ETV Bharat / sukhibhava

Memory Loss: এইবিধ ভিটামিনৰ অভাৱত দুৰ্বল হৈ পৰে স্মৃতিশক্তি তথা হাড়

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:58 PM IST

বৃদ্ধ বয়সত স্মৃতিশক্তি দুৰ্বল হোৱাটো সাধাৰণ কথা, কিন্তু যদি কম বয়সতে এনে হ’বলৈ আৰম্ভ কৰিলে এক চিন্তনীয় বিষয় হৈ পৰে, ইয়াৰ কাৰণ কি তথা ইয়াৰ বাবে আপুনি কোনবোৰ বিশেষ খাদ্য খোৱাটো উচিত জানি লওক ।

Due to deficiency of Vitamin B12, memory will become weak and bones will also become weak
এইবিধ ভিটামিনৰ অভাৱত দুৰ্বল হৈ পৰে স্মৃতিশক্তি তথা হাড়

সুস্বাস্থ্য আৰু শক্তিশালী শৰীৰৰ বাবে যেনেকৈ ভিটামিন এ, বি, চি আৰু ডিৰ প্ৰয়োজন হয়, ঠিক সেইদৰে সুস্থ শৰীৰৰ বাবেও ভিটামিন বি ১২ অতি গুৰুত্বপূৰ্ণ ৷ যদি ই শৰীৰত পৰ্যাপ্ত পৰিমাণে থাকে তেন্তে ৰোগে আপোনাক সহজে প্ৰভাৱিত কৰিব নোৱাৰে ৷ বেছিভাগ স্বাস্থ্য বিশেষজ্ঞৰ মতে ভিটামিন বি ১২ এবিধ অপৰিহাৰ্য পুষ্টিকৰ উপাদান যিটো আমাৰ সুস্বাস্থ্যৰ বাবে অতি উপযোগী ৷

শৰীৰত ভিটামিন বি ১২ৰ অভাৱ কিয় হয় ?

যদি আপুনি ভিটামিন বি ১২ৰ বাবে প্ৰয়োজনীয় খাদ্য গ্ৰহণ কৰা নাই, তেন্তে এইটোৱেই মূল কাৰণ হ’ব পাৰে ৷ এইচ আই ভিৰ দৰে বিপদজনক ৰোগৰ বাবে ভিটামিন বি ১২ শৰীৰত শোষণ নহয় ৷ কিছুমান বেয়া বেক্টেৰিয়া, এন্টিবায়টিক, অস্ত্ৰোপচাৰ আৰু টেপৱৰ্ম আদিও এই ভিটামিনৰ অভাৱৰ কাৰণ হ’ব পাৰে ৷

ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ

  • মূৰ ঘুৰণি
  • ভোক নলগা
  • ছাল হালধীয়া বা নিস্তেজ হোৱা
  • সঘনাই মেজাজ সলনি হোৱা
  • মানসিক চিন্তা
  • বেছি ভাগৰুৱা অনুভৱ হোৱা
  • ওজন কমি যোৱা
  • হাত-ভৰিৰ জিনজিননি
  • হৃদস্পন্দন দ্ৰুত হোৱা
  • পেশীৰ দুৰ্বলতা

ভিটামিন বি-১২ৰ অভাৱত হোৱা ৰোগ

  • পাহৰি যোৱা আৰু বিভ্ৰান্তিৰ সমস্যা হোৱাৰ আশংকা বাঢ়ি যায় ৷
  • হাড়ৰ বিষৰ সমস্যা আৰম্ভ হয় ৷
  • সমগ্ৰ স্নায়ুতন্ত্ৰও বেয়াকৈ প্ৰভাৱিত হয় ৷
  • ইয়াৰ বাবে শৰীৰৰ প্ৰতিটো অংগলৈ তেজ প্ৰেৰণ কৰাত অসুবিধা হয় ৷

স্বাস্থ্যৰ বাবে ভিটামিন বি-১২ কিয় গুৰুত্বপূৰ্ণ ?

  • ভিটামিন বি-১২ৰ অভাৱত মগজু আৰু স্নায়ুতন্ত্ৰত বেয়াকৈ প্ৰভাৱ পৰে ৷
  • গৰ্ভাৱস্থাত মহিলাক প্ৰচুৰ পৰিমাণে ভিটামিন বি-১২ৰ প্ৰয়োজন হয় ৷
  • ভিটামিন বি-১২ৰ অভাৱত ডিমেনচিয়া হ’ব পাৰে ৷
  • এই অত্যাৱশ্যকীয় ভিটামিনৰ অভাৱত হাড় আৰু গাঁঠিৰ বিষ হয় ৷
  • ইয়াৰ ফলত ৰক্তহীনতাৰ সম্ভাৱনা বৃদ্ধি পায় ৷
  • শৰীৰত শক্তি উৎপাদনৰ বাবেও ভিটামিন বি ১২ প্ৰয়োজনীয় ৷

এই খাদ্যত প্ৰচুৰ পৰিমাণে থাকে বি-১২

যদি আপুনিও শৰীৰত এই ভিটামিনৰ অভাৱ অনুভৱ কৰি আছে, তেন্তে কিছুমান খাদ্য আছে যাৰ সহায়ত আপুনি ভিটামিন বি ১২ (ভিটামিন বি ১২ সমৃদ্ধ খাদ্য)ৰ অভাৱ সহজে দূৰ কৰিব পাৰে ৷

  • পনিৰ
  • অটচ
  • গাখীৰ
  • ব্ৰকলি
  • কাঠফুলা
  • মাছ
  • কণী
  • চয়াবিন
  • দৈ

লগতে পঢ়ক: Health Tips: জিমলৈ যাবলৈ এলাহ লাগে নেকি ? তেন্তে বিচনাতে কৰক এই ৩ টা ব্যায়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.