ETV Bharat / sukhibhava

Soaked Cashew Benefits: হজম শক্তিৰ পৰা হৃদযন্ত্ৰ সুস্থ কৰি ৰখালৈকে কাজু তিয়াই খোৱাৰ ৬টা ডাঙৰ উপকাৰিতা

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 12:16 PM IST

পুষ্টিকৰ গুণেৰে সমৃদ্ধ কাজু স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । স্বাস্থ্যকৰ চৰ্বি, প্ৰ’টিন আৰু জিংকৰ দৰে পুষ্টিকৰ উপাদান কাজুত পোৱা যায় যিবোৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়, কিন্তু আপুনি জানেনে যে শুকান কাজুতকৈ কাজু তিয়াই খোৱাটো অধিক উপকাৰী ।

From digestion to keeping the heart healthy, these are the 6 big benefits of eating soaked cashews
হজম শক্তিৰ পৰা হৃদযন্ত্ৰ সুস্থ কৰি ৰখালৈকে কাজু তিয়াই খোৱাৰ ৬টা ডাঙৰ উপকাৰিতা

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ শুকান ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী । শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক এমুঠিমান শুকান ফল খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই লাগতিয়াল । ইয়াৰে এটা হ’ল কাজু বাদাম, যাক খালে শৰীৰত থকা বহু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ হয় । এই শুকান ফলবিধত আঁহ, প্ৰ’টিন, মেংগানিজ, জিংক, কপাৰ আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, কিন্তু আপুনি জানেনে যে শুকান কাজুতকৈ তিয়াই থোৱা কাজু অধিক উপকাৰী । দৈনিক তিয়াই থোৱা কাজু খালে স্বাস্থ্যজনিত বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰি । গতিকে তিয়াই কাজু খোৱাৰ উপকাৰিতাৰ বিষয়ে জানি লওক-

  • সুস্থ হৃদয়ৰ বাবে

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কাজুক হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । ইয়াত স্বাস্থ্যকৰ চৰ্বি পোৱা যায় । যদি আপুনি দৈনিক খালী পেটত তিয়াই থোৱা কাজু খায় তেন্তে ই শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি হয় ।

  • চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায়ক

কাজুয়ে চকু সুস্থ কৰি ৰখাতো সহায় কৰে । ইয়াৰ শক্তিশালী এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে ৰেটিনাক সুৰক্ষা দিয়ে ।

  • হজম শক্তি উন্নত কৰে

তিয়াই থোৱা কাজু খালে পাচনতন্ত্ৰৰ স্বাস্থ্যও উন্নত হয় । ইয়াত ভাল পৰিমাণৰ আঁহ থাকে । যাৰ বাবে মলত্যাগ প্ৰক্ৰিয়াটো সহজ হৈ পৰে । কাজু তিয়াই খালে সহজে হজম হয়, যাৰ ফলত পেটৰ লগত জড়িত সমস্যাৰ পৰা হাত সাৰিব পাৰি ।

  • ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী

আন বাদামৰ তুলনাত কাজুত স্বাস্থ্যকৰ চৰ্বি পোৱা যায়, আৰু ইয়াত কাৰ্বৰ পৰিমাণো কম । যদি আপুনি ডায়েবেটিছ ৰোগী হয় তেন্তে কাজু বাদাম খাব পাৰে, ইয়াৰ ফলত শৰীৰত ৰক্তশৰ্কৰাৰ মাত্ৰা স্বাভাৱিক হৈ থাকে ।

  • ছালৰ বাবে উপকাৰী

স্বাস্থ্যকৰ চৰ্বি কাজুত পোৱা যায়, যি ছালৰ বাবে উপকাৰী । ইয়াৰ বাহিৰেও ছালৰ যত্নত কাজু তেল অন্তৰ্ভুক্ত কৰিব পাৰি । ইয়াৰ উপৰিও ই ফাইটোকেমিকেল, প্ৰ’টিন আৰু এন্টিঅক্সিডেন্টৰ এক উৎকৃষ্ট উৎস । ইয়াৰ ব্যৱহাৰৰ লগে লগে ছালখন সুস্থ দেখা যায় ।

  • ষ্ট্ৰোক প্ৰতিৰোধ কৰাত সহায়ক

কাজুত মেগনেছিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায়, যাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা কম হয় । ইয়াৰ বাবে নিয়মিতভাৱে তিয়াই থোৱা কাজু বাদাম খাব পাৰে, যাৰ ফলত ষ্ট্ৰোক ৰোধ কৰিব পৰা যায় ।

লগতে পঢ়ক: World Egg Day 2023: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে কণীৰ আচৰিত উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.