ETV Bharat / sukhibhava

Cardiac Surgery: হৃদৰোগক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? জ্যেষ্ঠ হৃদশৈল্য বিশেষজ্ঞ ডাঃ জ্যোতিপ্ৰসাদ কলিতাৰ পৰা জানি লওক

অ'পেন হাৰ্ট চাৰ্জাৰী কি? শেহতীয়াভাৱে অত্যধিক ভাৱে বৃদ্ধি পোৱা হৃদৰোগৰ প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি ৷ এই সম্পৰ্কে জনালে জ্যেষ্ঠ হৃদশৈল্য বিশেষজ্ঞ ডাঃ জ্যোতিপ্ৰসাদ কলিতাই ৷

Cardiac surgery
হৃদৰোগক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? জ্যেষ্ঠ হৃদশৈল্য বিশেষজ্ঞ ডাঃ জ্যোতিপ্ৰসাদ কলিতাৰ পৰা জানি লওক
author img

By

Published : Aug 21, 2023, 5:05 PM IST

হৃদৰোগক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? জ্যেষ্ঠ হৃদশৈল্য বিশেষজ্ঞ ডাঃ জ্যোতিপ্ৰসাদ কলিতাৰ পৰা জানি লওক

আধুনিক জীৱন- যাপনৰ লগে লগে হৃদৰোগত আক্রান্ত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই(WHO) শেহতীয়াভাৱে যি কেইটা ৰোগক মহামাৰী হিচাপে গণ্য কৰিছে সেইকেইটাৰ ভিতৰত অন্যতম হৈছে হৃদৰোগ ৷ জীৱনশৈলীৰ লগতে ডায়বেটিছত আক্রান্ত ৰোগীৰ সংখ্যা যিমানেই বৃদ্ধি পাইছে সিমানেই হৃদৰোগত আক্রান্তৰ সংখ্যা বাঢ়িছে ৷ লাহে লাহে ভাৰতবৰ্ষ হৃদৰোগৰ ৰাজধানী হোৱাৰ দিছে অগ্ৰসৰ হৈছে ৷

হৃদৰোগৰ ভিতৰত অন্যতম হৈছে হাৰ্ট এটেক ৷ যেতিয়া ৰোগী গৰাকী চিকিৎসাকৰ ওচৰলৈ আহে তেতিয়া প্ৰথমতে তেওঁৰ শৰীৰিক অৱস্থাৰ বিষয়ে পৰীক্ষা-নিৰীক্ষা কৰি সেয়া ঔষধৰ দ্বাৰা উপশম লাভ কৰিব নে অস্ত্ৰোপচাৰ কৰিব লাগে সেইটো নিৰ্ধাৰণ কৰা হয় ৷ তেজৰ সিৰাৰ ব্লকৰ বাবে সেয়া পৰীক্ষা কৰি অৰ্থাৎ ECG কৰি নিৰ্ণয় কৰিব পাৰি ৷

এনেহলে ৰোগীৰ এঞ্জিঅ'গ্ৰাফী কৰিব লাগে ৷ এঞ্জিঅ'গ্ৰাফী কৰাৰ পিছত জানিব পাৰি সিৰাৰ কোন অংশত ব্লক হৈছে আৰু কিমান শতাংশ ব্লক হৈছে ৷ কেইডাল সিৰা ব্লক হৈছে সেইবিষয়েও জানিব পাৰি ৷ এই ক্ষেত্ৰত কিছুমানৰোগীক এঞ্জিঅ'প্লাষ্টিৰ বাবে পৰামৰ্শ দিয়া হয় আৰু কিছুৰোগীক অ'পেন হাৰ্ট ছাৰ্জাৰী কৰিবলৈ উপদেশ দিয়া হয় ৷

বাইপাছ ছাৰ্জাৰী কেতিয়া কৰা হয় ?

অপেন হাৰ্ট ছাৰ্জাৰীত নেচাৰেল বাইপাছ কৰা হয় ৷ দীৰ্ঘসময়ৰ বাবে এনে অস্ত্ৰোপচাৰ ফলদায়ক ৷ যদিহে সিৰা বেছিকৈ ব্লক হৈছে, ৰোগীগৰাকী ডায়বেটিছ আক্রান্ত আৰু কম বয়সীয়া হ'লে সাধাৰণতে এনেধৰণৰ অস্ত্ৰোপচাৰৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয় ৷ এই ছাৰ্জাৰীৰ প্ৰথমতে কেইদিনমান কষ্ট হয় যদিও ভৱিষ্যতে ভাল ফলাফলৰ আশা কৰিব পাৰি ৷ বয়সীয়াল আৰু শিশুসকলৰ ক্ষেত্ৰত এনে অস্ত্ৰোপচাৰ পদ্ধতি ভিন্ন হয় ৷ পৰম্পৰাগত পদ্ধতি বা ক্লাছিকেল ছিষ্টেম আৰু ক্ষুদ্ৰ ফুটা কৰিও অ'পেন হাৰ্ট ছাৰ্জাৰী কৰা হয় ৷

মিনিমেল ইনভেছিভ ছাৰ্জাৰী কি ?

মিনিমেল ইনভেছিভ ছাৰ্জাৰীক ক্ষুদ্র ফুটা কৰি কৰা অস্ত্ৰোপচাৰৰ সুবিধা বেছি ৷ কম সময়ৰ বাবে হাস্পাতালত থাকিব লাগে ৷ দ্ৰুতগতিত আৰোগ্য লাভ কৰে ৷ অস্ত্ৰোপচাৰৰ সময়ত আৰু অস্ত্ৰোপচাৰৰ পিছত কম বিষ অনুভৱ হয় ৷

ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়সমূহ

১) এনে ৰোগৰ পৰা হাত সাৰিবলৈ জীৱন শৈলীৰ পৰিবৰ্তন কৰিব লাগিব ৷

২) নিয়মীয়াকৈ ব্যায়ম কৰিব লাগে ৷

৩) নিতৌ কমেও ৪৫ মিনিট সময় বেগাই খোজ কঢ়া উচিত ৷

৪) ধূমপান, মদ্যপানৰ অভ্যাস ত্যাগ কৰিব লাগিব ৷

৫) সুষম আহাৰ গ্ৰহণ কৰিব লাগে ৷

৬) ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে ৷

৭) ডায়বেটিছত নিয়ন্ত্ৰণ কৰিলেও এনে ৰোগৰ আশংকা নাথাকে ৷

৮) শৃংখলিত জীৱন যাপন কৰিব লাগে ৷

৯) অত্যাধিক ক'লেষ্টেৰলযুক্ত খাদ্য খাব নালাগে ৷

১০) নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক: Grapes Benefits: কেৱল আঙুৰে এই ৫টা ৰোগৰ পৰা সকাহ দিয়ে, আপুনিও খাবলৈ আৰম্ভ কৰক এই ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.