ETV Bharat / sukhibhava

Onam 2022: কেৰেলাৰ প্ৰসিদ্ধ উৎসৱ ওনামত ঘৰতে তৈয়াৰ কৰক স্বাস্থ্যকাৰী সুস্বাদু ব্যঞ্জন

author img

By

Published : Sep 7, 2022, 4:38 PM IST

কেৰেলাৰ এটি জনপ্ৰিয় উৎসৱ হৈছে ওনাম(Onam Festival) । নাম উপলক্ষে ঘৰে ঘৰে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয় । ওনাম উপলক্ষে ঘৰে ঘৰে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয় । য’ত পাচাদি, ৰসম, পুলিচেৰী, এৰিচেৰী, খীৰ আৰু এভিয়াল প্ৰধান খাদ্য । কলপাতত এই পৰম্পৰাগত খাদ্য পৰিবেশন কৰা হয় । আপুনিও উৎসৱৰ বতৰত ঘৰতে এই পৰম্পৰাগত খাদ্য সমূহ চেষ্টা কৰিব পাৰে । তলত ওনাম উৎসৱত সহজতে প্ৰস্তুত কৰি উলিয়াব পৰা কেইটিমান ৰেচিপি আগবঢ়োৱা হ'ল ৷

Healthy and tasty dishes you can try on Onam 2022
কেৰেলাৰ প্ৰসিদ্ধ উৎসৱ ওনামত ঘৰতে তৈয়াৰ কৰক স্বাস্থ্যকাৰী সুস্বাদু ব্যঞ্জন

কেৰেলাৰ এটি জনপ্ৰিয় উৎসৱ হৈছে ওনাম(Onam Festival) । পবিত্ৰ ওনাম উৎসৱ এইবেলি ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰু ৮ ছেপ্টেম্বৰত শেষ হ’ব । ওনাম উৎসৱ ইয়াত অতি ধুমধামেৰে পালন কৰা হয় । দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালীসকলে(Malayali) অতি আড়ম্বৰপূৰ্ণভাৱে সম্পূৰ্ণ ১০ দিনীয়াকৈ পালন কৰে এই উৎসৱ । ওনাম এক কৃষিভিত্তিক উৎসৱ ।

কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয় । ওনাম কেৰালাৰ আৰু কেৰালাৰ বাহিৰৰ বসবাস কৰা মালয়ালী লোকসকলৰ বাবে মুখ্য বাৰ্ষিক অনুষ্ঠান । ই একপ্ৰকাৰৰ শস্য চপোৱাৰ উৎসৱ । এই উৎসৱ কেৰালাৰ বিষু আৰু থিৰুভাথিৰাৰ সৈতে তিনিটা মুখ্য উৎসৱৰ ভিতৰত অন্যতম ।

এই উৎসৱত মানুহে নিজৰ ঘৰবোৰ ৰঙীন ফুল আৰু ৰেংগোলিৰে সজাই তোলে । ওনাম উপলক্ষে ঘৰে ঘৰে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয় । য’ত পাচাদি, ৰসম, পুলিচেৰী, এৰিচেৰী, খীৰ আৰু এভিয়াল প্ৰধান খাদ্য । কলপাতত এই পৰম্পৰাগত খাদ্য পৰিবেশন কৰা হয় । আপুনিও উৎসৱৰ বতৰত ঘৰতে এই পৰম্পৰাগত খাদ্য সমূহ চেষ্টা কৰিব পাৰে । তলত ওনাম উৎসৱত সহজতে প্ৰস্তুত কৰি উলিয়াব পৰা কেইটিমান ৰেচিপি আগবঢ়োৱা হ'ল ৷

  • এভিয়াল

উপকৰণ - ড্ৰামষ্টিক(চজিনা) - ১ টা, কাটি লোৱা, বিলাহী - ১ কাপ, কাটি লোৱা বিন - ১ কাপ, কাটি লোৱা, টিণ্ডা(Apple gourd) - ১ কাপ কাটি লোৱা, মিক্স বীন - ১ কাপ সিজাই লোৱা, ৰঙালাও 1 কাপ কাটি লোৱা, কল- ১ কাটি লোৱা, হালধি - ১/৪ চামুচ, নিমখ - সোৱাদ অনুসৰি, দৈ - ১/২ কাপ, নাৰিকল তেল - ২ চামুচ, জিৰা - ১ চামুচ, নৰসিংহ পাত(Curry leaves) - ৮-১০, ৰুকি লোৱা নাৰিকল - ৩/৪ কাপ, সেউজীয়া জলকীয়া- ৩ কটা, পানী - প্ৰয়োজন অনুসৰি

প্ৰক্ৰিয়া

ব্লেণ্ডাৰত নাৰিকল, জিৰা আৰু হালধি দি পেষ্ট বনাওক ।

কেৰাহীত পানী লৈ তাত সকলো শাক-পাচলি দি কোমল হোৱালৈকে উতলাই লওক ।

ইয়াৰ পিছত হালধি, নৰসিংহৰ পাত(Curry leaves), সেউজীয়া জলকীয়া, নিমখ আৰু তাৰ লগত নাৰিকলৰ পেষ্ট মিহলাই ল'ব ৷

ইয়াৰ পিছত দৈ, তেল আৰু জিৰা দি কম জুইত ২-৩ মিনিট মান ৰান্ধিব । মিশ্ৰণটো শুকান হোৱালৈকে ৰান্ধিব ।

  • পায়সাম

উপকৰণ - ওটছ - ১ কাপ, গুৰ পাউডাৰ- ১/৪ কাপ, পানী - ১/৩ কাপ, নাৰিকলৰ গাখীৰ - ৩ কাপ, নাৰিকল তেল - ১ চামুচ, মিক্স ড্ৰাই ফ্ৰুইটছ- ১ কাপ, ইলাচি গুড়ি - ১/২ চামুচ

প্ৰক্ৰিয়া

এখন কেৰাহীত গুড় আৰু পানী একেলগে দি এনেদৰে ৰাখিব যাতে গুড় পানীৰ লগত ভালদৰে মিহলি হৈ যায় ।

ইয়াৰ পিছত তাত ওটছ দি দিব জুইত গৰম কৰিব । প্ৰায় ৩ মিনিটমান উতলিবলৈ দিব । ৰন্ধা পিছত তাত নাৰিকলৰ গাখীৰ দি ভালদৰে মিহলাই ল'ব ।

আন এখন কেৰাহীত নাৰিকলৰ তেল দি তাত বাদামখিনি লাহেকৈ ভাজিব ।

ইয়াৰ পিছত ওটছৰ মিশ্ৰণটোত মিক্স ড্ৰাই ফ্ৰুইটছ, ইলাচি গুড়ি দি অলপ সময় সিজাই ল'ব ।

গৰমা গৰমে পৰিবেশন কৰক পায়সাম ।

  • কাডলা কাৰি

উপকৰণ - সিজাই লোৱা ক'লা বুট- ২৫০ গ্ৰাম, নাৰিকল - ১ কাপ ৰুকি লোৱা, পিয়াঁজ - ২, গোটা ৰঙা জলকীয়া- ১ চামুচ, গোটা ধনীয়া গুটি- ১ চামুচ, নাৰিকল তেল - ১ চামুচ, নহৰু - ২ গ্ৰাম কাটি লোৱা , নিমখ আৰু ৰঙা জলকীয়া পাউডাৰ সোৱাদ অনুসৰি গুড়ি, ক'লা সৰিয়হৰ গুটি - ১ চামুচ, পিঁয়াজ- ২ টা কটা, গৰম মছলা গুড়ি - ১ চামুচ, নৰসিংহ পাত(Curry leaves) - ৮-১০

প্ৰক্ৰিয়া

- কেৰাহীত তেল গৰম কৰক । ইয়াৰ নাৰিকল, পিয়াঁজ, গোটা ৰঙা জলকীয়া, ধনীয়া গুটি, নৰসিংহ পাত(Curry leaves) আৰু হালধি দি লাহে লাহে ভাজিব ।

এতিয়া মিক্সাৰত এই মিশ্ৰণখিনি অলপ ঠাণ্ডা কৰি ভালদৰে গুড়ি কৰি লওক ।

এতিয়া আন এখন কেৰাহীত তেল, সৰিয়হৰ গুটি, পিয়াঁজ, ধনীয়া গুড়ি, জলকীয়া পাউডাৰ, গৰম মছলা আৰু পিচি লোৱা মিশ্ৰণখিনি দি একেলগে ৰান্ধিব ।

ইয়াৰ পিছত তাত সিজাই লোৱা ক'লা বুটখিনি দিব । সোৱাদ অনুসৰি নিমখ দি সম্পূৰ্ণ কৰি গৰমে পৰিবেশন কৰক ।

লগতে পঢ়ক : Onam 2022: দক্ষিণ ভাৰতৰ কেৰালাৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ ওনামৰ বিষয়ে জানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.