ETV Bharat / sukhibhava

Health Tips: এইবিধ বিশেষ চাহে নিয়ন্ত্ৰণ কৰিব মধুমেহ; লাভ কৰিব অনেক উপকাৰিতা - ওলং চাহ

আমি প্ৰতিদিনে পুৱাৰ পৰা গধূলিলৈ যি চেনি আৰু গাখীৰৰ চাহ খাই থাকোঁ, ইয়াৰ ফলত আমাৰ দেহত ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে ৷ ইয়াৰ পৰিৱৰ্তে আপুনি এবিধ বিশেষ ধৰণৰ চাহ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰে যিয়ে আপোনাৰ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব ৷

Drinking this special tea will control blood sugar, you will get many other benefits
এইবিধ বিশেষ চাহে নিয়ন্ত্ৰণ কৰিব মধুমেহ; লাভ কৰিব অনেক উপকাৰিতা
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:23 PM IST

ডায়েবেটিছ বা মধুমেহ ৰোগীৰ জীৱন আনতকৈ যথেষ্ট কঠিন, কাৰণ তেওঁলোকে সদায় নিজৰ ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাক লৈ চিন্তিত থাকে ৷ মধুমেহ ৰোগীৰ বৃক্ক ৰোগ, হাৰ্ট এটেক আৰু দৃষ্টিশক্তি বেয়া হোৱাৰ আশংকা থাকে ৷ এনে বিপদৰ পৰা হাত সাৰিবলৈ প্ৰথমে গাখীৰ আৰু চেনিযুক্ত চাহ পৰিহাৰ কৰাটো উচিত ৷ ইয়াৰ বিপৰীতে আপুনি ওলং চাহ গ্ৰহণ কৰিব পাৰে ৷ ইয়াৰ ফলত স্বাস্থ্যৰ বাবে বহুতো আচৰিত উপকাৰিতা সাধন হ’ব পাৰে ৷

ওলং চাহ চীনৰ এবিধ পৰম্পৰাগত চাহ, যিটো বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা হয় । এই গছৰ পাত, ডাল আৰু কলি চাহত ব্যৱহাৰ কৰা হয় । কিন্তু প্ৰধানকৈ চীন, জাপান আৰু আমেৰিকাত ইয়াৰ প্ৰচলন অধিক । চীনত ইয়াক পৰম্পৰাগত চাহ হিচাপে ব্যৱহাৰ কৰা হয় ।

ওলং চাহত থকা পুষ্টিকৰ উপাদান

ওলং চাহক পুষ্টিকৰ সম্পদৰ ভঁৰাল বুলি কোৱা হয়, কাৰণ ইয়াত ভিটামিন A, ভিটামিন B, ভিটামিন C, ভিটামিন E, ভিটামিন K, কেৰটিন, চেলেনিয়াম, মেংগানিজ, তাম, কেলচিয়াম আৰু এন্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায় ৷

ওলং চাহ খোৱাৰ উপকাৰিতা

১) টাইপ ২ মধুমেহ ৰোগীক নিয়মিতভাৱে ওলং চাহ খোৱাৰ পৰামৰ্শ দিয়া হয়, ইয়াৰ ফলত আপোনাৰ ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ হোৱাই নহয়, ই আপোনাৰ মানসিক স্বাস্থ্যও উন্নত কৰে ৷ ভালকৈ ধৰি ৰাখে, যিয়ে মানসিক চাপ কমোৱাত সহায় কৰে ৷

২) দৈনিক একাপ ওলং চাহ খোৱা লোকসকলে অতি সহজে ওজন হ্ৰাস কৰিব পাৰে, কাৰণ ই পেটৰ চৰ্বি কম কৰাত অতি ফলপ্ৰসূ, কেইসপ্তাহমানৰ ভিতৰত এই চাহ সেৱন কৰি আপুনি নিজৰ ওজন হ্ৰাস কৰিব পাৰে ৷

৩) চীনত পৰম্পৰাগতভাৱে ওলং চাহ খোৱা হয় ৷ ইয়াৰ ফলত আমাৰ দাঁতবোৰো মজবুত হয় ৷

৪) ভাৰতত হৃদৰোগীৰ সংখ্যা অতি বেছি, সেয়েহে ওলং চাহ খাবই লাগিব, কাৰণ ই হৃদৰোগৰ সম্ভাৱনা কম কৰিব পাৰে ৷

লগতে পঢ়ক: Protein Rich Foods: মাছ-মাংস নোখোৱাকৈয়ে এই সুষম খাদ্যৰ দ্বাৰা লাভ কৰক প্ৰ’টিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.