ETV Bharat / sukhibhava

Sunscreen for Skin: সঁচাকৈ ছানস্ক্ৰীনে প্ৰখৰ ৰ’দৰ পৰা ছালক ৰক্ষা কৰেনে ? জানি লওক সত্যতা - ছালৰ কেন্সাৰ

শেহতীয়াকৈ কেন্সাৰছ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে এক গুৰুতৰ তথ্য ৷ ৰ’দৰ পৰা সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা ছানস্ক্ৰীণ ৰ’দৰ পৰা সুৰক্ষাৰ অন্যান্য পদ্ধতিতকৈ কম ফলপ্ৰসূ ৷ কেৱল এয়াই নহয়, অত্যধিক ছান স্ক্ৰীণ ব্যৱহাৰৰ ফলত বৃদ্ধি পায় ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৷

Does sunscreen really protect our skin against sunlight? know from the experts
সঁচাকৈ ছানস্ক্ৰীনে প্ৰখৰ ৰ’দৰ পৰা ছালক ৰক্ষা কৰেনে ? জানি লওক সত্যতা
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 12:06 PM IST

ৰ’দৰ পৰা সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা ছানস্ক্ৰীণ (Sunscreen) ৰ’দৰ পৰা সুৰক্ষাৰ অন্যান্য পদ্ধতিতকৈ কম ফলপ্ৰসূ ৷ কেৱল এয়াই নহয়, ছান স্ক্ৰীণৰ অত্যধিক ব্যৱহাৰৰ বাবে ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে ৷ এই গৱেষণা কেন্সাৰছ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে ৷ কানাডাৰ মেকগিল বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ ইভান লিটভিনভৰ মতে, বেছিভাগ মানুহেই পৰ্যাপ্ত পৰিমাণৰ ছানস্ক্ৰীণ প্ৰয়োগ নকৰে ৷

পুৱা ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে বহুলোকে ছানস্ক্ৰীণ প্ৰয়োগ কৰিহে বাহিৰলৈ যায় আৰু ঘণ্টাৰ পিছত ঘণ্টা প্ৰখৰ ৰ’দত থাকে ৷ তেওঁলোকে ভাবে যে ছালত প্ৰয়োগ কৰা এই ছানস্ক্ৰীণে তেওঁলোকৰ ছালক নিৰাপত্তা প্ৰদান কৰিছে কিন্তু সেয়া সম্পূৰ্ণ এক ভুল ধাৰণা ৷

গৱেষণাৰ দ্বিতীয় খণ্ডত অধিক ছানস্ক্ৰীণ ব্যৱহাৰ কৰা লোকসকলক অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ইয়াৰ বাবে দুটা শ্ৰেণী গোট গঠন কৰা হৈছিল ৷ ইয়াৰ ভিতৰত স্কটিয়া আৰু প্ৰিন্স এডৱাৰ্ড দ্বীপত বাস কৰা লোকসকলো আছে, যিসকলে সূৰ্যৰ তাপৰ পৰা সুৰক্ষাৰ প্ৰতি অধিক সচেতন আৰু যাৰ বাবে তেওঁলোকে ছালত অধিক ছানস্ক্ৰীণ প্ৰয়োগ কৰে ৷ আনহাতে, ব্ৰিটেইনৰ বায়’বেংকৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছিল যিসকল লোক ছালৰ কৰ্কট ৰোগ বা মেলানোমাত আক্ৰান্ত আছিল ৷

শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নে সকলোকে স্তম্ভিত কৰি তুলিছে ৷ এই অধ্যয়নত কোৱা হৈছে যে ছানস্ক্ৰীণত বেনজিন নামৰ এবিধ পদাৰ্থ পোৱা যায় ৷ ই এক প্ৰকাৰৰ বিষাক্ত পদাৰ্থ, যাৰ ফলত ছালৰ কেন্সাৰ হ’ব পাৰে ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ছানস্ক্ৰীণ প্ৰয়োগ কৰিলে কেন্সাৰ হ’ব পাৰে নেকি ?

সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি কিছুমান ছানস্ক্ৰীণত বেনজিন অধিক পৰিমাণে পোৱা যায়, যিটো চিন্তানীয় বিষয় ৷ বেনজিন হৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ ৷ ইয়াৰ ফলত ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায় ৷ লিটভিনভে কয় যে, গৱেষণাৰ পৰা দেখা গৈছে যে যিসকলে অত্যধিক পৰিমাণে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিছিল তেওঁলোকৰ ক্ষেত্ৰত ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা দুগুণতকৈও অধিক ৷

সেয়ে তেওঁ কয় যে, বজাৰৰ পৰা প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ ওপৰত বিশ্ব স্তৰত সিদ্ধান্ত লোৱা উচিত ৷ সূৰ্যৰ তাপৰ পৰা পৰিত্ৰাণ আৰু ছালৰ কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত জ্ঞান আৰু অভ্যাসৰ পাৰ্থক্যটো বুজা উচিত ৷ তাৰোপৰি, ছানস্ক্ৰীণৰ উপযোগিতা আৰু বিশ্ব স্তৰত সম্প্ৰদায়সমূহৰ জীৱনৰ মানদণ্ডৰ ওপৰতো আলোকপাতৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে ৷ অধ্যয়ন অনুসৰি ছানস্ক্ৰীণৰ ব্যৱহাৰ বৃদ্ধি পাইছে যদিও মেলানোমা আৰু ছালৰ কৰ্কট ৰোগৰ হাৰো যথেষ্ট বৃদ্ধি পাইছে, যাক গৱেষকসকলে “ছানস্ক্ৰীণ পেৰাডক্স” বুলি অভিহিত কৰিছে ৷

লগতে পঢ়ক: Lemon For Skin: উজ্জ্বল ছালৰ বাবে এনেদৰে মুখমণ্ডলত ব্যৱহাৰ কৰক নেমু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.