ETV Bharat / sukhibhava

ভাৰত বায়’টেকৰ COVID-19 ইন্ট্ৰানেজেল ভেকচিনৰ জৰুৰীকালীন অনুমোদন - COVID 19 intranasal vaccine Phase III trials over

ভাৰত বায়’টেকৰ ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিন BBV154ৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে লাভ কৰিছে ডিচিজিআইৰ অনুমোদন(Bharat Biotech's intranasal Covid vaccine) । স্বাস্থ্যমন্ত্ৰী ড৹ মানসুখ মাণ্ডভিয়াই এক টুইটযোগে প্ৰকাশ কৰে এই তথ্য ।

Bharat Biotech's intranasal Covid vaccine gets emergency approval
ভাৰত বায়’টেকৰ COVID-19 intranasal ভেকচিনৰ জৰুৰীকালীন অনুমোদন
author img

By

Published : Sep 7, 2022, 11:27 AM IST

ভাৰত বায়’টেকৰ ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিন BBV154ৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে লাভ কৰিছে ডিচিজিআইৰ অনুমোদন(Bharat Biotech's intranasal Covid vaccine) । স্বাস্থ্যমন্ত্ৰী ড৹ মানসুখ মাণ্ডভিয়াই এক টুইটযোগে প্ৰকাশ কৰে এই তথ্য । এয়া হ’ব ভাৰতৰ প্ৰথমটো নাকৰ ভেকচিন । ইয়াৰ ফলত ভাৰতত ক’ৰণাৰ বিৰুদ্ধে চলি থকা যুদ্ধত এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, ভাৰতে এতিয়ালৈকে ১০০ কোটি ক’ভিড টিকাকৰণ কৰি অভিলেখ গঢ়িছে(Bharat Biotech's intranasal Covid vaccine) ।

এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডভিয়াই(Mansukh Madaviya) টুইটত কয় যে, ক'ভিড ১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতে এক ডাঙৰ সফলতা অৰ্জন কৰিছে । ডিচিজিআইৰ অনুমোদন লাভ কৰিছে ভাৰত বায়’টেকৰ ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিনে । তেওঁ লগতে কয় যে, ইয়াৰ পিছত জৰুৰীকালীন অৱস্থাত ভাৰতত ১৮ বছৰৰ উৰ্ধৰ লোকসকলক এই ভেকচিন প্ৰদান কৰিব পাৰিব ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আন এক টুইটত লিখে যে, ইন্ট্ৰানেজেল ভেকচিন অহাৰ পাছত ভাৰতে ক’ৰণা মহামাৰীৰ সৈতে ভালদৰে যুঁজিবলৈ সক্ষম হ’ব ৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ বিজ্ঞান, গৱেষণা আৰু ইয়াৰ সম্পদসমূহ ভালদৰে ব্যৱহাৰ কৰিছে । এই বৈজ্ঞানিক পন্থা আৰু সকলোৰে প্ৰচেষ্টাৰে ভাৰতে কৰ’নাক সম্পূৰ্ণৰূপে পৰাস্ত কৰিবলৈ সক্ষম হ’ব ।

  • Big Boost to India's Fight Against COVID-19!

    Bharat Biotech's ChAd36-SARS-CoV-S COVID-19 (Chimpanzee Adenovirus Vectored) recombinant nasal vaccine approved by @CDSCO_INDIA_INF for primary immunization against COVID-19 in 18+ age group for restricted use in emergency situation.

    — Dr Mansukh Mandaviya (@mansukhmandviya) September 6, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েলত ক'ভিড-১৯ ইন্ট্ৰানেজেল ভেকচিন BBV154ৰ (COVID-19 intranasal vaccine) সুৰক্ষিত, সুসহনীয়, আৰু ইমিউন'জেনিক বুলি প্ৰমাণিত হৈছে । ভেকচিন গ্ৰহণ কৰাৰ পূৰ্বে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলত ইয়াৰ মূল্যায়ন কৰি এই ভেকচিনৰ সফল ফলাফল পোৱা গৈছিল(COVID 19 intranasal vaccine Phase III trials over) ।

BBV154 ভেকচিন বিশেষভাৱে নাকৰ দ্বাৰা দিব পৰাকৈ প্ৰস্তুত কৰা হৈছে । তদুপৰি, কম আৰু মধ্যম আয়ৰ দেশসমূহত ব্যয়বহুল হ'ব পৰাকৈ intranasal delivery ব্যৱস্থাটো ডিজাইন আৰু বিকশিত কৰা হৈছে বুলি ভেকচিন নিৰ্মাতা কোম্পানীটোৰ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ইতিমধ্যে উল্লেখ কৰিছে ।

ৱাশ্বিংটন ইউনিভাৰ্চিটি ছেইণ্ট লুইছৰ(Washington University St Louis) সৈতে অংশীদাৰিত্বৰে প্ৰস্তুত কৰা হৈছে এই BBV154 ভেকচিন ৷ যিয়ে পুনঃসংযোজিত এডিন'ভাইৰেল ভেক্টৰযুক্ত কনষ্ট্ৰাক্টসমূহৰ(Adenoviral vectored constructs and Evaluated) ডিজাইন আৰু বিকাশ কৰিছিল আৰু প্ৰাক্-ক্লিনিকেল অধ্যয়নত ইয়াৰ কাৰ্যকাৰিতা মূল্যায়ন কৰিছিল ।

প্ৰাক-ক্লিনিকেল সুৰক্ষা মূল্যায়ন, বৃহৎ পৰিসৰৰ উৎপাদন স্কেল-আপ, প্ৰস্তুতি, আৰু মানৱ ক্লিনিকেল পৰীক্ষাকে ধৰি ডেলিভাৰী ডিভাইচ বিকাশৰ সৈতে জড়িত পণ্য বিকাশ ভাৰত বায়'টেকে সম্পন্ন কৰিছিল(Bharat Biotech International Limited) । কেন্দ্ৰীয় চৰকাৰে জৈৱ প্ৰযুক্তি বিভাগৰ, ক'ভিড সুৰক্ষা কাৰ্যসূচীৰ জৰিয়তে সামগ্ৰী বিকাশ আৰু ক্লিনিকেল ট্ৰায়েলৰ বাবে আংশিক ধন আগবঢ়াইছিল(Product development and clinical trials) ।

BBV154ক প্ৰাথমিক ড'জ (2nd Dose) সূচী আৰু হেটেৰ'ল'গাছ বুষ্টাৰ ড'জ হিচাপে মূল্যায়ন কৰিবলৈ দুটা পৃথক আৰু একেলগে ক্লিনিকেল ট্ৰায়েল কৰা হৈছিল যিসকল ব্যক্তিয়ে পূৰ্বে ভাৰতত সাধাৰণতে প্ৰয়োগ কৰা দুটা ক'ভিড ভেকচিনৰ দ্বিতীয় পালি লাভ কৰিছে ।

উল্লেখ্য যে, প্ৰাথমিক মাত্ৰা সূচী তৃতীয় পৰ্যায়ৰ পৰীক্ষাসমূহ সুৰক্ষাৰ বাবে, আৰু প্ৰায় ৩,১০০ জন ব্যক্তিৰ ইমিউন'জেনেচিটিৰ বাবে কৰা হৈছিল, আৰু ক'ভাক্সিনৰ সৈতে তুলনা কৰা হৈছিল । সমগ্ৰ ভাৰতৰ ১৪টা ট্ৰায়েল ছাইটত এই ট্ৰায়েলসমূহ সম্পন্ন কৰা হৈছিল ।

প্ৰায় ৮৭৫ জন ব্যক্তিৰ ওপৰত সুৰক্ষা আৰু ইমিউন'জেনিচিটিৰ বাবে হেটেৰ'ল'গাছ বুষ্টাৰ ড'জ অধ্যয়ন কৰা হৈছিল, য'ত পূৰ্বে অনুজ্ঞাপত্ৰপ্ৰাপ্ত ক'ভিড ভেকচিনৰ টিকাকৰণ কৰা অধ্যয়নত অংশগ্ৰহণকাৰীসকলক BBV154ক ইন্ট্ৰানেজেল ভেকচিনৰ বুষ্টাৰ ড'জ (3rd Dose) প্ৰদান কৰা হৈছিল । সমগ্ৰ ভাৰতৰ ৯টা ট্ৰায়েল ছাইটত এই ট্ৰায়েলসমূহ সম্পন্ন কৰা হৈছিল ।

লগতে পঢ়ক: অমিক্ৰনত আক্ৰান্ত টিকা লোৱা লোকসকল চাৰিগুণ অধিক সুৰক্ষিত: অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.