মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰ সমস্যা বয়স বৃদ্ধি হোৱা লোকৰ ক্ষেত্ৰত বা প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায়(Child Mental Health) । মানসিক স্বাস্থ্যৰ টিপচ্ অৰ্থাৎ মানসিক স্বাস্থ্য দুৰ্বল হোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে, কিন্তু বয়স বৃদ্ধি হোৱাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰণ বুলি বিবেচিত হয়(Tips to take care of your child's mental health)।
![Children's day: Tips to take care of your child's mental health](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16922070_reg-2dsgds_ewfrew.jpg)
শিশুৱে মানসিক চাপ অনুভৱ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ’ল ঘৰুৱা পৰিৱেশ । এনে পৰিস্থিতিত শিশুক মানসিকভাৱে সুস্থ আৰু সবল কৰি ৰাখিবলৈ সঠিক অভিভাৱকত্ব শৈলী আৰু ইতিবাচক পাৰিবাৰিক পৰিৱেশ অতি প্ৰয়োজনীয় । গতিকে যদি আপুনিও আপোনাৰ সন্তানৰ সুখ নিশ্চিত কৰিব বিচাৰে তেন্তে এই সহজ ষ্টেপছসমূহ অনুসৰণ কৰক(Children's mental health care) ।
শিশুৰ সৈতে মুকলিকৈ কথা পাতক
শিশুসকলে সৎ হয় আৰু মুকলিকৈ তেওঁলোকৰ সৈতে কথা পাতিলে নিজৰ মনৰ কথা সহজে খুলি কয় । তেওঁলোকৰ লগত কথা-বতৰা আৰম্ভ কৰক আৰু তেওঁলোকৰ দিনটোত কি কি হ'ল সেই বিষয়ে সোধক(Talk openly with your child) । তেওঁলোকক কোনো কথাই আমনি কৰিছে নেকি সুধিব আৰু তাৰ পিছত তেওঁলোকে উজ্জ্বল কৰা কথাসমূহ মন কৰিবলৈ চেষ্টা কৰক ।
![Children's day: Tips to take care of your child's mental health](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16922070_reg-2dsgds.jpg)
বাতৰি আৰু মোবাইল গেমৰ সৈতে তেওঁলোকৰ সংস্পৰ্শ নিয়ন্ত্ৰণ কৰক
মোবাইল গেম আৰু নেতিবাচক বাতৰিয়ে আপোনাৰ শিশুৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে আৰু অজানিতে শিশুটিক মানসিকভাৱে দুৰ্বল কৰি তোলে । তেওঁলোকৰ মন আৰু শৰীৰে নেতিবাচক কথাবোৰক আকৰ্ষণ কৰি কেৱল সেই সকলোবোৰ কথাকে চিন্তা কৰিবলৈ বাধ্য হয় । গতিকে সন্তানৰ সন্মুখত থাকিলে ইতিবাচক কথা বিষয় আৰু ইতিবাচক কথাহে আলোচনা কৰিব লাগে(What to do during child mental health care) ।
সন্তানৰ সৈতে খেলা-ধূলা কৰক
![Children's day: Tips to take care of your child's mental health](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16922070_reg-1.jpg)
আপোনাৰ সন্তানক আপোনাৰ আটাইতকৈ প্ৰয়োজন । আপুনি আপোনাৰ পেছাদাৰী জীৱনৰ পৰা কিছু সময় উলিয়াই আপোনাৰ সন্তানৰ সৈতে কিছু বিশেষ সময় কটাব লাগে । ইয়াৰ দ্বাৰা তেওঁলোকে নিৰাপত্তা অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক উন্নত হ'ব । তেওঁলোকৰ সৈতে তেওঁলোকৰ প্ৰিয় খেল খেলক আৰু তেওঁলোকে কি কয় শুনিব ।
ভুলতো নকৰিব এই কাম
সংগীৰ সৈতে কাজিয়া কৰা
পিতৃ-মাতৃৰ মাজত হোৱা তৰ্ক-বিতৰ্ক ল’ৰা-ছোৱালীয়ে সহজেই ধৰিব পাৰে । প্ৰায় সংখ্যক শিশুৱে পিতৃ-মাতৃক ভয় কৰে আৰু পিতৃ-মাতৃৰ পৰা আঁতৰি থাকে কাৰণ তেওঁলোকৰ প্ৰচণ্ড শব্দ আৰু মতানৈক্যৰ বাবে । যদি আপুনি আপোনাৰ সন্তানৰ মংগল বিচাৰে তেন্তে আপুনি আপোনাৰ সন্তানৰ সন্মুখত আপোনাৰ সংগীৰ সৈতে কাজিয়া কৰা উচিত নহয় এনে কৰিলে সন্তানটিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে ।
তেওঁলোকৰ ওপৰত চিঞৰি নাথাকিব
এনেকুৱা দেখিবলৈ পোৱা যায় যে শিশুৰ মনত বহু প্ৰশ্ন থাকে আৰু সেই বাবেই তেওঁলোকে পিতৃ-মাতৃ বহু প্ৰশ্ন কৰে আৰু কেতিয়াবা পিতৃ-মাতৃয়ে তেওঁলোকৰ প্ৰশ্নত বিৰক্ত হ’ব পাৰে কাৰণ তেওঁলোকে কেতিয়াবা মানসিক চাপত থাকে । তেনেস্থলত তেওঁলোকৰ ওপৰত চিঞৰি চিঞৰি কথা কোৱাটো ইয়াৰ সমাধান নহয় । শিশুৰ সৈতে কেতিয়াও আক্ৰমণাত্মক আচৰণ নকৰিব কাৰণ ই তেওঁলোকৰ ওপৰত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব পাৰে ।
![Children's day: Tips to take care of your child's mental health](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16922070_reg-2.jpg)
তেওঁলোকক অকলশৰীয়াকৈ এৰি দিয়া
এগৰাকী প্ৰাপ্তবয়স্ক হিচাপে আপোনাৰ জীৱনত দৈনন্দিন বিভিন্ন কাম থাকিব পাৰে আপোনাৰ কৰ্মজীৱনো থাকিব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ সন্তানক আওকাণ কৰিব লাগে । মাজে মাজে সন্তানক ককা-আইতা বা যত্ন লোৱা লোকৰ ওচৰত এৰি যোৱাটো ঠিকেই আছে, কিন্তু সঘনাই অকলে এৰি দিলে সন্তানটি আপোনাৰ পৰা বিচ্ছিন্ন হ’ব পাৰে ।
লগতে পঢ়ক: World Diabetes day 2022: ডায়েবেটিছ সম্পৰ্কে কিছু জানিবলগীয়া কথা