ETV Bharat / sukhibhava

এই তিনিটা যোগাসন কৰিলে পাব পাৰে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ - যোগাসনৰ লাভালাভ

গেছৰ সমস্যাত ভুগি আছে নেকি? যোগাসন কৰি গেছৰ পৰা পাব পাৰে পৰিত্ৰাণ ৷ এই সম্পৰ্কে জনালে যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্যই ৷

benefits-of-yoga-for-health
এই তিনিটা যোগাসন কৰিলে পাব পাৰে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 7:59 PM IST

প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্য

গুৱাহাটী, 19 নৱেম্বৰ: বৰ্তমান সময়ত প্ৰতিগৰাকী লোকেই শাৰীৰিকভাৱে নিজকে সুস্থ আৰু সৱল কৰি ৰাখিবলৈ বিভিন্ন ধৰণে শৰীৰৰ চর্চা কৰা পৰিলক্ষিত হয় ৷ কোনোবাই যদি জিম যায়, কোনোবাই আকৌ যোগ কৰি শৰীৰচৰ্চা কৰা পৰিলক্ষিত হয় ৷ যোগ হৈছে প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান ৷ নিয়মিত যোগ সাধনাই ব্যক্তি এজনক শাৰীৰিক আৰু মানসিকভাৱে সুস্থিৰতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ লগতেই কাম কৰিবলৈও প্ৰেৰণা যোগায় ৷

নিয়মিতভাৱে যোগ সাধনে এগৰাকী লোকক বিভিন্ন ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ দিব পাৰে ৷ বৰ্তমান সময়ত বহুলোক জীৱন-ধাৰণৰ শৈলীৰ বাবে হওক বা অন্য কিছু কাৰণতেই হওঁক গেছৰ সমস্যাত ভোগা দেখা যায় ৷ তেওঁলোকে যোগৰ তিনিটা আসনেৰে এই সমস্যা পৰা পৰিত্ৰাণ পাব পাৰে ৷

বজ্ৰাসন- বজ্ৰাসন হ’ল একপ্ৰকাৰৰ বিশ্ৰাম আসন, যদিও ইয়াক যিকোনো খাদ্য খোৱাৰ পিছতেই কৰিব পাৰি ৷ প্রথমে আঠু ভাঁজ কৰি বহি গোৰোহাৰ ওপৰত নিতম্ব ৰাখি পোন হৈ বহি আৰু হাত দুখন আঠুৰ ওপৰত ৰাখিব লাগে ৷ দিনটোত যেতিয়া আমি জিৰণি পাওঁ সেইসময়ৰ খিনিৰ ভিতৰত যদি ১মিনিট সময়ো এনেদৰে বহিব পাৰো তেন্তে আমাৰ হজম শক্তি ভাল হয় ৷ বজ্ৰাসনে মানুহৰ হজম শক্তি বঢ়ায় ৷ খাদ্য ভালদৰে হজম হ’লে গেছৰ সমস্যা নহয় ৷ লগতেই এই আসন কৰাৰ ফলত আন বহু সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰি ৷

মণ্ডুকাসন: বজ্ৰাসনৰ বহি কৰিব পৰা আন এটা আসন হৈছে মণ্ডুকাসন ৷ বজ্ৰাসনত বহি এখন হাত নাভিৰ ওপৰত থৈ, আনখন হাত ইখন হাতৰ ওপৰত থৈ লাহে লাহে আগফালে হালি আহক ৷ এই আসনতো কিন্তু খাদ্য পোৱাৰ আগতেই কৰিব লাগিব ৷ এই আসনে বজ্ৰাসনৰ দৰেই খাদ্য হজম কৰি নিদিয়ে যদিও, এই আসনে তাৎক্ষণিকভাৱে গেছ বাহিৰ কৰাত সহায় কৰে ৷

প্ৰথম অৱস্থাত কেইদিনমান এই আসনতো এনেদৰেই কৰিলে হ'ল তাৰ পিছত বজ্ৰাসনত বহি দুয়োখন হাতৰ মুঠি মাৰি লৈ বুঢ়া আঙুলি ভিতৰ সোমাই বাকী চাৰিটা আঙুলিৰে হেঁচি ধৰিব ৷ তাৰপিছত দুয়োটা মুঠি লগ লগাই মুঠি দুটা নাভিৰ কাষত ৰাখি এই আসন কৰিব ৷ এনেদৰে ৩০ ছেকেণ্ড কৰিলে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব ৷

পবনমুক্তাসন- প্ৰথমে চিধা হৈ শুই ল'ব লাগিব ৷ তাৰ পিছত এখন ভৰি কোঁচাই আনি হাত দুখনেৰে বুকুৰ ফালে চেপি ধৰিব লাগিব ৷ তাৰ পিছত নাকটো আঁঠু লগাব লাগিব ৷ এনেদৰে ১৫ ৰ পৰা ২০ ছেকেণ্ড ৰখাৰ পিছত আনখন ভৰিটো একেই দৰেই কৰিব লাগিব ৷ তাৰপিছত দুয়োখন ভৰি একেলগে উঠাই মূৰতো আঁঠুত হেঁচা মাৰি ধৰিব লাগিব ৷ এনেদৰে কৰিলেও তাৎক্ষণিকভাৱে গেছ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে ৷

লগতে পঢ়ক: শৰীৰত কেতিয়াও হ’বলৈ নিদিব Vitamin-Cৰ অভাৱ; হ’ব পাৰে এই সমস্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.