আমাৰ মাজত বহুলোকৰে এই সমস্যা থাকে যে টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে মূৰৰ বিষ হ’বলৈ আৰম্ভ কৰে যদিও বহুলোকে ইয়াক সাধাৰণ বুলি গণ্য কৰি আওকাণ কৰা দেখা যায়, কিন্তু এনে কৰাটোৱে পিছলৈ আপোনাৰ শৰীৰত গম্ভীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে ৷ পুৱা মূৰৰ বিষে আমাৰ গোটেই দিনটো নষ্ট কৰি পেলায় ৷ এনে পৰিস্থিতিত এই বিষয়ে সচেতন হোৱাটো খুব প্ৰয়োজন ৷ তেন্তে জানো আহক পুৱা মূৰৰ বিষ হোৱাৰ আঁৰৰ মূল কাৰণ কি কি-
- টোপনিৰ মানদণ্ড
সঠিক পৰিমাণৰ টোপনি গ্ৰহণ নকৰা, অপৰ্যাপ্ত টোপনিৰ সময় বা টোপনিৰ ব্যাঘাত জন্মিলে পুৱা মূৰৰ বিষ হ’ব পাৰে ৷ এনে পৰিস্থিতিত আপুনি শুবলৈ সময় নিৰ্ধাৰণ কৰি আৰামদায়ক পৰিৱেশ নিশ্চিত কৰিব লাগে, যাতে আপুনি ভালদৰে টোপনি গ্ৰহণ কৰিব পাৰে ৷
- স্লিপ এপনিয়া
পুৱা মূৰৰ বিষ অনুভৱ কৰা লোকসকলৰ টোপনিৰ সময়ত উশাহ-নিশাহ বন্ধ হোৱা অৱস্থাত স্লিপ এপনিয়াৰ আশংকা থাকিব পাৰে ৷ জাৰ্নেল অৱ হেডএচ এণ্ড পেইনৰ এক অধ্যয়ন অনুসৰি স্লিপ এপনিয়াত আক্ৰান্ত প্ৰতি পাঁচজন লোকৰ ভিতৰত এজনে পুৱা মূৰৰ বিষৰ কথা উল্লেখ কৰিছে ৷
- ডিহাইড্ৰেচন
আপুনি জানেনে যে ডিহাইড্ৰেচনৰ ফলত পুৱা মূৰৰ বিষ হ’ব পাৰে ? সেয়ে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিলে আমি আমাৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰাৰ লগতে মূৰৰ বিষৰ ফলত টোপনিৰ পৰা সাৰ পোৱাৰ সমস্যা দূৰ হ’ব পাৰে ৷
- ব্ৰুক্সিজম (দাঁত মুচৰি থকা)
পুৱা মূৰৰ বিষৰ ফলত টোপনি ভাঙি যোৱাৰ আঁৰত আন এটা কাৰণ হৈছে ব্ৰুক্সিজম, যিটো হ’ল টোপনিৰ সময়ত দাঁত মুচৰি থকাৰ ফলত হ’ব পাৰে ৷ যদি আপোনাৰো এই সমস্যা আছে তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰক বা চিকিৎসকৰ পৰামৰ্শ লওক ৷
- শুই থকা অৱস্থা
শুই থকা অৱস্থাত মূৰ আৰু ডিঙিৰ বিষ হ’ব পাৰে ৷ এনে পৰিস্থিতিত মনত ৰাখিব যে এনেদৰে শোৱাৰ চেষ্টা কৰক যাতে আপোনাৰ ডিঙি আৰু মূৰটোৱে জিৰণি লাভ কৰে ৷ যেতিয়াই আপুনি অনুভৱ কৰে যে আপুনি ভুল দিশত টোপনি গ্ৰহণ কৰিছে তেতিয়া তৎক্ষণাত সেই ভুল শুধৰাবলৈ চেষ্টা কৰক ৷
- কেফেইন
নিয়মিতভাৱে কেফেইন সেৱন কৰাত অভ্যস্ত লোকে পুৱা মূৰৰ বিষৰ সমস্যা থাকিব পাৰে ৷ সেয়ে আপুনি লাহে লাহে কেফেইন সেৱন কৰাটো কমাই নিজৰ শৰীৰটোক হাইড্ৰেটেড কৰি ৰখাৰ চেষ্টা কৰক, ইয়াৰ ফলত মূৰৰ বিষৰ সমস্যা নাইকিয়া হ’ব পাৰে ৷
- চাইনাছ
পুৱা মূৰৰ বিষ চাইনাছ কনজেচন বা ইনফেকচনৰ ফলতো হ’ব পাৰে ৷ চাইনাছৰ লগত জড়িত লক্ষণ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ ৷
- চকুৰ ওপৰত হেঁচা পৰা
বহু সময় ধৰি কম্পিউটাৰ, মোবাইল লেপটপ আদিত ব্যস্ত থাকিলে পুৱা চকু টান মাৰি ধৰে আৰু মূৰৰ বিষ হ’ব পাৰে ৷ নিয়মিত চকুৰ পৰীক্ষা আৰু ২০-২০-২০ নিয়ম মানি চলা (স্ক্ৰীণৰ সময়ৰ প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বিৰতি লৈ ২০ ফুট দূৰৰ পৰা যিকোনো বস্তুত মনোনিৱেশ কৰা) আপুনি এই সমস্যাৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰে ৷
- পুষ্টিৰ কাৰক
আমি আমাৰ খাদ্য তালিকাত কিছুমান খাদ্য অন্তৰ্ভুক্ত নকৰিলে পুৱাৰ ভাগত মূৰৰ বিষৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে মূৰৰ বিষ নিয়ন্ত্ৰণ কৰিবলৈ সুষম খাদ্য বজাই ৰাখক আৰু কোনবোৰ খাদ্যই আপোনাৰ মূৰৰ বিষৰ কাৰণ হৈছে সেইটো চিনাক্ত কৰক ৷
- মানসিক চাপ আৰু উদ্বেগ
মানসিক চাপ আৰু উদ্বেগকে ধৰি মনোবৈজ্ঞানিক কাৰকসমূহো পুৱাৰ ভাগত মূৰৰ বিষৰ হোৱাৰ অন্য এটা কাৰণ হ’ব পাৰে ৷ আৰ্কাইভছ অৱ ইণ্টাৰনেল মেডিচিনৰ এক অধ্যয়ন অনুসৰি পুৱাৰ মূৰৰ বিষ তীব্ৰ হতাশা আৰু টোপনিৰ অসুবিধাৰ লক্ষণ হ’ব পাৰে ৷ গতিকে মাইণ্ডফুলনেছ, ধ্যান বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
লগতে পঢ়ক: কলেষ্টেৰল, হাৰ্ট এটেক-ষ্ট্ৰোক দূৰ কৰিবলৈ গ্ৰহণ কৰক গৰুৰ গাখীৰ