ETV Bharat / sukhibhava

Coffee for hair: চুলি মজবুত তথা দীঘল কৰাত সহায় কৰিব কফিয়ে; এনেদৰে কৰক ব্যৱহাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 5:44 PM IST

চুলিৰ বাবে কফি বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি । ই চুলিৰ গুৰি মজবুত কৰে । ই চুলিক কোমল আৰু সুস্থ কৰি ৰখাত সহায় কৰে ।

Coffee strengthens hair roots and supports growth, use it like this
চুলি শক্তিশালী তথা দীঘল কৰাত সহায় কৰিব কফিয়ে; এনেদৰে কৰক ব্যৱহাৰ

কফিয়ে কেৱল শৰীৰক শক্তি প্ৰদান কৰাই নহয় ই চুলি আৰু ছালৰ বাবেও ই অতি উপকাৰী ৷ আপুনি ইয়াক আপোনাৰ চুলিৰ যত্নৰ ৰুটিনতো অন্তৰ্ভুক্ত কৰিব পাৰে ৷ কফিৰ এন্টিঅক্সিডেন্ট গুণ আছে ৷ এইবোৰে আপোনাৰ চুলিখিনি কোমল আৰু চিকচিকিয়া কৰি তোলাৰ কাম কৰে ৷ ইয়াৰ লগতে ইহঁতে আপোনাৰ চুলিবোৰো দ্ৰুতগতিত বৃদ্ধি কৰে ৷ কফিৰ লগত বহু ধৰণৰ হেয়াৰ মাস্ক বনাব পাৰে ৷

কফিত অলিভ অইল আৰু দৈৰ দৰে বহুতো প্ৰাকৃতিক বস্তু মিহলাই পেক প্ৰস্তুত কৰিব পাৰে ৷ এই প্ৰতিবেদনৰ জৰিয়তে আপুনি কফিৰ সৈতে চুলিৰ বাবে কেনেধৰণৰ হেয়াৰ পেক প্ৰস্তুত কৰিব পাৰে জানি লওক-

নাৰিকলৰ গাখীৰ আৰু কফি হেয়াৰ পেক

এক চামুচ কফি পাউদাৰত ২ চামুচ নাৰিকল গাখীৰ মিহলাই লওক ৷ এই পেষ্ট চুলি আৰু মূৰৰ ছালত আধা ঘণ্টা লগাওক ৷ ইয়াৰ পিছত মাইলড চেম্পুৰে চুলিখিনি ধুই লওক ৷ এই পেকটো আপুনি সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে ৷ ই আপোনাৰ চুলিৰ উজ্বলতা বৃদ্ধি কৰে ৷ প্ৰয়োজন হ’লে কিছু সময়ৰ বাবে ইয়াৰ দ্বাৰা মূৰটোও মালিচ কৰিব পাৰে ই আপোনাৰ মূৰত জমা হোৱা মলি আঁতৰাই পেলোৱাত সহায় কৰিব ৷

কফি আৰু এলোভেৰা পেক

এটা বাটিত ১ চামুচ কফি পাউদাৰ খাব ৷ ইয়াত ২ চামুচ এলোভেৰা জেল মিহলাই লওক ৷ দুয়োটা বস্তু মিহলাই মূৰটো মালিচ কৰক ৷ আধা ঘণ্টা ৰখাৰ পিছত চুলিখিনি মাইলড চেম্পুৰে ধুব ৷ এই পেষ্টে আপোনাৰ চুলিখিনি প্ৰাকৃতিকভাৱে সুন্দৰ কৰি ৰাখিবলৈ কাম কৰিব ৷ সপ্তাহত এবাৰো ব্যৱহাৰ কৰিব পাৰে ৷

কফি আৰু অলিভ পেষ্ট

এটা বাটিত ১ চামুচ কফি পাউদাৰ খাব ৷ তাত ২ চামুচ ঠাণ্ডা চেপি লোৱা অলিভ অইল মিহলাই লওক ৷ ইয়াৰ দ্বাৰা মূৰৰ ছাল আৰু চুলি মালিচ কৰক ৷ কেইমিনিটমান চুলিত ৰাখিব ৷ আধা ঘণ্টা ৰখাৰ পিছত চুলি ধুব ৷ এই পেকে আপোনাৰ চুলিক কোমল আৰু সুস্থ কৰি ৰাখিবলৈ কাম কৰে ৷

দৈ আৰু কফি পেক

এটা বাটিত ২ চামুচ দৈ লওক ৷ তাত কফি পাউদাৰ দিব ৷ এই দুটা বস্তু মিহলাই মূৰত লগাব ৷ দৈ আৰু কফিৰ মাস্কটো আধা ঘণ্টা চুলিত লগাব ৷ ইয়াৰ পিছত মাইলড চেম্পু ব্যৱহাৰ কৰি চুলি ধুব ৷

লগতে পঢ়ক: Face Beauty Tips : মাখনৰ দৰে কোমল হৈ পৰিব আপোনাৰ ছাল; কেৱল এনেদৰে ব্যৱহাৰ কৰক মলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.