ETV Bharat / sukhibhava

Health Tips: টোপনি নহাৰ সমস্যাত ভুগিছে নেকি ? আজিয়েই গ্ৰহণ কৰক এইসমূহ খাদ্য - মেলাটনিন হৰম’নৰ বিষয়ে জানি লওক

সাধাৰণতে টোপনি নহাৰ সমস্যাটো মেলাটনিন নামৰ হৰম’নৰ দ্বাৰা সৃষ্টি হোৱা সমস্যা বুলি জনা যায় । এই হৰম’নে টোপনি-জাগৰণৰ চক্ৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । এই হৰম’নৰ ভাৰসাম্য কেনেকৈ ৰক্ষা কৰিব পাৰি, যাতে টোপনিৰ সমস্যা কমাব পাৰি জানো আহক ?

Consuming these things is most effective in increasing the sleep hormone the problem of sleeplessness will go away
টোপনি নহাৰ সমস্যাত ভুগিছে নেকি? আজিয়েই গ্ৰহণ কৰক এইসমূহ খাদ্য
author img

By

Published : Dec 7, 2022, 4:36 PM IST

স্বাস্থ্য বিশেষজ্ঞসকলে টোপনি নোহোৱা সমস্যাটোক স্বাস্থ্যৰ বাবে অতি গুৰুতৰ বুলি গণ্য কৰে । অনিদ্ৰাও বহু ৰোগৰ গুৰুতৰ কাৰক হিচাপে অধ্যয়নত প্ৰকাশ পাইছে । ৰাতি ভালদৰে টোপনি অহাত অসুবিধা হোৱা লোকৰ হৃদৰোগ, ডায়েবেটিছ, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ সম্ভাৱনা বেছি । এই কাৰণেই সকলো লোকে প্ৰতি নিশা ৬-৮ ঘণ্টা নিৰৱচ্ছিন্ন টোপনি লোৱাটো বাঞ্ছনীয় । কিন্তু কিছুমানৰ বাবে ই এক অতি কঠিন কাম হৈ আহিছে ।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে টোপনি নহাৰ বহু কাৰণ থাকিব পাৰে । কিছুমান বিশেষ ধৰণৰ স্বাস্থ্যজনিত সমস্যা আৰু কিছুমান ঔষধৰ অত্যধিক সেৱনৰ বাবেও আপোনাৰ টোপনি ব্যাঘাত জন্মিব পাৰে । সাধাৰণতে টোপনি নহাৰ সমস্যাটো মেলাটনিন নামৰ হৰম’নৰ(sleep hormone) দ্বাৰা সৃষ্টি হোৱা সমস্যা বুলি জনা যায়(what is the most effective natural sleep aid) । এই হৰম’নে টোপনি-জাগৰণৰ চক্ৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে(How to increase deep sleep naturally)।

এই হৰম’নৰ ভাৰসাম্য কেনেকৈ ৰক্ষা কৰিব পাৰি, যাতে টোপনিৰ সমস্যা কমাব পাৰি জানো আহক ?

মেলাটনিন হৰম’নৰ বিষয়ে জানি লওক

আন্ধাৰৰ প্ৰতি সঁহাৰি জনাই আপোনাৰ মগজুৱে উৎপন্ন কৰা হৰম’ন হৈছে মেলাটনিন । ই আপোনাৰ চাৰ্কেডিয়ান ৰিদম বজাই ৰখা আৰু ভাল টোপনি অহাত সহায় কৰে । ৰাতি পোহৰৰ সংস্পৰ্শলৈ আহিলে মেলাটনিন উৎপাদন বন্ধ হ’ব পাৰে । গৱেষণাৰ পৰা দেখা গৈছে যে, মেলাটনিন টোপনিৰ উপৰিও শৰীৰৰ আন বহুতো গুৰুত্বপূৰ্ণ কামৰ বাবে দায়ী বুলি ভবা হয়(Learn about the hormone melatonin) । উল্লেখ্য যে, কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে এই হৰম’নৰ প্ৰসাৰ ঘটিব পাৰি?

মাছ খোৱাৰ উপকাৰিতা

প্ৰায়ে টোপনিৰ সমস্যা হোৱা লোক বা মেলাটনিনৰ অভাৱ ধৰা পৰা লোকৰ বাবে মাছ খোৱাটো অতি উপকাৰী হ’ব পাৰে । ছালমন আৰু চাৰ্ডিনৰ দৰে তেলীয়া মাছত ওমেগা-৩ ফেটি এচিডকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে মেলাটনিন হৰম’নৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব পাৰে । শৰীৰক সুস্থ কৰি ৰখাৰ উদ্দেশ্যে অধ্যয়নত মাছ খোৱাটো উপকাৰী বুলি অভিহিত কৰা হৈছে ।

গাখীৰ খাব লাগে
গাখীৰ কেলচিয়ামৰ অন্যতম উত্তম উৎস বুলি জনা যায়, যিয়ে হাড়ক সুস্থ কৰি ৰখাৰ উপৰিও আন বহু দিশতো শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে । কিন্তু আপুনি জানেনে যে গাখীৰ খালে ভাল টোপনি অহাত সহায় কৰে । অধ্যয়নত দেখা গৈছে যে গৰুৰ গাখীৰত মেলাটনিনৰ সমৃদ্ধ উৎস যিয়ে আপোনাক সুস্থ টোপনি লোৱাত সহায়ক হ’ব পাৰে । ইয়াৰ পৰা সৰ্বাধিক লাভ পাবলৈ গাখীৰৰ লগত মিহলি হলুদ সেৱন কৰিলে অধিক উপকাৰী হ’ব পাৰে ।

শুকান ফলে আপোনাক সহায় কৰিব

সামগ্ৰিক শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰখাত বাদাম সহায়ক বুলি জনা যায় । আলমণ্ড আৰু পিষ্টাচিয়াৰ দৰে শুকান ফলত প্ৰচুৰ পৰিমাণে মেলাটনিন থাকে । ইয়াৰ উপৰিও ভাল পৰিমাণৰ মেগনেছিয়াম থাকে, যাৰ ফলত ৰাতিৰ টোপনি ভাল হয় । শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্য সুস্থ কৰি ৰখাৰ বাবে শুকান ফল উপকাৰী বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক: Health Tips: ডায়েবেটিছৰ পৰা আৰম্ভ কৰি ৰক্তচাপ নিয়ন্ত্ৰণলৈকে উপকাৰী এইবিধ ফল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.