ETV Bharat / sukhibhava

Recycling of tea leaves: চাহ বনোৱাৰ পিছত চাহপাতখিনি পেলাই দিয়ে নেকি ? এনেদৰে কৰক পুনঃব্যৱহাৰ - Do you throw away tea leaves

আমি প্ৰায়ে চাহ বনাই চাহপাতখিনি অসাৰ বুলি গণ্য কৰি পেলাই দিওঁ ৷ কিন্তু আপুনি জানেনে ইয়াক বিভিন্ন প্ৰকাৰে আমি ব্যৱহাৰ কৰিব পাৰো ৷ আহক আমি জানো পেলনীয়া বুলি ভবা চাহপাতক আমি কি কি পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰোঁ ৷

Do you throw away leftover antioxidant-rich tea leaves? use it instead of wasting it
চাহ বনোৱাৰ পিছত চাহপাতখিনি পেলাই দিয়ে নেকি ? এনেদৰে কৰক পুনঃব্যৱহাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 1:01 PM IST

ভাৰতৰ প্ৰত্যেক স্থানতে চাহ খুবেই জনপ্ৰিয়, আমাৰ পুৱাৰ আৰম্ভণিও সদায় একাপ চাহৰ সৈতেই হয় ৷ আনকি এছিয়া আৰু বিশ্বৰ আন দেশতো ই এক গুৰুত্বপূৰ্ণ পানীয় ৷ পানীৰ পিছত ভাৰতবৰ্ষত ই সৰ্বাধিক সেৱন কৰা পানীয় ৷ আমি ৰাতিপুৱা উঠাৰ পৰা গধূলিলৈকে নিশ্চয়কৈ একাপ চাহ সেৱন কৰিবলৈ ভালপাওঁ ৷ বহুতৰে বাবে এইটো এটা অভ্যাসত পৰিণত হৈছে, যাৰ অবিহনে তেওঁলোকে দিন পাৰ কৰাটো কঠিন হৈ পৰে ৷

বাকী থকা চাহপাত কেনেকৈ ব্যৱহাৰ কৰিব ?

আমি বেছিভাগেই চাহ চেকি কৰি বাকী থকা চাহপাতবোৰ ডাষ্টবিনত পেলাই দিওঁ আৰু ভাবো যে ই অসাৰ হৈ পৰিছে, কিন্তু যদি আপুনি ইয়াৰ উপকাৰিতাৰ কথা জানে তেন্তে আপুনি কেতিয়াও এনেকুৱা ভুল নকৰে ৷ আজিকালি সকলোৱে পেলনীয়া সামগ্ৰী পুনৰ ব্যৱহাৰৰ কথা কৈ আহিছে, এই ক্ষেত্ৰত চাহপাত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে ৷

১) ঘাঁত লগাব লাগে

চাহপাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে ঘাঁ বা আঘাত ভাল কৰাত সহায় কৰে ৷ বাকী থকা চাহপাতখিনি আপুনি এবাৰ ধুই তাৰ পিছত গৰম পানীত উতলাই লওক ৷ এতিয়া আঘাতপ্ৰাপ্ত ঠাইত লগাব আৰু পিছত ধুই লওক ৷ ইয়াৰ দ্বাৰা আপুনি যথেষ্ট সকাহ লাভ কৰিব ৷

২) মাখি

বহুতৰে ঘৰত মাখিৰ উপদ্ৰৱ দেখা যায়, এই জীৱবোৰে আমাৰ খাদ্য দূষিত কৰে যাৰ ফলত বহু ৰোগ বিয়পি পৰে ৷ সিহঁতক খেদি পঠিয়াবলৈ বাকী থকা চাহপাতখিনি কপাহী কাপোৰেৰে মেৰিয়াই বাণ্ডিল এটা বনাই পাকঘৰত ৰাখিব ৷ ইয়াৰ ফলত মাখিয়ে ইফালে সিফালে গুঞ্জৰিত নহয় ৷

৩) চুলিত লগাব লাগে

অসাৰ বুলি গণ্য কৰা চাহপাত আমাৰ চুলিৰ বাবেও অতি উপকাৰী, উতলাই পানীখিনি স্বাভাৱিক কৰি লোৱাৰ পিছত ইয়াক কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ এনে কৰিলে চুলিবোৰ জিলিকি উঠিব ৷

৪) বাচন-বৰ্তন ধুবৰ বাবে

বাকী থকা চাহপাতৰ সহায়ত খাদ্যৰ বাচনবোৰো পৰিষ্কাৰ কৰিব পাৰি ৷ ফিল্টাৰ কৰাৰ পিছত চাহপাতখিনি ধুই এটা চচপেনত পানীৰে উতলাই লওক ৷ এতিয়া এই পানীৰে লেতেৰা বাচন-বৰ্তন ধুলে দাগ আৰু তেলৰ দাগবোৰ আঁতৰি যাব ৷

৫) ছালত লগাব পাৰে

যেতিয়া আপোনাৰ ছাল টেনিঙৰ সন্মুখীন হ’বলগীয়া হয় তেতিয়া চাহপাত ছালৰ বাবেও অতি উপকাৰী হ’ব পাৰে ৷ আপুনি বাকী থকা চাহপাতখিনি ৰ’দত শুকুৱাই লওক আৰু তাৰ পিছত পিহি লোৱাৰ পিছত বেকিং চোডা আৰু পানী মিহলাই পেষ্ট প্ৰস্তুত কৰক ৷ এতিয়া আঁঠু, কঁকাল আৰু ডিঙিত লগালে ক’লা দূৰ হৈ পৰে ৷

৬) আচবাব উজ্জ্বল কৰা

কেতিয়াবা পুৰণি আচবাবৰ পৰা জিলিকনি নোহোৱা হৈ যায়, এনে পৰিস্থিতিত স্প্ৰে বটলত বাকী থকা চাহপাতৰ পানী মিহলাই ওপৰত ছটিয়াই দিলে নতুনৰ দৰে জিলিকি উঠিব ৷

৭) পচন সাৰ

বাকী থকা চাহপাতখিনি আপুনি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ ঘৰৰ পাত্ৰ বা বাৰীৰ মাটিত মিহলাই দিলে তেতিয়া গছজোপা উপকৃত হ’ব ৷

৮) বুটৰ ৰং সলনি কৰক

চজিনা তিয়াই থোৱাৰ আগতে বাকী থকা চাহৰ বেগটো ইয়াৰ পানীত দিলে কাবুলি বুটৰ তৰকাৰীৰ ৰং খুবেই ধুনীয়া হয় ৷

লগতে পঢ়ক: Benefits of Tomatoes: বিলাহী শৰীৰৰ বাবে কিমান উপকাৰী জানে নে ? জানো আহক লাভালাভ সমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.