ETV Bharat / sukhibhava

Health Benefits of Raw Turmeric: কেঁচা হালধি স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? জানক কেঁচা হালধিৰ গুণসমূহৰ বিষয়ে

author img

By

Published : Aug 17, 2023, 3:30 PM IST

হালধি স্বাস্থ্যৰ বাবে অতি উপকাৰী উপাদান । হালধিয়ে বহু ৰোগ নিৰাময় কৰাত সহায় কৰে । দৈনিক ৰাতিপুৱা খালি পেটত কেঁচা হালধিৰ ৰস খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয় । হালধিৰ গুণাগুণ সম্পৰ্কে জনালে এছ কে এম আয়ুৰ্বেদিক ইনষ্টিটিউটৰ পৰিচালক ইলা বেজবৰুৱাই ।

Health Benefits of Turmeric
কেঁচা হালধিৰ স্বাস্থ্য উপকাৰিতা
কেঁচা হালধিৰ স্বাস্থ্য উপকাৰিতা

হালধিক আয়ুবের্দ শাস্ত্ৰত ৰক্ত শোধক, পাচনতন্ত্ৰৰ বাবে উপকাৰী হিচাপে ব্যৱহাৰ কৰা হয় । হালধিত বিভিন্ন ধৰণৰ উপাদান যেনে আইৰণ, কেলছিয়াম, পটেছিয়াম, ক'পাৰ, ভিটামিন- A, B, C, D,ফাইবাৰ, মেংগানিজ, কাৰকুমিন আদি পোৱা যায় ।

হালধিৰ উপকাৰিতাসমূহ

১) হালধিৰ ৰসে তেজ পৰিষ্কাৰ কৰাৰ লগতেই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।

২) হালধিৰ ৰসে মানুহৰ শৰীৰত এণ্টিবায়টিক হিচাপে কাম কৰে ।

৩) মানুহৰ শৰীৰৰ যিকোনো ৰক্তজনিত ৰোগত হালধিৰ ৰসে ৰক্তশোধক হিচাপে কাম কৰে ।

৪) যকৃত ৰোগ নিৰাময় কৰাতো হালধিয়ে সহায় কৰে । ৰাতিপুৱা আৰু আবেলি কেঁচা হালধীৰ ৰস দুচামুচ আৰু গুৰি হলে দুচামুচৰ আধা খাব লাগে । এনেদৰে দৈনিক খালে যকৃতৰোগৰ পৰা বহু পৰিমাণে উপশম পাব পাৰি ।

৫) হালধিক ৰন্ধন মছলা হিচাপেও ব্যৱহাৰ কৰা হয় । হালধিৰ গুণে তেলৰ স্নেহ পদাৰ্থৰ লগতেই শাক-পাচলিৰ অন্যান্য যি ৰাসায়নিক পদাৰ্থ হালধিয়ে সেয়া শোধন কৰে ।

৬) হালধিয়ে ছালৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে । কেঁচা হালধি ৰস খালে বা মিশ্ৰণ লগালে ছালৰ উজ্জ্বলতা আহে । একে সময়তে শালমইনা আৰু দাগৰ দাগ আঁতৰোৱাতো সহায় কৰে ।

৭) চৰ্দি, কফ আদি নিৰাময়ত হালধিয়ে বহু পৰিমাণে সহায় কৰে । হালধি গাখীৰত উতলাই গুড়ৰ সৈতে খালে বহু পৰিমানে উপশম পোৱা যায় ।

৮) কেঁচা হালধিৰ বহু পৰিমাণে কৰ্কট প্ৰতিৰোধী ক্ষমতা আছে । কেঁচা হালধিৰ ৰস সেৱন কৰিলে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হয় ।

৯) শিশুসকলৰ কৃমি ৰোগ নিৰাময়তো হালধিয়ে সহায় কৰে ।

লগতে পঢ়ক: Gastritis: আপোনাৰো আছে নেকি গেছট্ৰিকৰ সমস্যা ? তেন্তে কামত আহিব এই ঘৰুৱা উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.