ETV Bharat / sukhibhava

Almonds: আপুনিও শীতকালত কাঠবাদাম বেছিকৈ খায় নেকি ? তাৰ পূৰ্বে জানি লওক পাৰ্শ্বক্ৰিয়া - অত্যধিক কাঠবাদাম খোৱাৰ অপকাৰিতা

শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ আমি বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰো । এই স্বাস্থ্যকৰ বস্তুবোৰৰ ভিতৰত কাঠবাদাম অন্তৰ্ভুক্ত । ইয়াৰ পৰা বহু ধৰণৰ ৰেচিপিও তৈয়াৰ কৰা হয় । বেছিভাগ মিঠাইত ইয়াক ব্যৱহাৰ কৰা হয় । ই পুষ্টিকৰ উপাদানৰ ভঁৰাল যদিও ইয়াক অতিমাত্ৰা খালে শৰীৰৰ ক্ষতিও হ’ব পাৰে । সেয়া নো কি জানো আহক...

Do you also eat too many almonds in winter, then it can cause major harm to the body
আপুনিও শীতকালত কাঠবাদাম বেছিকৈ খায় নেকি ? তাৰ পূৰ্বে জানি লওক পাৰ্শ্বক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 4:15 PM IST

পুষ্টিকৰ গুণেৰে সমৃদ্ধ কাঠবাদামক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ খাদ্যত ইয়াক বহু ধৰণে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ উপৰিও কাঠবাদাম খাদ্য সজোৱাৰ বাবেও ব্যৱহাৰ কৰা হয় ৷ ভিটামিন-ই, ওমেগা-৩ ফেটি এচিড, প্ৰ’টিন, ভিটামিন-কে, ফাইবাৰ, জিংক আদি বহুতো পুষ্টিকৰ উপাদান ইয়াত পোৱা যায়, কিন্তু আপুনি জানেনে, অতিৰিক্ত কাঠবাদাম খালে স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে অত্যধিক কাঠবাদাম খোৱাৰ অপকাৰিতাৰ বিষয়ে জানি লওক-

পাচনতন্ত্ৰৰ সমস্যা

নিয়মিতভাৱে অধিক কাঠবাদাম খালে আপুনি পাচনতন্ত্ৰৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, পেট ফুলা, পেট বেয়া হোৱা আদিত ভুগিব পাৰে ৷ কাৰণ কাঠবাদামত অধিক পৰিমাণৰ আঁহ থাকে আৰু অত্যধিক আঁহ সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷

ওজন বৃদ্ধি পায়

বেছিকৈ কাঠবাদাম খালে ওজন বৃদ্ধি হ’ব পাৰে ৷ আচলতে ইয়াত অধিক পৰিমাণৰ চৰ্বি আৰু কেলৰি থাকে ৷ অৱশ্যে কাঠবাদামতো মনোচেচুৰেটেড ফেট পোৱা যায়, যিটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী৷ আপুনি আপোনাৰ খাদ্যত সীমিত পৰিমাণৰ কাঠবাদাম অন্তৰ্ভুক্ত কৰিব পাৰে ৷

এলাৰ্জী

বহুতে কাঠবাদাম বেছিকৈ খালে এলাৰ্জী, ফুলা, ফোহা আদি সমস্যাত ভুগিবলগীয়া হয় ৷ সেয়েহে ইয়াক সীমিত পৰিমাণেহে খাব লাগে ৷ এনাফিলেক্সিছৰ দৰে তীব্ৰ এলাৰ্জীত ভুগি থকা লোকসকলে কাঠবাদাম খোৱাৰ পৰা বিৰত থাকিব লাগে ৷

বৃক্কৰ পাথৰ

যদি আপোনাৰ কিডনী ষ্টোনৰ সমস্যা আছে, তেন্তে আপুনি বেছি পৰিমাণে কাঠবাদাম খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ আচলতে ইয়াত অধিক পৰিমাণৰ অক্সালেট থাকে আৰু ই বৃক্কৰ সমস্যা আৰু অধিক বৃদ্ধি কৰে ৷

অত্যধিক পৰিমাণৰ ভিটামিন ই

কাঠবাদামত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে ৷ যিটো চুলিৰ বৃদ্ধিৰ বাবে উপকাৰী, কিন্তু যদি আপুনি বেছি পৰিমাণে কাঠবাদাম খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷ শৰীৰত ভিটামিন ই অতিমাত্ৰা থাকিলে ৰক্তক্ষৰণৰ দৰে ভয়াৱহ পৰিণতি হ’ব পাৰে ৷

লগতে পঢ়ক: Steam Benefits: বৃদ্ধি পোৱা প্ৰদূষণত নিতৌ মুখত লওক ভাপ আৰু তৎক্ষণাত সকাহ পাওক এইসমূহ সমস্যাৰ পৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.