ঘৰুৱা ফল হিচাপে বিবেচিত লেটেকুত আছে বহু ঔষধি গুণ, বচাই ৰাখিব আপোনাক জ্বৰ-কাহ-পানীলগা আদিৰ পৰা । টেঙা মিঠা সোৱাদেৰে সমৃদ্ধ লেটেকু বা বাৰ্মিজ গ্ৰেপ ফল বিধ সাধাৰণতে দক্ষিণ এছিয়াৰ দেশবোৰত বহুলভাৱে পোৱা যায়(how to grow Burmese grape) । হালধীয়া, সৰু ও গোলাকাৰ এই ফলবিধ সুস্বাদু হোৱাৰ লগতে, পুষ্টি আৰু ঔষধি গুণেৰে পৰিপূৰ্ণ(Is Burmese food healthy)। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে(Burmese grape has many medicinal properties)। যিয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে(Burmese grape Benefits)।
আহকচোন জানো এই ফলবিধৰ নানান পুষ্টিকৰ গুণ আৰু উপকাৰিতাৰ বিষয়ে:-
- ভিটামিন চি , এন্টিঅক্সিডেন্ট থকাৰ বাবে ছালৰ সৌন্দৰ্য বর্ধনতো সহায় কৰে লেটেকুৱে(Burmese grape health benefits) ।
- দাঁতৰ আলুৰ গুৰিৰ পৰা তেজ ওলোৱা সমস্যাতো উপকাৰী ।
- লেটেকুয়ে হজমী শক্তি বৃদ্ধি কৰে আৰু পেট চাফা কৰাত সহায় কৰে ।
- পটাছিয়াম থকা বাবে উচ্চ ৰক্তচাপত ই বহু উপকাৰী। উচ্চ ৰক্তচাপত ভুগা ৰোগীয়ে লেটেকুৰ চৰবত সেৱন কৰিব পাৰে ।
- কেলচিয়াম থকা বাবে হাড়ৰ গঠন মজবুত কৰে । অষ্টিওপৰ’ছিছ সমস্যাত ভোগা লোকে লেটেকু সেৱন কৰিলে উপকৃত হ’ব ।
- ৰক্তহীনতা বা এনিমিয়া সমস্যাতো লেটেকু খুবেই উপকাৰী ।
- আঁহ থকা বাবে ওজন কম কৰাতো উপকাৰী লেটেকু । মেদবহুল লোকে লেটেকুৰ সেৱন কৰিব পাৰে ।
- প্রসাৱৰ বিভিন্ন সমস্যাত লেটেকু উপকাৰী ।
- লেটেকুত প্ৰচুৰ পৰিমাণে চৰ্বি, আমিষ, লো তথা খনিজ পদাৰ্থ আদি পোৱা যায় ।
- লেটেকুত আছে দেহৰ সুস্বাস্থ্যৰ হকে কাৰ্য কৰা তথা মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা এনজাইম ও এমাইন এচিডৰ দৰে উপাদান ।
- লেটেকুৱে মুখৰ ৰুচি বঢ়াই, বমি বমি ভাব দূৰ কৰে আৰু হজম শক্তি বৃদ্ধি কৰে ।
- Vitamin Cৰ উপৰিও লেটেকুত Vitamin B1 আৰু Vitamin B2 প্ৰচুৰ পৰিমাণে পোৱা যায় ।
- এই ফলৰ বীজ গনোড়িয়া ৰোগৰ ঔষধ তৈয়াৰীত ব্যৱহাৰ কৰা হয়(Burmese grape seeds) ।
- প্ৰতি ১০০ গ্ৰাম লেটেকুত খাদ্যশক্তি থাকে প্ৰায় ৯২ কিল কেলৰি ।
পাছে এই লেটেকু অত্যধিক খোৱাটোও স্বাস্থ্যৰ পক্ষে হানিকাৰক । ই শৰীৰত গেছৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে । সেয়েহে সঠিক পৰিমাণে প্ৰকৃতিয়ে দিয়া এই বতৰৰ ফলবিধ, বতৰতে উপভোগ কৰক আৰু স্বাস্থ্য অটুট ৰাখক ।
লগতে পঢ়ক: Stretch Marks: ষ্ট্ৰেচ মাৰ্কে আমনি কৰিছে নেকি ? এইসমূহ ঘৰুৱা পদ্ধতিৰে দূৰ কৰক ষ্ট্ৰেচ মাৰ্ক