ETV Bharat / sukhibhava

Asthma attacks in children: বায়ু প্ৰদূষণে বৃদ্ধি কৰিব পাৰে নেকি শিশুৰ হাঁপানি বেমাৰ?

বায়ু প্ৰদূষণে বৃদ্ধি কৰিব পাৰে নেকি শিশুৰ হাঁপানি বেমাৰ ? এই সন্দৰ্ভত কি ক’লে লেন্সেট প্লেনেটাৰী হেল্থ নামৰ আলোচনীখনে (Asthma attacks in children) ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

author img

By

Published : Mar 5, 2023, 9:33 PM IST

High levels of pollutants in the air may increase the risk of asthma attacks in children: Research
শিশুৰ হাঁপানি বেমাৰ

শেহতীয়াকৈ লেন্সেট প্লেনেটাৰী হেল্থ নামৰ আলোচনীখনত প্ৰকাশিত এক তথ্য মতে, দিনক দিনে বৃদ্ধি পোৱা অত্যাধিক বায়ু প্ৰদূষণে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছে শিশুসকলক ৷ বিশেষকৈ হাঁপানি বেমাৰৰ সৈতে যুঁজিবলৈ শিশুসকলক অধিক দুৰ্বল কৰি তোলে বায়ু প্ৰদূষণে (Asthma attacks in children) । লেন্সেট প্লেনেটাৰী হেল্থৰ অধ্যয়নত ভাইৰাছ আৰু নন-ভাইৰেল কাৰণত হাঁপানিৰ আক্ৰমণ বৃদ্ধি কৰাত বায়ুত উপস্থিত প্ৰদূষকৰ ভূমিকা সম্পৰ্কে গৱেষণা কৰা হৈছিল।

বায়ুত প্ৰদূষক পদাৰ্থৰ উচ্চ মাত্ৰাই শিশুসকলৰ হাঁপানি বেমাৰ বৃদ্ধি কৰিব পাৰে: গৱেষণা

চহৰ অঞ্চলৰ বায়ুত অত্যাধিক মাত্ৰাত প্ৰদূষণ থকাৰ বাবে শিশুসকলক হাঁপানি বা অন্যান্য বেমাৰে সহজতে আক্ৰমণ কৰিব পাৰে (High levels of pollutants) ৷ তাৎপৰ্যপূৰ্ণভাৱে, বেছিভাগ ভাইৰাছজনিত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণক হাঁপানিৰ বাবে দায়ী বুলি গণ্য কৰা হয়।

কিন্তু শেহতীয়াকৈ কৰা এক গৱেষণাৰ পৰা দেখা গৈছে যে চহৰ অঞ্চলৰ বতাহত থকা প্ৰদূষণ বিশেষকৈ অ’জন আৰু অন্যান্য মিহি কণিকাৰ দৰে নন-ভাইৰাছে শিশুৰ ক্ষেত্ৰত হাঁপানিৰ বেমাৰ বৃদ্ধি কৰিছে । এই অধ্যয়নত বায়ু প্ৰদূষণ আৰু সৰ্বকাৰণ হাঁপানিৰ আক্ৰমণৰ মাজৰ সম্পৰ্ক সযতনে বিশ্লেষণ কৰা হৈছে (Asthma attacks in children) ।

লেন্সেট প্লেনেটাৰী হেল্থ জাৰ্নেলত প্ৰকাশিত এই গৱেষণাৰ পৰা অনুমান কৰা হৈছে যে বায়ুত বিশেষকৈ অ’জন আৰু অন্যান্য কণাজাতীয় পদাৰ্থৰ উচ্চ প্ৰদূষণৰ মাত্ৰাই হাঁপানিৰ আক্ৰমণৰ সূচনা কৰিব পাৰে আৰু বিশেষকৈ চহৰ অঞ্চলত বাস কৰা শিশুৰ হাওঁফাওঁৰ কাম-কাজত ব্যাঘাত জন্মাব পাৰে । গৱেষণাত বিশেষভাৱে অধ্যয়ন কৰা হৈছিল যে কেনেকৈ উচ্চ প্ৰদূষণৰ মাত্ৰাই চহৰ অঞ্চলত বসবাস কৰা শিশুসকলৰ হাঁপানিৰ আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে (Pollutants in air may increase asthma attacks) ।

প্ৰদূষক পদাৰ্থই হাঁপানিৰ আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে

গৱেষণাৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰি অধ্যয়নটোৰ অন্যতম গৱেষক শিশু চিকিৎসাৰ অধ্যাপক তথা নিউয়ৰ্ক মেডিকেল কলেজৰ পালমোন’লজী বিভাগৰ মুৰব্বী ডাঃ এলান ডজাৰে মেডিকেল নিউজ টুডেক কয় যে, “ভাইৰাছৰ সংক্ৰমণ শিশুৰ ক্ষেত্ৰত অতি সাধাৰণ আৰু ইয়াৰ সৈতে জড়িত । শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ (URI) বা চৰ্দিৰ বাবেই অধিক আক্ৰমণাত্মক গৈ পৰে হাঁপানি ৷"

তেওঁ লগতে কয় যে সাধাৰণতে শীতকালত ভাইৰাছৰ সংক্ৰমণ আৰু হাঁপানিৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পায় । কিন্তু বিশেষকৈ বায়ু প্ৰদূষণৰ মাত্ৰা অধিক হোৱা অঞ্চলত এই ঋতুত হাঁপানিৰ আক্ৰমণ অধিক দেখা যায় ।

এই অধ্যয়নত গৱেষকসকলে প্ৰথমে আমেৰিকাৰ কিছুমান বিশেষ চহৰ অঞ্চলত বাস কৰা শিশু আৰু কিশোৰ-কিশোৰীৰ হাঁপানিৰ তীব্ৰতা আৰু তেওঁলোকৰ চহৰত বায়ু প্ৰদূষকৰ মাত্ৰাৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিছিল । ইয়াৰ উপৰিও তেওঁলোকে কিছুমান পুৰণি পৰ্যবেক্ষণমূলক অধ্যয়নৰ তথ্য আৰু অংশগ্ৰহণকাৰীসকলৰ জিন প্ৰকাশৰ প্ৰফাইলও বিশ্লেষণ কৰিছিল । যাতে ভাইৰাছ আৰু নন-ভাইৰেল হাঁপানিৰ তীব্ৰতা বৃদ্ধিৰ অন্তৰ্নিহিত আণৱিক ব্যৱস্থা আৰু আণৱিক ভিত্তি বুজিব পৰা যায় ।

এই অধ্যয়নৰ বাবে লেখকসকলে MUPPITS1 অংশগ্ৰহণকাৰী আৰু তেওঁলোকৰ তথ্য ব্যৱহাৰ কৰিছিল । তাৎপৰ্যপূৰ্ণভাৱে, MUPPITS1 ত ৬ৰ পৰা ১৭ বছৰ বয়সৰ ২০৮টা শিশুৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছিল যিসকলৰ হাঁপানি বেমাৰ আছিল ৷ যিসকলে আমেৰিকাৰ ৯ খন চহৰৰ কম আয়ৰ চুবুৰীত বাস কৰিছিল । এই অধ্যয়নত অংশগ্ৰহণ কৰা সকলৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লক্ষণ আৰম্ভ হোৱাৰ সময়ৰ পৰা হাওঁফাওঁৰ কাৰ্য আৰু নাকৰ নমুনাৰ তথ্য সংগ্ৰহ কৰি অনুসন্ধান কৰা হৈছিল।

নাকৰ নমুনাৰ সহায়ত গৱেষকসকলে শ্বাস-প্ৰশ্বাসজনিত ৰোগ ভাইৰাছজনিত সংক্ৰমণৰ ফলত হৈছে নে নন-ভাইৰেল কাৰকৰ বাবে হৈছে সেইটোও নিৰ্ণয় কৰিছিল । এই গৱেষণাত অংশগ্ৰহণকাৰীসকলক সংক্ৰমণৰ সময়ত হাঁপানী হৈছিল নে নাই তাৰ ভিত্তিতো শ্ৰেণীভুক্ত কৰা হৈছিল ।

ইয়াৰ উপৰিও গৱেষকসকলে পৰিৱেশ সুৰক্ষা সংস্থাই সংগ্ৰহ কৰা বায়ুৰ গুণাগুণ সূচকাংক আৰু ব্যক্তিগত প্ৰদূষকৰ ঘনত্বৰ তথ্যও ব্যৱহাৰ কৰি অধ্যয়নত অংশগ্ৰহণকাৰীসকলৰ ভৌগোলিক অঞ্চলত প্ৰদূষণৰ পৰিমাণ পৰীক্ষা কৰিছিল ।

MUPPITS1 ৰ উপৰিও এই গৱেষণাত আমেৰিকাৰ আঠখন ডাঙৰ চহৰৰ কম আয়ৰ পৰিয়ালত বাস কৰা ৬ৰ পৰা ২০ বছৰ বয়সৰ ৪১৯ গৰাকী ব্যক্তিৰ ওপৰত কৰা আন এক অধ্যয়নৰ তথ্যও ব্যৱহাৰ কৰা হৈছিল ।

উপসংহাৰ

অধ্যয়ন MUPPITS1 ত অংশগ্ৰহণকাৰীসকলৰ তথ্যৰ ভিত্তিত দেখা গৈছে যে, ভাইৰাছজনিত হাঁপানীৰ তীব্ৰতা বৃদ্ধি হোৱা অংশগ্ৰহণকাৰীসকলৰ লক্ষণ আৰম্ভ হোৱাৰ আগতে আৰু ৯ দিনৰ পিছত বায়ুৰ গুণাগুণ সূচকাংকৰ মান ভাইৰাছৰ হাঁপানীৰ তীব্ৰতা বৃদ্ধি হোৱাসকলতকৈ বেছি আছিল । ইয়াৰ উপৰিও নন-ভাইৰেল হাঁপানীৰ তীব্ৰতা থকা অংশগ্ৰহণকাৰীসকলৰ হাওঁফাওঁৰ কাৰ্যৰ সৈতে বায়ুৰ গুণাগুণ সূচকাংকৰ মান ঋণাত্মকভাৱে সম্পৰ্কিত আছিল ।

গৱেষণাত হাঁপানীৰ ভাইৰাছ আৰু নন-ভাইৰেল দুয়োটা কাৰণতে জিন প্ৰকাশ পোৱা গৈছিল

আন এটা অধ্যয়নত বায়ুৰ গুণাগুণ সূচকাংক আৰু নন-ভাইৰেল হাঁপানীৰ প্ৰাদুৰ্ভাৱৰ মাজত একেধৰণৰ সম্পৰ্ক দেখা গৈছিল । এই দুয়োটা অধ্যয়নৰ তথ্যই প্ৰকাশ কৰিছে যে নন-ভাইৰেল হাঁপানীৰ আক্ৰমণত আক্ৰান্ত শিশুৰ আৱাসিক অঞ্চলত অ’জন আৰু মিহি কণাযুক্ত পদাৰ্থ (PM2.5)ৰ ঘনত্ব বেছি।

এই গৱেষণাত গৱেষকসকলে লগতে কৈছে যে এই বিষয়টোৰ ওপৰত অধিক আৰু অধিক গভীৰ অনুসন্ধানৰ প্ৰয়োজন আছে । যিহেতু এই অধ্যয়নত বিষয়ৰ সংখ্যা কম আছিল আৰু মনিটৰৰ পৰা বায়ু প্ৰদূষণৰ সৈতে জড়িত তথ্য ব্যৱহাৰ কৰা হৈছিল । গতিকে পৰৱৰ্তী অধ্যয়নত অধিক সঠিক আৰু স্পষ্ট তথ্যৰ বাবে অধিক তথ্য আৰু স্থানীয় বায়ু প্ৰদূষণৰ উন্নত ৰিজ’লিউচনৰ সৈতে এই বিষয়টোৰ ওপৰত অধিক অধ্যয়ন কৰা উচিত ।

লগতে পঢ়ক: World Obesity Day 2023: স্বাস্থ্যৰ ক্ষেত্ৰত এইসমূহ বহু বিপদ মাতিব পাৰে মেদবহুলতাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.