মানুহে খোৱা খাদ্যবস্তু পাকস্থলীত আংশিকভৱে হজম হৈ ক্ষুদ্ৰান্ত পায়, তাৰ পিছত বৃহযন্ত্ৰত সম্পূৰ্ণ হজম হৈ মল আকাৰে মলভাণ্ডাৰত জমা হয় আৰু সময়ে সময়ে মলদ্বাৰৰ দ্বাৰা মল আকাৰে ওলাই যায় । এইটো এটা স্বয়ংক্ৰিয় ব্যৱস্থা(Homeopathic treatment) । যেতিয়া মানুহ এজনৰ মলভাণ্ডাৰত জমা হোৱা মল মলদ্বাৰৰ পেশীৰ অস্বাভাৱিকতা আৰু ৰক্তসিৰা-উপসিৰাৰ বিসংগতিৰ বাবে মল ওলাই যোৱাত অসুবিধা হৈ ব্যক্তিজনৰ শৌচৰ দ্বাৰা জ্বলা-পোৰা , বিষ, ফৰণি, তেজপৰা ইত্যাদি উপসৰ্গই দেখা দিয়ে, তেতিয়া ব্যক্তিজন অৰ্শৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি ক’ব পাৰি । সাধাৰণতে শৌচদ্বাৰৰ বাহিৰফালে থকা ৰক্তবাহী পেশীসমূহ কেঁচুৰ মুৰৰ দৰে বাঢ়ি অহা বাবে ইয়াক কেঁচুমূৰীয়া ৰোগ বুলিও কোৱা হয়(Hemorrhoids and their homeopathic treatment)।
কেতিয়াবা শৌচদ্বাৰৰ কাষত পেশীসমূহ সৰু সৰু গুটি থোপাথুপিভাৱে বাঢ়ি আহে । তেতিয়া আক্ৰান্ত ব্যক্তিজনে বঢ়োতে বা চাইকেল আদি চলাওঁতে অসুবিধা পায় । অৰ্শৰোগ কোনো নিৰ্দিষ্ট বীজাণুৰ সংক্ৰমণত নহয় । ই একপ্ৰকাৰৰ যান্ত্ৰিক বিজুতিৰ লেখীয়া । পদাৰ্থবিজ্ঞানৰ দৃষ্টিৰে যদি চোৱা হয় মানুহ অৰ্শত কম-বেছি পৰিমাণে আক্ৰান্ত হ’বই । কিয়নো, পায়ুদ্বাৰৰ পৰা মধ্যাকৰ্ষণীয় আকৰ্ষণ । এই ক্ষেত্ৰত অন্য জীৱ-জন্তুবিলাক অৰ্শত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাই । ইয়াৰ কাৰণ মানুহৰ পায়ুদ্বাৰ উলম্ব অৱস্থান জন্তুবিলাকৰ সমান্তৰাল অৱস্থান ।
ৰোগৰ কাৰণ
অত্যাধিক মচলাযুক্ত খাদ্য, মাংস, কণী, পৰঠা, ভজা-পোৰা খাদ্যৰ অত্যধিক ব্যৱহাৰ, অধিক পৰিমাণে গাড়ী-মটৰ, চাইকেলেৰে পৰিভ্ৰমণ, বহুদিন ধৰি কোষ্ঠকাঠিন্য বা যকৃৎ ক্ৰিয়াৰ বিসংগতি । গৰ্ভাৱস্থাত জৰায়ুৰ পৰা মলদ্বাৰ পেশীৰ সিৰা-উপসিৰাত পৰা চাপ, প্ৰস্ববন প্ৰণালীত হোৱা ৰোগ ইত্যাদি ।
শৌচদ্বাৰত হোৱা আন ৰোগৰ লগত পৃথিকীকৰণ
শৌচদ্বাৰত হোৱা সকলো ৰোগ অৰ্শৰোগ নহয় । সততে দেখা পোৱা ৰোগসমূহ হ’ল- নালী ঘা বা এনাল ফিষ্টুলা, এনাল ফিচাৰ, কাঠ আচিনা, পায়ুদ্বাৰৰ বহি:গমন কৰ্কট, যক্ষ্মা আদিয়েই প্ৰধান । চিকিৎসকৰ লগত আলোচনা কৰিহে আন ৰোগৰ অৰ্শৰ পৃথিকীকৰণ কৰিব পাৰি ।
কেনেকুৱা বয়সত এই ৰোগ হয়
অৰ্শৰোগ একপ্ৰকাৰ যান্ত্ৰিক বিজুতিৰ লেখীয়া । খোৱা খাদ্যাভ্যাস আৰু যকৃৎ ক্ৰিয়াৰ লগত সম্পৰ্কিত হোৱা আৰু কোনো নিৰ্দিষ্ট বীজাণুৰ সংক্ৰমণত নহয় বাবে এই ৰোগ শিশু-বৃদ্ধ সকলোৰে হোৱা দেখিবলৈ পোৱা যায় ।
প্ৰচলিত ভুল ধাৰণা
এই ৰোগবিধ সংক্ৰমণজনিত হয়, একেটা শৌচাগাৰত অৰ্শৰোগীয়ে শৌচ কৰিলে ই আনৰ দেহলৈ আহিব পাৰে, লগতে ই এবিধ কৃমিৰ কাৰণে দ্বিতীয়বাৰৰ বাবে কেঁচুৰ আকৃতি লয় । এইধৰণৰ ধাৰণা সমাজত প্ৰচলিত। ইয়াৰ কোনো বৈজ্ঞানিক বিশ্লেষণ পোৱা নাযায় ।
কেনেকুৱা ধৰণৰ অৰ্শৰোগী হয়
অৰ্শৰোগী সাধাৰণতে দুই ধৰণৰ হয়। একধৰণৰ শৌচদ্বাৰৰ বাহিৰফালে, আনধৰণৰ ৰোগীৰ শৌচদ্বাৰৰ অন্ত:ভাগ আক্ৰান্ত হয়। ইয়াৰে একেধৰণৰ তেজ পৰে, বিষ-বেদনা কম থাকে । আনধৰণৰ তেজ নপৰে, কিন্তু বিষ-বেদনা বেছি থাকে ।
এই ৰোগীৰ লক্ষণ
শৌচ কৰোতে গুহ্যদ্বাৰ বিষায়, তেজ পৰে, অনবৰতে শৌচদ্বাৰ চেকচেকাই থাকে । আঠাযুক্ত পানী ওলায়, কঁকালৰ বিষ হয়, শৌচৰ ভাব আহি থাকে । শৌচদ্বাৰ পিৰপিৰাই থাকে । জ্বৰ-বিষত আক্ৰান্ত হয় ।
অন্য ৰোগ হ’ব পাৰে নেকি?
অন্য ৰোগ হ’ব পৰাৰ সম্ভাৱনা আছে। কাৰণ অনবৰতে তেজ গৈ থাকিলে ৰক্তহীনতা, ভাগৰ লগা, বুকু ধপধপোৱা, শাৰীৰিক আৰু মানসিক অৱসাদগ্ৰস্ততা, কাম-বনত মন নবহ, মলদ্বাৰৰ ভিতৰৰ পেশীত ঘা হৈ কৰ্কট বা নালী ঘা ইত্যাদি হ’ব পাৰে । সেয়েহে সাৱধানতা অৱলম্বন কৰা দৰকাৰ ।
কি কৰা উচিত ?
অৰ্শৰোগ যিহেতু যকৃৎ ক্ৰিয়াৰ লগত জড়িত, সেয়েহে পাকস্থলী, পৰিপাক যন্ত্ৰ ভালে ৰখা দৰকাৰ । পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰা, মাংস, কণী, লুচি, পুৰি, পৰঠা, তেলজাতীয় খাদ্য পৰিহাৰ কৰা ভাল । শাৰীৰিক পৰিশ্ৰম আৰু খোজ কঢ়া ভাল । আঁহজাতীয় খাদ্য আটাৰ ৰুটী, সেউজীয়া শাক-পাচলি, কল, পটল, বেল, মৰিচাশাক, উখহা চাউলৰ ভাত উপকাৰী । পৰিপাক যন্ত্ৰ ঠিকে ৰাখিবলৈ কণী, চালাড, মাছ, গেছ দি পকোৱা ফল-মূল এৰাই চলাই ভাল । সম্ভৱ হ’লে নিৰামিষ আহাৰ বাঞ্চনীয় ।
চিকিৎসা পদ্ধতি
আধুনিক চিকিৎসা পদ্ধতিৰ অস্ত্ৰোপচাৰ, আয়ুৰ্বেদিক পদ্ধতিৰ দৰব আৰু অস্ত্ৰোপচাৰৰ লগতে যোগাসনৰ যোগাভ্যাস আদিৰে চিকিৎসা ব্যৱস্থা কৰিব পাৰি । এই ক্ষেত্ৰত সংশ্লিষ্ট পদ্ধতিৰ চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল ।
হোমিঅ’ চিকিৎসা পদ্ধতি -
হোমিঅ’ দৰবৰে অৰ্শৰোগীক ফলপ্ৰসূ চিকিৎসা সেৱা আগবঢ়াব পাৰি । সততে ব্যৱহাৰ হোৱা দৰববোৰ- এচকিউলাছ, কলিনচ’নীয়া, পিঅ’নিয়া, নাস্কভ’ম, ছালফাৰ, হেমাথেলিছ ইত্যাদি । এই চিকিৎসাত ব্যক্তিবিশেষে দৰবৰ ব্যৱহাৰ বেলেগ বেলেগ হয় বাবে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ আগবঢ়া ভাল ।
লগতে পঢ়ক: Skin care tips: জাৰৰ দিনত ছালখনক সজীৱ কৰি ৰাখিবলৈ লওক এই উপায়