ETV Bharat / sukhibhava

আপোনাৰো পুৱাৰ ভাগত বমি হয় নেকি ? এয়া হ’ব পাৰে ইয়াৰ গুৰুতৰ কাৰণ

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 11:00 AM IST

Updated : Dec 27, 2023, 11:30 AM IST

Vomiting and Morning Sickness: বহুলোকৰে পুৱাৰ ভাগত বমিৰ সমস্যাই দেখা দিয়ে ৷ কেৱল গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতে এনে নহয় পুৱাৰ ভাগত বমিৰ সমস্যা যিকোনো লোকৰে হ’ব পাৰে ৷ বহুতে বমিৰ বিৰুদ্ধে যুঁজিবলৈ ঘৰুৱা উপায় অনুসৰণ কৰে, কিন্তু ইয়াৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজ দিবলৈ ইয়াৰ কাৰণ জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় ৷ এই কাৰণসমূহৰ বিষয়ে তলত বিতংভাৱে জানো আহক-

Do you also vomit in the morning? These could be serious reasons
আপোনাৰো পুৱাৰ ভাগত বমি হয় নেকি ? এয়া হ’ব পাৰে ইয়াৰ গুৰুতৰ কাৰণ

আমাৰ মাজৰ বহুতৰে পুৱাৰ ভাগত বমিৰ সমস্যাই দেখা দিয়ে ৷ কেৱল গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতে এনে নহয় পুৱাৰ ভাগত বমিৰ সমস্যা যিকোনো লোকৰে হ’ব পাৰে ৷ এয়া কোনো ৰোগ নহয়, কিন্তু কিছুমান কাৰণত মানুহৰ মাজত এনেকুৱা সমস্যাই দেখা দিয়ে ৷ গৰ্ভাৱস্থাৰ সময়ত পুৱাৰ ভাগত এনে হোৱাটো সাধাৰণ কাৰণ,যাক Morning Sickness বুলিও কোৱা হয় ৷ এয়া পেটৰ সাধাৰণ অস্বস্তিৰ ফলত বা কোনো অৱস্থাৰ লক্ষণ হ’ব পাৰে ৷ সাধাৰণতে বহুতে বমিৰ বিৰুদ্ধে যুঁজিবলৈ ঘৰুৱা উপায় অনুসৰণ কৰে, কিন্তু ইয়াৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজ দিবলৈ ইয়াৰ কাৰণ জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় ৷ এই কাৰণসমূহৰ বিষয়ে তলত বিতংভাৱে জানো আহক-

পুৱা বমি ভাৱ কিয় আহে ?

১) ভাগৰুৱা-

সাধাৰণতে কম টোপনিৰ বাবে বমিৰ সমস্যা হ’ব পাৰে ৷ টোপনি কম হ’লে পুৱাৰ ভাগত বমি ভাব আহিব পাৰে ৷ যদি আপোনাৰ শৰীৰে ভাগৰুৱা অনুভৱ কৰে তেন্তে এই সমস্যাই দেখা দিব পাৰে ৷

২) ৰক্তশৰ্কৰাৰ মাত্ৰা কম হোৱা-

তেজত গ্লুক’জৰ পৰিমাণ কম হ’লে বমি হ’ব পাৰে ৷ ইয়াৰ ফলত মূৰ ঘূৰাবও হ’ব পাৰে ৷ সাধাৰণতে নিশাৰ আহাৰ আৰু ব্ৰেকফাষ্টৰ মাজত দীঘলীয়া ব্যৱধানৰ বাবে এনে হয় ৷ ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলেও ৰক্তশৰ্কৰাৰৰ মাত্ৰাৰ উঠা-নমা অনুভৱ কৰিব পাৰে ৷ ব্ৰেকফাষ্ট এৰি দিলে এই অৱস্থা আৰু বেয়া হ’ব পাৰে ৷

৩) এচিড ৰিফ্লাক্স-

হাৰ্টবাৰ্ণ বা এচিড ৰিফ্লাক্সে বমিকে ধৰি বহু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে ৷ শোৱাৰ কেইঘণ্টামান আগতে নিশাৰ আহাৰ খালে নিশা এচিড ৰিফ্লাক্স ৰোধ কৰিব পৰা যায় ৷

৪) উদ্বেগ-

উদ্বেগ হৈছে এক মানসিক অৱস্থা যিয়ে বহু সমস্যাৰ সৃষ্টি কৰে ৷ ইয়াৰ ফলত বমিও হ’ব পাৰে আৰু পৰিস্থিতি অধিক বেয়াৰ ফাললৈ যাব পাৰে ৷

৫) গেষ্ট্ৰ’পেৰেছিছ-

ইয়াৰ উপৰিও ই পাচনতন্ত্ৰৰ সমস্যা, য’ত পেটৰ পেশীবোৰে সঠিকভাৱে কাম নকৰে ৷ Gastroparesisৰ ফলত বমি, পেটৰ বিষ হ’ব পাৰে ৷

৬) মূৰৰ বিষ বা মাইগ্ৰেইন-

মূৰৰ বিষৰ বাবেও বমি সমস্যা হ’ব পাৰে ৷ মাইগ্ৰেইন হৈছে মূৰৰ বিষৰ তীব্ৰ ৰূপ ৷ যদি সঘনাই এনেকুৱা হয় তেন্তে চিকিৎসকৰ ওচৰলৈ গৈ মূৰৰ বিষৰ ধৰণ অনুসৰি ইয়াৰ কাৰণৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসা গ্ৰহণ কৰাটো উচিত ৷

৭) ডিহাইড্ৰেচন-

পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ নকৰিলেও বমি হ’ব পাৰে ৷ ডিহাইড্ৰেচনেও আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে যেনে মূৰ ঘূৰোৱা, ভাগৰুৱা অনুভৱ কৰা, প্ৰস্ৰাৱ হালধীয়া হোৱা আৰু বহুতো ৷ সেয়ে দিনটোত সঠিক পৰিমাণে পানী নাখালে পুৱা অসুস্থ অনুভৱ কৰিব পাৰে ৷

লগতে পঢ়ক: খোজ কঢ়া নে দৌৰা ? কোনটো আপোনাৰ স্বাস্থ্যৰ বাবে উত্তম

Last Updated : Dec 27, 2023, 11:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.