ETV Bharat / sukhibhava

ন্যূনতম মদ্যপানেও প্ৰভাৱ পেলায় মগজু আৰু জ্ঞানেন্দ্ৰিয়ৰ কাৰ্যক্ষমতাত - অধিক ইউনিট মদ্যপান

আপুনি নিতৌ মদ্যপান কৰে নেকি ? যদি কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে যে, প্ৰতি সপ্তাহত সাত বা তাতকৈ অধিক ইউনিট মদ্যপান কৰিলে মগজু আৰু জ্ঞানশক্তি আদিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে(Even moderate drinking linked to brain changes) । সবিশেষ পঢ়ক...

Even moderate drinking linked to brain changes, cognitive decline: Study
নূন্যতম মদ্যপানেও প্ৰভাৱ পেলায় মগজুৰ ক্ৰিয়া তথা জ্ঞানেন্দ্ৰিয় কাৰ্যক্ষমতাত
author img

By

Published : Aug 31, 2022, 6:22 PM IST

আপুনি নিতৌ মদ্যপান কৰে নেকি ? যদি কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে যে, প্ৰতি সপ্তাহত সাত বা তাতকৈ অধিক ইউনিট মদ্যপান কৰিলে মগজু আৰু জ্ঞানশক্তি আদিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে(Even moderate drinking linked to brain changes) । আনকি মধ্যমীয়া মদ্যপানৰ সৈতেও মগজুৰ পৰিৱৰ্তন, জ্ঞানশক্তিৰ অৱনতিৰ সম্পৰ্ক আছে । ব্ৰিটেইনৰ নেচনেল হেল্থ চাৰ্ভিচ (National Health Service)ৰ মতে, সাত ইউনিট এলকহল গড় শক্তিৰ তিনি পিণ্ট বা পাঁচটা সৰু গিলাচ কম পাৱাৰৰ ৱাইনৰ সমতুল্য ।

শেহতীয়াকৈ, PLOS Medicine আলোচনীত প্ৰকাশিত এই অধ্যয়নত ২১ হাজাৰতকৈ অধিক অংশগ্ৰহণকাৰীৰ মদ্যপান আৰু মগজুত আইৰণৰ মাত্ৰাৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰা হৈছে ।

মগজুত আইৰণ জমা হোৱাটো পাৰ্কিনছন(Parkinson) আৰু এলঝেইমাৰ (Alzheimer)ৰোগৰ লগত জড়িত আৰু তেনেস্থলত যদি আপুনি অত্যাধিক মদ্যপান কৰে তেন্তে আপোনাৰ জ্ঞানশক্তি হ্ৰাস পাব পাৰে । ব্ৰিটেইনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সাপ্তাহিকভাৱে সাত বা তাতকৈ অধিক ইউনিট এলকহল সেৱন কৰা আৰু মগজুত আইৰণৰ মাত্ৰা অধিক হোৱাৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছে । ক্ৰমবৰ্ধমান প্ৰমাণ অনুসৰি মধ্যমীয়া মদ্যপানেও মগজুৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে ।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ আনিয়া টপিৱালাই কয় যে, আজিলৈকে কৰা আটাইতকৈ ডাঙৰ অধ্যয়নত আমি দেখিলোঁ যে, প্ৰতি সপ্তাহত ৭ ইউনিটতকৈ অধিক মদ্যপান কৰাটো মগজুত আইৰণ জমা হোৱাৰ লগত জড়িত ।

টপিৱালাই ব্যাখ্যা কৰে, "মগজুত অত্যাধিক আইৰণৰ ফলত জ্ঞানশক্তিৰ ক্ষমতা হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে(poorer cognitive performance) । আইৰণ জমা হোৱাটোৱে মদ্যপানৰ লগত জড়িত জ্ঞানশক্তিৰ অৱনতিৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে ।"

ব্ৰিটেইনৰ বায়’বেংকে ২০,৯৬৫ জন স্বেচ্ছাসেৱকক তেওঁলোকৰ মদ্যপানৰ বিষয়ে তথ্য প্ৰদান কৰিছিল আৰু তেওঁলোকৰ মগজু পৰীক্ষা কৰিবলৈ মেগনেটিক ৰেজোনেন্স ইমেজিং (এম আৰ আই) ব্যৱহাৰ কৰা হৈছিল । অংশগ্ৰহণকাৰীসকলৰ গড় বয়স আছিল ৫৫ বছৰ আৰু ইয়াৰে ৪৮.৬ শতাংশ মহিলা আছিল । প্ৰণালীবদ্ধ আইৰণৰ মাত্ৰা নিৰ্ণয় কৰিবলৈ প্ৰায় ৭ হাজাৰ লোকৰ যকৃতৰ স্কেন এম আৰ আই ব্যৱহাৰ কৰি কৰা হৈছিল । প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ জ্ঞানমূলক আৰু চলন নিয়ন্ত্ৰণৰ মূল্যায়নৰ বাবে এটা ভিত্তি পৰীক্ষা লাভ কৰিছিল ।

লগতে পঢ়ক : জানক যকৃতৰ কোষ বৃদ্ধিত Immune Cellsয়ে কিদৰে সহায় কৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.