ তৈয়াৰ কৰা হয় আপুনিও জানি লওক ।

ঘৰতে পিঁয়াজৰ তেল কেনেকৈ তৈয়াৰ কৰিব

  • পিঁয়াজৰ তেল বনাবলৈ ২০০ মিলিলিটাৰ নাৰিকল তেল, আধা কটা পিঁয়াজ আৰু একাপ নৰসিংহ পাতৰ প্ৰয়োজন হ’ব । ইচ্ছা কৰিলে এই তেল নৰসিংহ পাত নোহোৱাকৈও বনাব পাৰে, কিন্তু নৰসিংহ পাত দিলে পিঁয়াজৰ তেলৰ প্ৰভাৱ বৃদ্ধি পায় ।
  • প্ৰথমে পিঁয়াজ কাটি ব্লেণ্ডাৰত ভৰাই পিহি লওক । তাত নৰসিংহ পাত দি পেষ্ট তৈয়াৰ কৰি লওক ।
  • জুইৰ ওপৰত কেৰাহী বা যিকোনো সৰু বাচন দি তাত নাৰিকল তেল দি গৰম হ’বলৈ দিয়ক ।
  • এই তেল কিছু সময় গৰম কৰাৰ পিছত ইয়াত পিঁয়াজ আৰু নৰসিংহ পাত গুৰি মিহলাই ভাজক ।
  • প্ৰায় ৫ৰ পৰা ১০ মিনিট মান এই তেলৰ সকলো বস্তু ভজা হোৱাৰ পিছত গেছ বন্ধ কৰি দিব ।

আপোনাৰ পিঁয়াজৰ তেল তৈয়াৰ হৈ গৈছে । এই তেল ঠাণ্ডা কৰি চেকি এটা সুকীয়া কাঁচৰ বটলত ৰাখক । দীৰ্ঘসময়লৈকে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে ৷ এই তেলেৰে প্ৰতিদিনে বা সপ্তাহত ২ৰ পৰা ৩ বাৰ মূৰৰ মালিচ কৰিব পাৰে । এই তেল কমেও এঘন্টাৰ পৰা ডেৰ ঘণ্টা লগাই থোৱাৰ পাচত মাইল্ড চেম্পুৰে মূৰটো ধুব লাগে ।

পিঁয়াজৰ তেল প্ৰয়োগ কৰাৰ সুবিধা

  • পিঁয়াজত থকা এনজাইমে চুলিৰ বৃদ্ধিত সহায় কৰে । এই তেল লগালেও নতুন চুলি গজিবলৈ আৰম্ভ কৰে ।
  • এই তেলে পাতল চুলি আৰু দুৰ্বল চুলি ভাঙি যোৱাৰ সমস্যাৰ পৰা সকাহ দিয়ে ।
  • নিয়মিতভাৱে পিঁয়াজৰ তেল ব্যৱহাৰ কৰিলে বগা চুলিৰ সমস্যা নহয় । এই তেলে চুলি ক’লা কৰি ৰাখে ।
  • মূৰৰ ছালত বেক্টেৰিয়াৰ সংক্ৰমণ আঁতৰাই ৰাখিবলৈও পিঁয়াজৰ তেল প্ৰয়োগ কৰিব পাৰে ।
  • পিঁয়াজৰ তেলৰ দ্বাৰা মূৰৰ ছালৰ পি এইচ লেভেলৰ ভাৰসাম্যতা বজাই ৰখাত সহায় হয় ।
  • এই তেলৰ প্ৰভাৱ প্ৰাকৃতিক কণ্ডিচনাৰৰ দৰে দেখা যায় আৰু চুলি কোমল হৈ থাকে ।
  • চুলিৰ টেক্সচাৰ উন্নত কৰিবলৈও পিঁয়াজৰ তেল প্ৰয়োগ কৰিব পাৰে ।

লগতে পঢ়ক: Plastic Surgery: বিশেষজ্ঞই প্লাষ্টিক চাৰ্জাৰীৰ সন্দৰ্ভত এনে কথা শ্বেয়াৰ কৰিছে, যাৰ বিষয়ে হয়তো আপুনি জ্ঞাত নহয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.