বয়স বৃদ্ধিৰ লগে লগে আমাৰ শৰীৰটোত বিভিন্ন পৰিৱৰ্তন হয় । বয়স বৃদ্ধিৰ প্ৰভাৱ প্ৰথমে মুখত দেখা যায় । হয়, বয়সৰ লগে লগে ছাল কোঁচ খোৱা, শুকান ছাল, ৰঞ্জকতা, দাগ আদিৰ দৰে ছালৰ সমস্যাই দেখা দিয়ে । অৱশ্যে আজিকালি এই সমস্যাবোৰ অতি সচৰাচৰ হৈ পৰিছে । স্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ নকৰা আৰু প্ৰসাধনৰ নামত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাটোয়েই ইয়াৰ মুখ্য কাৰণ হিচাপে বিবেচনা কৰিব পাৰি । কিন্তু সঠিক আহাৰ গ্ৰহণৰ জৰিয়তে আপুনি আপোনাৰ ছালখনক সতেজ তথা বয়সৰ চাপ নপৰাকৈ ৰাখিব পাৰে । আজি এনে কেতবোৰ ‘এণ্টি-এজিং’ খাদ্যৰ বিষয়ে জানো আহক-
অমিতা
অমিতাক হজমৰ বাবে ভাল বুলি গণ্য কৰা হয় । অমিতাত বিভিন্ন প্ৰকাৰৰ এণ্টি-অক্সিডেণ্ট, ভিটামিন আৰু খনিজ থাকে,যিয়ে ছালখন কোঁচ খোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখে আৰু ছালৰ উজ্জ্বলতা আনে । ছালক স্বাস্থ্যৱান ৰাখিব পৰাকৈ অমিতাত ভিটামিন এ, চি, কে আৰু ই থাকে । তদুপৰি, অমিতাত এক এনজাইম পেপাইন থাকে যাৰ এণ্টি-এজিং গুণ থাকে ।
পালেং শাক
আমি সকলোৱে পালেং শাকৰ লাভালাভৰ বিষয়ে নিশ্চয় জানো । পালেং শাক কেৱল স্বাস্থ্যৰ বাবেই ভাল নহয়, ইয়াত এণ্টি-এজিং গুণাগুণো আছে । ইয়াত ভিটামিন এ, চি, ই আৰু কে থাকে । তদুপৰি ইয়াত উদ্ভিদ-আধাৰিত আইৰণও পোৱা যায় । অধিক ভিটামিন চি থকাৰ বাবে, ই ছালক ক্ষতিৰ পৰা সুৰক্ষিত কৰে আৰু ছাললৈ উজ্জ্বলতা আনে ।
কেপচিকাম
কেপচিকাম গ্ৰহণ কৰাসকলৰ ছাল খুবেই উজ্জ্বলতা হয় । কেপচিকামত বিভিন্ন প্ৰকাৰৰ এণ্টি-অক্সিডেণ্ট পোৱা যায় । ইয়াত ভিটামিন চি আৰু কেৰোটিনইডও প্ৰচুৰ পৰিমাণে পোৱা যায় । কেৰোটিনইড হৈছে এবিধ ৰঞ্জক উপাদান, যাৰ ফলত কেপচিকাম ৰঙা, হালধীয়া বা সেউজীয়া ৰঙৰ হয় । জনাই দিও যে কেপচিকামৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো আছে । ই ছালক সূৰ্যৰ পোহৰ, প্ৰদূষণ আৰু পৰিৱেশৰ বিষাক্ত গেছৰ পৰা সুৰক্ষিত কৰি ৰাখে ।
ডালিম
ডালিমক অতীজৰে পৰা এক ঔষধি ফল হিচাপে ব্যৱহাৰ কৰি অহা হৈছে । উচ্চ পৰিমাণৰ ভিটামিন চি আৰু বিভিন্ন শক্তিশালী এণ্টিঅক্সিডেণ্টযুক্ত ডালিমে ছালৰ যিকোনো ক্ষতিৰ পৰা সুৰক্ষিত কৰে আৰু আমাৰ প্ৰণালীত প্ৰদাহৰ স্তৰ হ্ৰাস কৰে । এই স্বাস্থ্যকৰ ফলবিধত পুনিক্লেজিন নামৰ এক যৌগও থাকে, যি ছালত কোলাজেন বজাই ৰখাত সহায় কৰে । উল্লেখ্য, কোলাজেনৰ ফলত বয়স বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস হয় ।
বাদাম
সকলো প্ৰকাৰৰ বাদাম, বিশেষকৈ কাঠবাদাম আৰু আখৰোট হৈছে ভিটামিন ই-ৰ এক উৎকৃষ্ট উৎস । ই ছালৰ কোষকলা মেৰামতি কৰাত, ছালৰ আৰ্দ্ৰতা বজাই ৰখাত আৰু ছালক ক্ষতিকাৰক ইউভি ৰশ্মিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে । আখৰোটত এণ্টি-ইনফ্লেমেটৰী ওমেগা-৩ ফেটি এচিড থাকে, যি ছালৰ কোষৰ আৱৰণ শক্তিশালী কৰাত সহায়ক হ'ব পাৰে আৰু ছালক উজ্জ্বলতা প্ৰদান কৰে ।
লগতে পঢ়ক: Eye Health: দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ খাওক এইকেইবিধ খাদ্য