ETV Bharat / sukhibhava

গুড়ৰ এই ৫টা আচৰিত উপকাৰিতা জানি লওক

Jaggery Benefits: গুড়ত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে । ঠাণ্ডা বতৰত খালী পেটত গুড় খালে বহু উপকাৰিতা সাধন হয় । আজি আমি এই বিষয়ে জানিম...

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 4:34 PM IST

Eat jaggery during winter, your body will get 5 amazing benefits
গুড়ৰ এই ৫টা আচৰিত উপকাৰিতা জানি লওক

শীতকালত আমি আমাৰ খাদ্য তালিকাত কিছুমান নতুন বস্তু অন্তৰ্ভুক্ত কৰাৰ লগতে কিছুমান বস্তু আঁতৰাই পেলোৱাৰ যথেষ্ট প্ৰয়োজন ৷ বতৰ অনুসৰি খাদ্যৰ পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয় ৷ এনে ক্ষেত্ৰত শীতকালত গুড় আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, পটাছিয়াম, আইৰণকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ ইয়াৰ উপৰিও গুড়ত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে ৷ ঠাণ্ডা বতৰত খালী পেটত গুড় খালে বহু উপকাৰিতা সাধন হয়-

১/ ৰক্তচাপ

ৰক্তচাপ ৰোগীৰ বাবে গুড় সেৱন অতি উপকাৰী ৷ ইয়াক পটাছিয়ামৰ ভাল উৎস বুলি গণ্য কৰা হয় ৷ দৈনিক খালী পেটত গুড় খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ৷

২/ ৰক্তহীনতা

গুড়ত আইৰণ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ শৰীৰত ৰক্তহীনতাই দেখা দিলে খালী পেটত গুড় সেৱন কৰি ইয়াৰ পৰা উপশম পাব পৰা যায় ৷ ইয়াৰ সেৱনে শৰীৰত আইৰণৰ অভাৱ দূৰ কৰে ৷

৩/ হাড়ৰ বাবে

গুড়ত কেলচিয়াম আৰু আইৰণ পোৱা যায় যি হাড়ৰ বাবে অতি লাভদায়ক ৷ হাড়ৰ লগত জড়িত যিকোনো ৰোগত আক্ৰান্ত লোকে গুড় সেৱন কৰিব লাগে ৷ ইয়াৰ ফলত হাড় মজবুত হোৱাৰ লগতে গাঁঠিৰ বিষৰ পৰাও সকাহ পোৱা যায় ৷

৪/ এলাহ নাইকিয়া হৈ যায়

গুড়ত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে যিয়ে শৰীৰৰ পৰা এলাহ আৰু ভাগৰ দূৰ কৰে আৰু তৎক্ষণাত শক্তি প্ৰদান কৰে ৷ দৈনিক খালী পেটত গুড় খালে গোটেই দিনটো শক্তি বজাই ৰাখে আৰু শক্তিৰ অনুভৱ হয় ৷

৫/ পেটৰ লগত জড়িত ৰোগ

ফ্ৰুক্ট’জ নামৰ প্ৰাকৃতিক চেনি গুড়ত পোৱা যায় যিটো পেটৰ বাবে অতি উত্তম ৷ ইয়াৰ ফলত পেটৰ এনজাইম সক্ৰিয় হয় ৷ দৈনিক গুড় খালে পেটৰ লগত জড়িত ৰোগ যেনে বদহজম, কোষ্ঠকাঠিন্য, পেটৰ বিষ দূৰ কৰি ৰাখে ৷

লগতে পঢ়ক: আপোনাৰ আছে নেকি এই ৪টা সমস্যা; তেন্তে ভুলতেও নাখাব নাচপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.