১৮ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ’ব । এই দিনটোত ভগৱান শংকৰক বিশেষভাৱে পূজা কৰা হয় । এই শুভ দিনটোত ভোলেনাথক সন্তুষ্ট কৰিবলৈ ভক্তসকলে ব্ৰত পালন কৰে(Mahashivratri 2023 time)। কোৱা হয় যে প্ৰকৃত বিশ্বাস আৰু শান্ত মনেৰে ভগৱান শংকৰক পূজা কৰিলে প্ৰতিটো ইচ্ছা পূৰণ হয়(Mahashivratri 2023 significace)। যদি আপুনিও শিৱৰাত্ৰিত উপবাস কৰিবলৈ গৈ আছে, তেন্তে আমি আপোনাক ক’ম ব্ৰতৰ সময়ত কি খাব আৰু কি নাখাব । জানো আহক...
১) ফল-মূল খাব লাগে
ফল-মূল স্বাস্থ্যৰ বাবে সকলো দিশতে উপকাৰী (Mahashivratri 2023 Date)। উপবাসৰ সময়ত আপেল, কল, কমলা, ডালিম আদি গ্ৰহণ কৰিব পাৰে । ইয়াৰ বাবে শৰীৰৰ শক্তি থাকি যায় আৰু পেটটোও ভৰি থাকে (Mahashivratri 2023 Fasting)।
২) উপবাসৰ খাদ্যত থাণ্ডাই অন্তৰ্ভুক্ত কৰক
মহাশিৱৰাত্ৰীৰ ব্ৰতৰ সময়ত থাণ্ডাই পান কৰিব পাৰে । লগতে পেটত থকা গৰম বা তাপ নাইকিয়া কৰাত সহায় কৰে । থাণ্ডাইৰ প্ৰসাদ শিৱ ভক্তসকলকো বিতৰণ কৰা হয় । ইচ্ছা কৰিলে আপোনাৰ প্ৰিয় ফল অনুযায়ী থাণ্ডাই বনাব পাৰে ।
৩) বকঘেঁহুৰ আটাৰে তৈয়াৰী বস্তু খাব লাগে
উপবাসৰ সময়ত বকঘেঁহুৰ আটাৰে তৈয়াৰী বস্তু খাব পাৰে । এই আটাৰে বনোৱা আপুনি হালোৱা, পুৰী বা পৰঠা খাব পাৰে । ব্ৰতৰ সময়ত খালে আপুনি দুৰ্বল অনুভৱ নকৰিব ।
৪) শুকান ফল খোৱা উচিত
উপবাসৰ সময়ত শুকান ফল খোৱাটো ভাল । কাজু, কিচমিচ, আলমণ্ড, মাখানা আদি মহাশিৱৰাত্ৰীৰ উপবাসৰ সময়ত খাব পাৰে । ইচ্ছা কৰিলে কেঁচা বা পোৰা খাব পাৰে ।
৫) চাগু খিচিৰি
চাগু খাবলৈ কেৱল সোৱাদযুক্তই নহয় ই স্বাস্থ্যৰ পক্ষেও উপকাৰী বুলি গণ্য কৰা হয় । মহাশিৱৰাত্ৰীৰ উপবাসত চাগুৰ খিচড়ি, লাডু, হালোৱা খাব পাৰে ।
মহাশিৱৰাত্ৰীৰ উপবাসৰ সময়ত গ্ৰহণ নকৰিব এইসমূহ খাদ্য-
এই দিনটোত নহৰু-পিয়াঁজ খাব নালাগে ।
মহাশিৱৰাত্ৰিৰ দিনা বগা নিমখৰ সলনি ক’লা নিমখ খাব পাৰে ।
উপবাসৰ সময়ত ভজা বস্তু বেছিকৈ খোৱাৰ পৰা বিৰত থাকক । এইবোৰ খালে পাচনতন্ত্ৰৰ সমস্যা ভুগিব পাৰে ।
লগতে পঢ়ক: Nutrition of Fruits: ফল-মূল খোৱাৰ সৰ্বোত্তম সময় সম্পৰ্কে জানো আহক...