সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ এই সময়চোৱাত গাঁৱে-ভূঞে, চহৰে-নগৰে প্ৰতিঘৰৰ পদূলিত চাকি জ্বলাই পোহৰৰ উৎসৱ উদযাপন কৰিব প্ৰতিগৰাকী হিন্দুধর্মী লোকে ৷ লগতেই চৌদিশে ফটকা ফুটিব,হ’ব আতচবাজী ৷ এই আতচবাজীৰ বাবে দীপাৱলীৰ আনন্দৰ মাজতে অনেকজন অগ্নিদগ্ধ হোৱা দেখা যায় ৷ জুয়ে পোৰা দুৰ্ঘটনাসমূহৰ ভিতৰত প্ৰায় ১০ শতাংশ দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা ৷ তদুপৰি দীপাৱলীৰ সময়ত ফুটোৱা ফটকাৰ ফলত বায়ুমণ্ডল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ হোৱাও দেখা যায় ৷
জুয়ে পোৰাটো এটা অতি ভয়াৱহ ঘটনা ৷ দীপাৱলীৰ সময়চোৱাত ফুটোৱা আঁতচবাজীৰ বাবে বহুলোকৰ হাত, মুখ আদিত পোৰা দেখা যায় ৷ আনহাতে বহুলোকে দৃষ্টিশক্তিও হেৰুৱাবলগীয়া হয় ৷ দীপাৱলীৰ সময়চোৱাত হোৱা দুৰ্ঘটনাৰ বলি হোৱা সৰহভাগেই যুৱক-যুৱতী বা শিশু ৷
ইফালে জুয়েপোৰা ঘাঁহবোৰ শুকাওতে বহু সময় লাগে, তদুপৰি যদিহে দকৈ পুৰে তেন্তে সেই ঘাঁহ শুকুৱাৰ পিছত শৰীৰৰ ছাল বেঁকা বা সংকুচিত হৈ পৰে ৷ যাৰ ফলত বহুলোকে চিৰজীৱনৰ বাবে পংগু হৈ পৰাও দেখা যায় ৷
দীপাৱলীৰ সময়চোৱাত কেতিয়াও কণ কণ শিশু সকলক অকলে ফটকা ফুটাব দিব নালাগে ৷ দীপাৱলীৰ সময়ত হোৱা শতকৰা ৭০ শতাংশ দুৰ্ঘটনা 'কলগছ ফুলজাৰীৰ' বাবে হোৱা দেখা যায় ৷ সেয়ে 'কলগছ ফুলজাৰী' কেতিয়াও হাতেৰে ফুটাব নালাগে ৷
দীপাৱলীৰ সময়চোৱাত জুয়ে পুৰিলে তাৎক্ষণিকভাৱে কি কৰিব ?
জুয়ে পুৰিলে লগে লগে পোৰা অংশত পানী ঢালিব লাগে ৷ যেতিয়ালৈ পোৰণিৰ উপশম নহয় তেতিয়ালৈ পানী ঢালি থাকিব লাগে ৷ পানী ঢালিবলৈ অসুবিধা হ’লে তিতা কাপোৰ এখন লগাই থব লাগে ৷ লগতে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷
জুয়ে পোৰা ঘাঁৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ লগাব নালাগে ৷ বহুতে জুয়ে পুৰিলে টুথপেষ্ট, ঘী, মাখন, কণী পিটিকি দিয়াও দেখা যায়, এইবোৰ কেতিয়াও কৰিব নালাগে ৷ আনকি এন্টিবায়'টিক মলমো লগাব নালাগে ৷
দীপাৱলীৰ সময়চোৱাত বায়ু প্ৰদূষণৰ পৰা হোৱা ৰোগ
দীপাৱলীৰ সময়চোৱাত ফটকা আৰু আতচবাজীৰ বাবে বায়ু প্ৰদূষণ হোৱাও দেখা যায় ৷ দীপাৱলীৰ ফটকাৰ উচ্চ শব্দ, অতিমাত্ৰা ধোঁৱা, পোহৰ আৰু ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি পৰিৱেশৰ ভাৰসাম্যতা ধ্বংস কৰে ৷ ফটকাত মিহলি হৈ থকা ৰাসায়নিক দ্ৰব্যৰ ফলত হাওফাঁওত ক্ষতি হোৱাই নহয় লগতে তেজেৰে সোমাই গৈ শৰীৰৰ অন্য অংগ সমূহতো ক্ষতি কৰিব পাৰে ৷ লগতে ই কৰ্কট ৰোগৰো কাৰণ হ'ব পাৰে ৷
ইয়াৰোপৰি শব্দ প্ৰদূষণৰ ফলত ব্যক্তিৰ শ্ৰৱণ শক্তিত ব্যাঘাত জন্মে ৷ আনকি অতিমাত্ৰা শব্দই কাণৰ পৰ্দা ফটাৰ ফলত এগৰাকী ব্যক্তি চিৰদিনৰ বাবে নিজৰ শ্ৰৱণ শক্তিও হেৰুৱাব পাৰে ৷
লগতে পঢ়ক: Reheating Food: ভুলতো পুনৰ গৰম কৰি নাখাব এই ৫বিধ খাদ্য