ভাৰতৰ অধিকাংশ লোকে পুৱাৰ আৰম্ভণি চাহ বা কফিৰ সৈতে কৰে । চাহ হওক বা কফি হওক, আচলতে ই আমাৰ টোপনি দূৰ কৰাত সহায় কৰে । কিন্তু আপুনি জানেনে যে আপোনাৰ পাকঘৰত উপস্থিত থকা এই কফিয়ে সৌন্দৰ্যতাৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰিতা সাধন কৰে, হয় ইয়াৰ প্ৰাকৃতিক গুণ ছাল আৰু চুলিৰ বাবে অতি উপকাৰী । আজি এই প্ৰতিবেদনত আমি আপোনালোকক কফিৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰিম, যিয়ে আপোনাৰ সৌন্দৰ্যতা সম্পূৰ্ণ কৰাত সহায় কৰিব ।
মুখ আৰু চুলিৰ বাবে কফিৰ উপকাৰিতা-
১) এক্সফোলিয়েটিং স্ক্ৰাব- কফি হৈছে প্ৰাকৃতিক এক্সফোলিয়েটিং স্ক্ৰাব । যিটো ছালৰ বাবে অতি ফলপ্ৰসূ । বনাবলৈ আপুনি পিহি লোৱা কফি লৈ তাত অলপ নাৰিকল তেল বা অলিভ অইল দিব । তাৰ পিছত মুখত ব্যৱহাৰ কৰক ।
২) চকুৰ বাবে সৰ্বোত্তম- যদি আপোনাৰ চকুৰ ওচৰত ক’লা দাগ থাকে, তেন্তে কফি ইয়াত সহায়ক হ’ব পাৰে । কপাহী পেড বা পৰিষ্কাৰ কাপোৰৰ সহায়ত চকুৰ তলত ঠাণ্ডা কফি লগাই অলপ সময় থৈ দিব । ইয়াৰ পিছত পানীৰে ধুব । কফিত থকা কেফেইনে আপোনাৰ চকুৰ তলৰ ফুলি উঠা আৰু ক’লা দাগ হ্ৰাস কৰিব ।
৩) হেয়াৰ চুলি এক্সফোলিয়েণ্ট এজেণ্ট- আপুনি কেৱল চুলি ধুবলৈহে সাধাৰণ শ্বেম্পু ব্যৱহাৰ কৰিব লাগিব । কিন্তু নিয়মীয়া চেম্পুত কফিৰ গুড়ি মিহলাই ছুলিৰ গুৰিত লগালে উফি, বা চুলিৰ সৈতে জড়িত অন্য সমস্যাসমূহ দূৰ কৰাত সহায় কৰিব । গতিকে ইয়াৰ পৰা আপুনি বহুতো সুবিধা লাভ কৰিব । কফিয়ে ছালৰ মৃত কোষবোৰ আঁতৰোৱাৰ কাম কৰে ।
৪) কফি ফেচ মাস্ক- মুখৰ মৃত ছালৰ কোষবোৰ আঁতৰাবলৈ কফি ফেচ মাস্ক ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাবে কফিৰ গুড়ি মৌ বা দৈৰ লগত মিহলাই ফেচ মাস্কৰ দৰে বনাব । এতিয়া মুখত লগাই ১৫ মিনিটমান পিছত মুখখন ধুব । ইয়াৰ লগে লগে আপুনি দেখিব যে ই ছালখন টান কৰাত আৰু ইয়াৰ টেক্সচাৰ উন্নত কৰাত বহুত সহায় কৰিব ।
লগতে পঢ়ক: Sandwich Recipe: ব্ৰেকফাষ্টৰ বাবে সোনকালে তৈয়াৰ কৰিব পৰা Sandwich ৰেচিপি জানো আহক