ETV Bharat / sukhibhava

High uric acid: এইবিধ পানীয়ে তেজৰ পৰা বাহিৰ কৰিব ইউৰিক এচিড; আজিয়েই খালী পেটত খাবলৈ আৰম্ভ কৰক - ইউৰিক এচিড কেনেকৈ নিৰাময় কৰিব পাৰি

ইউৰিক এচিড বৃদ্ধি হোৱাটো আজিৰ দিনত তেনেই এক সাধাৰণ সমস্যা । খাদ্যৰ পৰিৱৰ্তন, অতিৰিক্ত ওজন, সুৰাপান আৰু কিছুমান ঔষধে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তলত উল্লেখিত এই উপায় অৱলম্বন কৰিব পাৰে ৷

How to fenugreek and coriander seeds water helps to remove uric acid from the blood
এইবিধ পানীয়ে তেজৰ পৰা বাহিৰ কৰিব ইউৰিক এচিড; আজিয়েই খালী পেটত খাবলৈ আৰম্ভ কৰক
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:16 PM IST

ইউৰিক এচিড হৈছে শৰীৰৰ কোষবোৰ ভাঙি যোৱাৰ সময়ত সৃষ্টি হোৱা দূষিত পদাৰ্থ ৷ সাধাৰণতে ই তেজৰ পৰা বৃক্কৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায় ৷ কিন্তু কিছুমান ক্ষেত্ৰত শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বেছি হ’ব পাৰে, যাৰ ফলত হাইপাৰ ইউৰিচেমিয়া হ’ব পাৰে ৷

ইউৰিক এচিড বৃদ্ধি হোৱাটো আজিৰ দিনত এক সাধাৰণ সমস্যা ৷ খাদ্যৰ পৰিৱৰ্তন, অতিৰিক্ত ওজন, মদ্যপান আৰু কিছুমান ঔষধে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে ৷ সাধাৰণতে ইউৰিক এচিড তেজত দ্ৰৱীভূত হৈ বৃক্কে শৰীৰৰ পৰা ফিল্টাৰ কৰি উলিয়াই দিয়ে যদিও শৰীৰত ইউৰিক এচিডৰ মাত্ৰা অধিক হোৱাৰ বাবে বৃক্কই ইয়াক শৰীৰৰ পৰা আঁতৰাবলৈ অক্ষম হৈ পৰে ৷ ইয়াৰ বাবে ই হাড়ৰ মাজত স্ফটিকৰ ৰূপত জমা হয় ৷ সেয়ে এই প্ৰতিবেদনত আমি আপোনালোকক এটি আচৰিত পদ্ধতিৰ বিষয়ে ক'বলৈ ওলাইছো, যাৰ সহায়ত তেজৰ পৰা ইউৰিক এচিড শৰীৰৰ পৰা ওলাই অহাত সহায় কৰিব ৷

এই অলৌকিক পানী কি ?

মেথি আৰু ধনিয়া গুটিৰ পানী ইউৰিক এচিড কমোৱাৰ এক ফলপ্ৰসূ ঘৰুৱা ঔষধ ৷ ইয়াৰ বাবে এগিলাচ পানীত এচামুচ মেথি গুটি আৰু এচামুচ ধনিয়া গুটি দি ৰাতি তিয়াই থব ৷ এই পানী পুৱা চেকি লৈ খালী পেটত খাব লাগে ৷ এই পানীত থকা পুষ্টিকৰ পদাৰ্থই ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ৷ মেথি গুটিত থকা আঁহ আৰু এন্টিঅক্সিডেন্টে শৰীৰৰ পৰা ইউৰিক এচিড আঁতৰোৱাত সহায় কৰে ৷ ধনীয়া গুটিত থকা প্ৰদাহ নিবাৰণকাৰী গুণে গাঁঠিৰ ফুলা আৰু বিষ কমোৱাত সহায় কৰে ৷ এই পানী দৈনিক কেইসপ্তাহমানৰ বাবে সেৱন কৰিলে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস পোৱা দেখা যায় ৷

খালী পেটত মেথি ধনিয়া গুটি মিহলোৱা পানী সেৱনৰ উপকাৰিতা

  • কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে ৷ মেথি আৰু ধনিয়া গুটিত থকা আঁহে হজম শক্তি উন্নত কৰাৰ লগতে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে ৷
  • ওজন কমাবলৈ সহায় কৰে ৷ মেথি আৰু ধনিয়া গুটিত থকা আঁহে ভোক কমোৱাত সহায় কৰে, যিয়ে ওজন কমাবলৈ সহায় কৰিব পাৰে ৷
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ মেথি আৰু ধনিয়া গুটিত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷
  • ছালখন সুস্থ কৰি ৰাখে ৷ মেথি আৰু ধনিয়া গুটিত থকা এন্টিঅক্সিডেন্টে ছালখনক ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷

লগতে পঢ়ক: Arthritis: আপোনাৰ এইসমূহ ভুল অভ্যাসৰ ফলত হ’ব পাৰে আৰ্থ্ৰাইটিছ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.