ETV Bharat / sukhibhava

Coffee for health: কফি খোৱা সকললৈ সুখবৰ! ছাল, চুলি, হৃদযন্ত্ৰৰ বাবে লাভদায়ক কফি

author img

By

Published : Nov 20, 2022, 8:41 PM IST

কফি হৈছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় পানীয় । এই কফিত পোৱা যায় বহু স্বাস্থ্য উপকাৰিতাৰ লগতে সৌন্দৰ্য উপকাৰিতাও । কফিত কেফেইন থাকে, যি ইনচুলিন সংবেদনশীলতা বৃদ্ধি কৰে আৰু টাইপ ২ ডায়বেটিচৰ আশংকা হ্ৰাস কৰে ।

Coffee for beauty Coffee is beneficial for everything from heart skin to hair
কফি খোৱা সকললৈ সুখবৰ! ছাল, চুলি তথা হৃদযন্ত্ৰলৈকে লাভদায়ক কফি

বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰো আশংকা হ্ৰাস কৰাৰ লগতে অকাল মৃত্যুৰ পৰা সুৰক্ষা দিয়ে । ইয়াত বহুতো সৌন্দৰ্যৰ লাভালাভ আছে , ইয়ে আপোনাৰ ছাল পৰিষ্কাৰ কৰিবলৈ আৰু সুন্দৰ দেখাবলৈ ইয়াক আপোনাৰ সৌন্দৰ্যৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব লাগে(Coffee for health) ।

চুলি নতুনকৈ গজাত সহায় কৰে কফিয়ে – মূৰৰ ছাল গভীৰ ভাৱে পৰিষ্কাৰ কৰাৰ বাবে গ্ৰাউণ্ড কফি ব্যৱহাৰ কৰিব পাৰে আৰু নিয়মীয়াকৈ এনে কৰিলে চুলিৰ বিকাশ বৃদ্ধি পাই আৰু ই চুলি উজ্জ্বল কৰে’ব(Coffee for beauty) । কফিৰ গুৰিৰ সৈতে মূৰৰ ছাল প্ৰায় এক মিনিটৰ বাবে মালিচ কৰক আৰু তাৰ পিছত ঠাণ্ডা পানী ব্যৱহাৰ কৰি ইয়াক ধুই পেলাওক(Coffee is beneficial for everything from skin to hair) ।

ফুলা চকু ভাল কৰিবলৈ কফিৰ ব্যৱহাৰ- কফিত কেফেইন থাকে, যি অতিৰিক্ত পানী আঁতৰাই ফুলা চকু আঁতৰ কৰাত সহায় কৰে । আপুনি পোনপটীয়াকৈ আপোনাৰ ছালত কফিৰ পাউদাৰ ব্যৱহাৰ কৰিব পাৰে, ই আপোনাৰ চকুৰ তলৰ এলেকাত থকা ৰক্তনলীবোৰ সংকুচিত কৰিব আৰু আপোনাৰ চকু ফুলা কম কৰিব(Coffee for beauty) ।

আপোনাৰ ছাল উজ্জ্বল কৰিবলৈ কফি ব্যৱহাৰ কৰিব- আপুনি আপোনাৰ ছাল স্বাস্থ্যৱান আৰু উজ্জ্বল কৰি ৰাখিবলৈ আপোনাৰ ফেচ পেকত কফি ব্যৱহাৰ কৰিব পাৰে ।

ছালৰ উজ্জলতা আনিবলৈ কফিৰ ব্যৱহাৰ- চেহেৰাৰ লগতে শৰীৰৰ মৃত ছাল আৰু জমা হোৱা লেতেৰাৰ পৰা পৰিত্ৰাণ পাবলৈ কফিৰ গুৰি ব্যৱহাৰ কৰিব পাৰে । ই এক উৎকৃষ্ট স্ক্ৰাবিং এজেণ্ট । ইয়াক কেইমিনিটমানৰ বাবে মালিচ কৰক আৰু তাৰ পিছত ধুই পেলাওক ।

আনহাতে, এটা শেহতীয়া অধ্যয়নত প্ৰকাশ পাইছে যে দিনে দুইৰ পৰা তিনি কাপ কফি (Coffee) খোৱাটো হৃদযন্ত্ৰৰ বাবে উপকাৰী । আমেৰিকান কলেজ অফ কাৰ্ডিঅ'লজী (American college of cardiology)ৰ ৭১তম বাৰ্ষিক বৈজ্ঞানিক অধিৱেশনত উপস্থাপন কৰা অধ্যয়নটোত কোৱা হৈছে যে হৃদযন্ত্ৰ (Heart) সম্পৰ্কীয় ৰোগত আক্ৰান্ত দুয়ো প্ৰকাৰৰ লোকৰ বাবে ই সঁচা বুলি প্ৰমাণিত হয় ।

গৱেষকসকলৰ মতে, অধ্যয়নটোৱে কফিৰ সৈতে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ আৰু মৃত্যুৰ মাজৰ সম্পৰ্ক বিচাৰি পাইছে। অধ্যয়নটোৱে দেখুৱাইছে যে কফী হৃদৰোগৰ সৈতে সাঙোৰ খাই থকা নাই, কিন্তু ই হৃদযন্ত্ৰৰ সুৰক্ষাৰ বাবে কাম কৰে । অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ বেকাৰ হাৰ্ট ইনষ্টিটিউটৰ অধ্যয়নটোৰ এমডি আৰু জ্যেষ্ঠ লেখক পিটাৰ এম কিষ্টলাৰৰ মতে, যিহেতু কফিয়ে হৃদস্পন্দনৰ হাৰ দ্ৰুত কৰে, কিছুমান লোকে ভাবে যে ইয়াৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা হ'ব পাৰে । ইয়াৰ পৰা কফি খোৱা বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হয় । কিন্তু আমাৰ তথ্যই কফি খোৱা লোকসকলক নিৰাশ নকৰে বুলি মন্তব্য কৰে কিষ্টলাৰে ।

পিটাৰ এম কিষ্টলাৰে কয় যে, আমাৰ তথ্যই পৰামৰ্শ দিয়ে যে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ থকা লোক আৰু হৃদৰোগ নোহোৱা লোকসকলেও তেওঁলোকৰ দৈনন্দিন আহাৰত কফি অন্তৰ্ভুক্ত কৰিব পাৰে । আমি দেখিছিলোঁ যে, হয় কফিয়ে লাভালাভ দিয়ে বা নিৰপেক্ষ ফলাফল দিয়ে । ইয়াৰ অৰ্থ হৈছে হয় ই হৃদযন্ত্ৰক উপকাৰ কৰিব পাৰে আৰু নকৰিলেও কোনো ক্ষতি নকৰে ৷

লগতে পঢ়ক: Naturopathy Day: প্রাকৃতিক চিকিৎসা দিৱসৰ ইতিহাস তথা তাৎপৰ্য জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.