ETV Bharat / sukhibhava

বৃদ্ধাৱস্থাত নিঃসংগতাক কেনেকৈ চম্ভালিব ? - মাৰ্কিন যুক্তৰাষ্ট্ৰ

নিঃসংগতা হৈছে এক বৈশ্বিক সমস্যা ৷ এক প্ৰতিবেদন অনুসৰি, মাৰ্কিন যুক্তৰাষ্ট্ৰত ৪৫ বছৰ বয়সৰ মুঠ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ তিনিভাগৰ এভাগেই নিঃসংগতা অনুভৱ কৰে আৰু ৬৫ বছৰ বয়সতকৈ ওপৰৰ লোক সকলৰ চাৰিভাগৰ এভাগক সামাজিকভাৱে বিচ্ছিন্ন বুলি বিবেচনা কৰা হয় ৷ ভাৰতবৰ্ষৰ প্ৰাপ্তবয়স্ক নাগৰিক সকলৰ ৪ কোটিতকৈ অধিক সংখ্যকৰেই বয়স সত্তৰ বাব তাতকৈ বেছি ৷ ডিমেনছিয়া বিশেষজ্ঞ তথা ইপ'ক এলডাৰ কেয়াৰ’ৰ সহ-প্ৰতিস্থাতা তথা চি ই অ’ নেহা সিংহাই বিশ্বাস কৰে যে, ভাৰতবৰ্ষৰ নাগৰিক সকলৰ বয়স যিমানেই বাঢ়ি আহিছে সিমানেই প্ৰাপ্তবয়স্ক লোক সকলৰ মানসিক স্বাস্থ্য আৰু সামাজিক সুস্বাস্থ্যৰ লগত সম্পৰ্কিত বিষয়বোৰৰ আশংকা বৃদ্ধি পাইছে ৷

বৃদ্ধাৱস্থাত নিঃসংগতাক কেনেকৈ চম্ভালিব
বৃদ্ধাৱস্থাত নিঃসংগতাক কেনেকৈ চম্ভালিব
author img

By

Published : Mar 9, 2021, 12:12 PM IST

নিঃসংগতা হৈছে এক বৈশ্বিক সমস্যা ৷ এক প্ৰতিবেদন অনুসৰি, মাৰ্কিন যুক্তৰাষ্ট্ৰত ৪৫ বছৰ বয়সৰ মুঠ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ তিনিভাগৰ এভাগেই নিঃসংগতা অনুভৱ কৰে আৰু ৬৫ বছৰ বয়সতকৈ ওপৰৰ লোক সকলৰ চাৰিভাগৰ এভাগক সামাজিকভাৱে বিচ্ছিন্ন বুলি বিবেচনা কৰা হয় ৷ ভাৰতবৰ্ষৰ প্ৰাপ্তবয়স্ক নাগৰিক সকলৰ ৪ কোটিতকৈ অধিক সংখ্যকৰেই বয়স সত্তৰ বাব তাতকৈ বেছি ৷ ডিমেনছিয়া বিশেষজ্ঞ তথা ইপ'ক এলডাৰ কেয়াৰ’ৰ সহ-প্ৰতিস্থাতা তথা চি ই অ’ নেহা সিংহাই বিশ্বাস কৰে যে, ভাৰতবৰ্ষৰ নাগৰিক সকলৰ বয়স যিমানেই বাঢ়ি আহিছে সিমানেই প্ৰাপ্তবয়স্ক লোক সকলৰ মানসিক স্বাস্থ্য আৰু সামাজিক সুস্বাস্থ্যৰ লগত সম্পৰ্কিত বিষয়বোৰৰ আশংকা বৃদ্ধি পাইছে ৷

আমি প্ৰায়েই দেখিবলৈ পাওঁ যে, নিসংগতা আৰু হতাশাগ্ৰস্থতা এই দুটা শব্দ বিশেষকৈ প্ৰাপ্তবয়স্ক লোক সকলৰ ক্ষেত্ৰত সাল-সলনিকৈ ব্যৱহাৰ কৰা হয় ৷ যেতিয়া এজন প্ৰাপ্তবয়স্ক লোকে কম কথা কয় বা মনৰ অনুভৱবোৰ মুকলিকৈ প্ৰকাশ নকৰে বা কাৰোৰে সৈতে কথা নাপাতে তেতিয়া সেইয়া হতাশাগ্ৰস্থতাৰ ফলত হোৱা বুলি কোৱা হয় ৷ এই কথা বুজিব পৰাটো অতি গুৰুত্বপূৰ্ণ যে প্ৰকৃততে ‘ক্লিনিকেল ডিপ্ৰেশ্বন’ কি ৷

হতাশাগ্ৰস্থতা হৈছে এক মানসিক স্বাস্থ্যজনিত ৰোগ তথা ‘মন বেয়া’হৈ থকাতকৈও বহু বেছি গুৰুত্বপূৰ্ণ বিষয় ৷ ই হৈছে কোনো লোকে সপ্তাহৰ পাচত সপ্তাহজুৰি ভূগি থকা নিৰাশা, আভোক তথা নিদ্ৰাহীনতাৰ এক সংমিলিতৰূপ ৷ ‘ক্লিনিকেল ডিপ্ৰেছনৰ’ৰ কেইবাটাও কাৰক দেখিবলৈ পোৱা যায় ৷ ই সামাজিক, মানসিক বা জৈৱিক কাৰক সমূহৰ এক সংমিলিত কাৰণৰ ফলতো হ’ব পাৰে ৷ যদি আপুনি হতাশাগ্ৰস্থতাত ভূগি আছে, তেনে ক্ষেত্ৰত আপোনাৰ কাষত আপুনি ভালপোৱা সকলো বন্ধু উপস্থিত থকাৰ পাচতো আপুনি তেওঁলোকৰ সৈতে ভাৱবিনিময় কৰিবলৈ নিবিচাৰিব ৷

হতাশাগ্ৰস্থতা প্ৰকৃতিগতভাৱে জৈৱিক আৰু ইয়াক প্ৰায়ে চিকিৎসাৰ প্ৰয়োজন হয় ৷ আনহাতে নিঃসংগতা হ’ল সাম্প্ৰতিক সম্পৰ্কবোৰৰ সৈতে সংযোগ বিচ্ছিন্নতাৰ অনুভৱ আৰু কোনো ধৰণৰ টান অনুভৱ নকৰাৰ এক পৰিস্থিতি ৷ নিঃসংগতা হৈছে সামাজিক সুস্বাস্থতা আৰু একাকীত্ব অনুভৱ কৰাৰ এক গুৰুত্বপূৰ্ণ ইংগিত ৷

দূৰ্ভাগ্যজনকভাৱে নিঃসংগতাক আনকি বয়স বৃদ্ধি হোৱাৰ এক ‘হলমাৰ্ক’ হিচাপেও গণ্য কৰা হয় ৷ ই কেতিয়াও একমাত্ৰ একোটা কাৰণৰ ফলত নহয় ৷ নিঃসংগতাত ভোগাৰ কেইবালানিও কাৰণ আছে ৷ কোনোবা প্ৰিয়জনৰ বিয়োগত (পতি বা পত্নী, বন্ধু-বান্ধৱ নাইবা একেবাৰে বেয়া সময়ত আনকি কাৰোবাৰ সন্তান), বয়স্কলোকৰ চাল-চলনত বাধা আৰোপ কৰা যেনে বাহিৰলৈ অকলে ওলাই যোৱাত বাধা দিয়া আৰু দীঘলীয়া সময়জুৰি ভূগি থকা অসুস্থতা আদিৰ ফলত নিম্নমানৰ জীৱনশৈলী কটোৱা আদিক সাধাৰণতে নিঃসংগতাৰ কাৰণ হিচাপে ধৰা যায় ৷ ইয়াৰ উপৰিও কোনো কথা বা বিষয় বুজিবলৈ যথেষ্ট সময় লোৱা, প্ৰযুক্তিবিদ্যাৰ লগত ফেৰ মাৰিব নোৱাৰা বা দৃষ্টি শক্তি বা শ্ৰৱণ শক্তিৰ হ্ৰাস হোৱা অদিয়েও নিঃসংগতাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় ৷ মহামাৰীৰ কালচোৱাত ক’ভিড-১৯ৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰা সামাজিক দূৰত্ব আৰু লকডাউনেও সমগ্ৰ বিশ্বজুৰি বয়স্ক লোক সকলৰ ওপৰত প্ৰতিকুল প্ৰভাৱ পেলাইছিল বুলি নেহা সিংহাই কয় ৷

নিঃসংগতাই বয়স্ক লোক সকলক ডিমেনছিয়া, হৃদৰোগ বা পক্ষাঘাত, ‘ক্লিনিকেল ডিপ্ৰেছন’, আত্মহননৰ চিন্তা নাইবা সামগ্ৰিকভাৱে এক উদ্দেশ্যহীন তথা অৰ্থহীন জীৱনৰ আশংকাত ভূগাই ৷ এনে কাৰকবোৰে স্বাস্থ্যজনিত গম্ভীৰ পৰিণতিৰ ফালে লৈ যাব পাৰে আৰু কোনো কোনো মূহুৰ্তত ই অতি ভয়াবহ হৈ উঠিব পাৰে ৷

মানুহ প্ৰকৃতিগতভাৱে এক সামাজিক প্ৰাণী আৰু সামাজিক পৰিস্থিতিতন্ত্ৰ হৈছে বয়স্ক সকলৰ জীৱন ধাৰণ গুণগতমান উন্নত কৰাৰ এক মুখ্য আহিলা ৷ কোনো এজনে নিজৰ বিষয়ে ক’বলৈ সক্ষম হোৱা, পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে সময় অতিবাহিত কৰা তথা নিজকে অপৰিহাৰ্য বুলি ভবা আদিয়ে কোনো এজনৰ জীৱনত জীয়াই থকা অৰ্থ প্ৰদান কৰিব পাৰে; এইদৰে বিশেষজ্ঞজনে কয় ৷

বিড়ম্বনাটো হ’ল, বহু বয়স্ক লোকেই একেখন ঘৰত একেটা পৰিয়ালৰ সদস্য হিচাপে বসবাস কৰিও নিজকে অকলসৰীয়া অনুভৱ কৰিব পাৰে ৷ আমি কেৱল শাৰীৰিকভাৱেই বয়সীয়াল লোক সকলৰ উপস্থিতিৰ প্ৰতি সচেতন হ’লেই নহ’ব; তাতোকৈ অধিক আমি তেওঁলোকক মানসিকতাটো স্থান দিব পাৰিব লাগিব ৷ ডাক্তৰী চিকিৎসা তথা শাৰীৰিক স্বাস্থ্যক চেৰাই গৈ আমি তেওঁলোকৰ লগত ভাৱবিনিময় কৰাৰ প্ৰয়োজনীয়তা আছে ৷ ইয়াৰ উপৰিও এই বলি ৰেখাযুক্ত লোকসকলৰ আঁৰৰ লোকসকলৰ কথা আমি মনত ৰাখিব লাগিব ৷ তেওঁলোক কোন, নিজৰ পৰিচয়ক লৈ তেওঁলোকৰ অনুভূতি কি, তেওঁলোকৰ বাবে অৰ্থপূৰ্ণ জীৱনৰ সংজ্ঞা বা কি ?

আমাৰ বয়স বঢ়াৰ লগে লগে ধন-সম্পত্তি তথা খ্যাতিতকৈও বেছি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে সাহচাৰ্য ৷ কোনো এক সমূদায় বা গোটৰ অংশ হ’ব পৰাটোও আন এক গুৰুত্বপূৰ্ণ দিশ ৷ কোনোবা প্ৰতিৱেশী সংঘ, আৱাসিক এলেকাৰ আশে পাশে থকা কোনো আধ্যাত্মিক গোট বা ‘হ’ম কেয়াৰ’ আদিত স্থান বিচৰা অদিয়েও বয়স্ক লোকৰ সুস্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷

প্ৰযুক্তিয়ে বয়স্ক সকলক যত্ন লোৱাত ভূমিকা পালন কৰি আহিছে ৷ এই ক্ষেত্ৰত নিঃসংগতাৰ বিষয়ে উল্লেখ কৰিব পাৰি ৷ অলপতে ইউনাইটেড কিংডমত সম্পন্ন হোৱা ২০২০ চনৰ এক অধ্যয়নত পোৱা গৈছে যে বয়সীয়াল লোক সকলৰ মানসিক স্বাস্থ্য আৰু নিঃসংগতাৰ পৰা আৰোগ্য লাভ কৰাত ৰ’ব’টবোৰে সহায় কৰিছে ৷ প্ৰযুক্তিবিদ্যা যদিও এক সহায়, তথাপি নিঃসংগতাৰ দৰে ব্যাধি দূৰ কৰিবলৈ আমি এই সৰু সৰু কৰ্মবোৰো কৰিব পাৰোঁ বুলি কৈ সিংহাই সমাপ্ত কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.