ETV Bharat / sukhibhava

Cumin Benefits: উচ্চ কলেষ্টেৰল তথা ওজন হ্ৰাস কৰাত জিৰা ফলপ্ৰসূ নে ?

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 11:08 AM IST

আমাৰ পাকঘৰত উপস্থিত মছলাবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ জিৰাও এনে মছলাৰ ভিতৰত অন্যতম যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত ফলপ্ৰসূ ৷ ইয়াত আইৰণ, তাম, কেলচিয়াম, জিংক আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় যিবোৰ শৰীৰৰ বাবে অপৰিহাৰ্য ৷ গতিকে জিৰা খালে কি কি উপকাৰ হয় জানো আহক-

Cumin for Cholesterol to Weight Loss: How It Works and Other Benefits
উচ্চ কলেষ্টেৰল তথা ওজন হ্ৰাস কৰাত জিৰা ফলপ্ৰসূ নে ?

ভাৰতীয় পাকঘৰত বহু ধৰণৰ মছলা পোৱা যায় ৷ যিবোৰে খাদ্যক সোৱাদযুক্ত আৰু সুগন্ধিযুক্ত কৰি তোলে, কিন্তু এই মছলাবোৰে স্বাস্থ্যজনিত বহুতো সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে ৷ এই মছলাবোৰৰ ভিতৰত জিৰাও অন্তৰ্ভুক্ত ৷ ই ঔষধি গুণেৰে ভৰপূৰ ৷ জিৰাত আইৰণ, কপাৰ, কেলচিয়াম, জিংক, পটাছিয়াম আদি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ আমাৰ ভাৰতীয় খাদ্য জিৰাৰ প্ৰয়োগ কৰা হয় বিশেষকৈ চূপ, শাক-পাচলি, ৰাইতা, দালি, চাউল আদিত জিৰা ব্যৱহাৰ কৰা হয় ৷ ই স্বাস্থ্যকৰ হোৱাৰ লগতে খাদ্য এক অনন্য সোৱাদ প্ৰদান কৰে ৷ স্বাস্থ্য সম্পৰ্কীয় সমস্যা দূৰ কৰাত জিৰা পানী অতি ফলপ্ৰসূ বুলি বিবেচিত হৈছে ৷ গতিকে জানো আহক, জিৰাৰ উত্তম উপকাৰিতা ৷

বেয়া কলেষ্টেৰল হ্ৰাস কৰে

যিসকলৰ কলেষ্টেৰলৰ সমস্যা আছে তেওঁলোকৰ বাবে জিৰা এক আশীৰ্বাদতকৈ কম নহয় ৷ কলেষ্টেৰল উন্নত কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ যাৰ দ্বাৰা আপুনি হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ পৰা হাত সাৰিব পাৰিব ৷ ইয়াৰ উপৰিও তেজৰ ক্ষতিকাৰক ট্ৰাইগ্লিচাৰাইড কমায় ৷

ওজন কমাবলৈ সহায়ক

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে জিৰা আপোনাৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ আপুনি আপোনাৰ ওজন হ্ৰাসৰ যাত্ৰাত জিৰাৰ পানী অন্তৰ্ভুক্ত কৰিব পাৰে, যিয়ে আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰিব ৷

হজম শক্তি বৃদ্ধি কৰে

হজম শক্তি সুস্থ কৰি ৰাখিবলৈ জিৰা বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয় ৷ বদহজমৰ পৰা সকাহ দিয়ে ৷ জিৰাই হজম শক্তি বৃদ্ধি কৰে, যাৰ বাবে খাদ্য সোনকালে হজম হয় ৷

প্ৰদাহ ৰোধ কৰে

জিৰাত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, কপাৰ, মেংগানিজ আৰু এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে ৷ যিয়ে শৰীৰক প্ৰদাহৰ পৰা ৰক্ষা কৰে ৷ জিৰাৰ পানী সেৱন কৰি আপুনি আপোনাৰ শৰীৰক বিষমুক্ত কৰিব পাৰে ৷

অনিদ্ৰাৰ চিকিৎসা

জিৰাত থকা গুণ টোপনিৰ সমস্যা দূৰ কৰাত সহায়ক ৷ এইবোৰে মানসিক চাপৰ লক্ষণসমূহ সহজেই হ্ৰাস কৰিব পাৰে ৷ জিৰাৰ পানীতো মেলাটনিন থাকে, যিয়ে ভাল টোপনিৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: World Coconut Day 2023: নাৰিকলৰ আছে এইসমূহ আচৰিত গুণাগুণ, আজিয়েই জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.