ফিটনেছৰ বাবে এজন ব্যক্তিয়ে কি নকৰে ৷ জিমলৈ যোৱাৰ পৰা আৰম্ভ কৰি কঠোৰ ৱৰ্কআউটলৈকে লগতে খাদ্য সলনি কৰালৈকে সকলো প্ৰচেষ্টা মানুহে গ্ৰহণ কৰে ৷ যদিও সকলোৰে বাবে সুস্থ হৈ থকাটো প্ৰয়োজনীয় তৎস্বত্ত্বেও শৰীৰটো ফিট কৰি ৰাখিবলৈ বহুলোকে মৰ্নিং ৱাক কৰিবলৈ পচন্দ কৰে ৷ জনাই দিও যে, ৰাতিপুৱা খোজ কাঢ়িলে স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন হয় ৷
উল্লেখ্য যে, যদি আপুনি দৈনিক ৰাতিপুৱা খোজকাঢ়ে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে অগণন উপকাৰ দিয়ে ৷ ৰাতিপুৱা খোজ কাঢ়িলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয় ৷ কেৱল এয়াই নহয়, শৰীৰৰ চৰ্বিও সুষম হৈ থাকে ৷ ৰাতিপুৱা খোজ কাঢ়িলে মানসিক চাপ আৰু উত্তেজনাৰ পৰা বহু দূৰত থাকিব পাৰি ৷ কিন্তু কিছুমান বিশেষ কথা আছে যিবোৰ মৰ্নিং ৱাক কৰি উভতি অহাৰ পিছত যত্ন ল’ব লাগে ৷ খোজ কাঢ়ি উভতি অহাৰ লগে লগে কোনবোৰ কাম কৰিব লাগে জানো আহক ৷
১) প্ৰ’টিন সমৃদ্ধ খাদ্য খোৱা
মনত ৰাখিব যে ৰাতিপুৱা যেতিয়াই খোজ কাঢ়িবলৈ যায়, তাৰ পৰা এঘণ্টামান পিছত ঘূৰি অহাৰ পিছত কেৱল প্ৰ’টিন সমৃদ্ধ খাদ্যহে খাব লাগে ৷ কাৰণ খোজ কঢ়াৰ দ্বাৰা শৰীৰৰ শক্তি খৰচ হয় ৷ এনে পৰিস্থিতিত শৰীৰক বুষ্ট কৰিবলৈ কেৱল প্ৰ’টিন সমৃদ্ধ খাদ্যহে সেৱন কৰিব লাগে ৷ মৰ্নিং ৱাক কৰি উভতি অহাৰ পিছত প্ৰ’টিন শ্বেক বা কলৰ দৰে বস্তু খাব লাগে ৷ ইয়াৰ ফলত আপোনাৰ পেশীবোৰ শক্তিশালী হ’ব ৷ ইয়াৰ লগতে শৰীৰে প্ৰচুৰ পৰিমাণে ভিটামিনো লাভ কৰিব ৷
২) প্ৰচুৰ পৰিমাণে পানী খাব
মৰ্নিং ৱাক কৰি উভতি অহাৰ পিছত অন্ততঃ প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷ ইয়াৰ ফলত আপোনাৰ শৰীৰটো ভালদৰে হাইড্ৰেট হ’ব ৷ আচলতে ৰাতিপুৱা খোজ কাঢ়িলে আমাৰ শৰীৰটো বৰ ভাগৰুৱা হৈ পৰে ৷ যাৰ বাবে শৰীৰত পানীৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে ৷ এনে অৱস্থাত শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিব ৷ খোজ কাঢ়ি উভতি অহাৰ পিছত যেতিয়া আপুনি প্ৰচুৰ পৰিমাণে পানী খাব, তেতিয়া ই আপোনাৰ ছালখন জিলিকি উঠিব ৷
৩) জিৰণি লওক
মৰ্নিং ৱাক কৰি উভতি অহাৰ পিছত নিজকে অলপ জিৰণি লওক ৷ কিছুমান মানুহে মৰ্নিং ৱাক কৰি উভতি অহাৰ পিছত লগে লগে ঘৰৰ কাম বা ব্যক্তিগত কাম কৰিবলৈ আৰম্ভ কৰে ৷ এই কাম একেবাৰেই নকৰিব ৷ খোজ কঢ়াৰ ফলত শৰীৰত তাপ উৎপন্ন হয় ৷ যাৰ বাবে কিছু সময় খোজ কঢ়াৰ পিছত শৰীৰটো ঠাণ্ডা কৰাটো অতি প্ৰয়োজনীয় ৷
লগতে পঢ়ক: Numbness in Hands: হাতৰ জিনজিননি বা জঠৰ হোৱাক আওকাণ কৰিলে হ’ব পাৰে ডাঙৰ লোকচান