ETV Bharat / sukhibhava

Hair care: ঘৰুৱাভাৱে কেনেদৰে চুলিৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰি ?

author img

By

Published : Aug 10, 2023, 6:09 PM IST

বৰ্তমান সময়ছোৱাত বহুলোক চুলিৰ সমস্যা বিভিন্ন সমস্যাত ভোগা দেখা যায় । ইয়াৰে ভিতৰত চুলি সৰা, উফি,চুলি ফটা আদিয়ে হৈছে এটা ডাঙৰ সমস্যা । এই সমস্যাৰ পৰা কেনেদৰে পৰিত্ৰাণ লাভ কৰিব পাৰিব জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ।

Hair care
ঘৰুৱাভাৱে কেনেদৰে চুলিৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰি ?

গৰমৰ সময়ছোৱাত প্ৰায় ভাগ লোকৰে চুলি সৰা সমস্যা, উফিৰ সমস্যাত ভোগা দেখা যায় । এই দিনকেইটা চুলিৰ যতন লোৱাটো অতি গুৰুত্বপূৰ্ণ । ধূলি, বালি বাবে চুলিৰ গুৰি সোনকালে লেতেৰা হয় । ইয়াৰোপৰি গৰমৰ বাবে শৰীৰৰ পৰা ওলোৱা ঘামৰ নিমখ আৰু তেল চুলিৰ গুৰিত জমা হয় । সেয়েহে এই সময়ছোৱাত চুলি সৰাকে ধৰি , উফি আদিৰ সমস্যা সৃষ্টি হোৱা দেখা যায় ।

দৈনিক চুলিৰ যতন কেনেদৰে ল'ব লাগে

১) চুলি সৰা বা উফি আদিৰ সমূহৰ পৰা হাত সাৰিবলৈ চুলি খিনি সদায় পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয় ।

২) নিয়মিতভাৱে এটা কোমল চেম্পুৰে চুলিখিনি চেম্পু কৰিব লাগে । চুলিকোচাৰ ধৰণ অনুসৰি সদায় চেম্পু ব্যৱহাৰৰ কৰিব পাৰি ।

৩) বহু লোকে চুলি ধোঁৱাৰ পিছতেই চুলি খিনি বান্ধি দিয়ে । এনে কৰাৰ ফলত চুলি সোনকালে নষ্ট হয় । চুলি সদায় শুকুৱাৰ পিছতহে বান্ধিব লাগে ।

ঘৰুৱাভাৱে কেনেদৰে চুলিৰ যতন ল'ব ?

ঘৰুৱা কিছু পদ্ধতি ব্যৱহাৰ কৰিও আপোনাৰ চুলি কোছা সুন্দৰকৈ ৰখাৰ উপৰিও চুলিৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰি । যদিহে আপোনাৰ অতিপাত চুলি সৰিব লৈছে তেন্তে আপুনি ঘৰুৱা কিছু উপায়েৰে চুলি সৰা বন্ধ কৰিব পাৰিব । ইয়াৰ বাবে লাগিব চাৰি চামুচ মান নাৰিকলৰ তেল, ২পাহ মান জবা ফুল, ৪ চামুচ মান আমলখিৰ গুৰি আৰু শিলিখাৰ গুৰিৰ লগতে অকমন মেথি গুৰি । এই সামগ্রীখিনি তেলৰ লগত ভালদৰে উতলাই ল'ব লাগিব । মিশ্ৰণটো ঠাণ্ডা হোৱাৰ পিছত চুলিৰ গুৰি লগাব লাগে । এনেদৰে এঘণ্টা ৰখাৰ পিছত চেম্পু কৰি চুলি খিনি ধুই দিব লাগে । প্ৰতি সপ্তাহত এবাৰকৈ এনেদৰে লগালে চুলি সৰা বা উফিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ।

লগতে পঢ়ক: Bamboo shoot Benefits: ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাৰ পৰা বিভিন্ন ৰোগ নিৰাময়লৈকে উপকাৰী বাঁহগাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.