ETV Bharat / sukhibhava

চুলিৰ বাবে মহৌষধ এইবিধ বস্তু, কেৱল জানি লওক ইয়াক ব্যৱহাৰৰ উপায়

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 2:16 PM IST

Flaxseed benefits for Hair: ধূলি আৰু বৃদ্ধি পোৱা প্ৰদূষণে কেৱল আমাৰ স্বাস্থ্যই নহয়, আমাৰ ছাল আৰু চুলিকো প্ৰভাৱিত কৰিছে । বৰ্তমান বহু লোকক চুলিৰ লগত জড়িত সমস্যাই অশান্তি দিছে । এনে পৰিস্থিতিত চুলিক প্ৰাকৃতিকভাৱে ধুনীয়া কৰি তোলাৰ বাবে জানি লওক কিছু পদ্ধতি ।

Benefits of Flaxseed : Know How To Use Flaxseed For Hair Growth
তিচি চুলিৰ বাবে উপকাৰী

মহিলাৰ সৌন্দৰ্যৰ ক্ষেত্ৰত চুলিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ কিন্তু যদি চুলি ভাল নহয়, তেন্তে মুখৰ সৌন্দৰ্যৰ কোনো অৰ্থ নাই । এনে পৰিস্থিতিত প্ৰতিগৰাকী মহিলাই বিচাৰে যে তেওঁৰ চুলি দীঘল, ঘন আৰু ধুনীয়া হওক ৷ যাতে তেওঁ যিকোনো পাৰ্টি, ফাংচন বা ইভেণ্টত চুলিৰ সৈতে নতুন ডিজাইন কৰিব পাৰে ৷ কিন্তু বৰ্তমান সময়ত সেয়া সম্ভৱ হোৱাটো বৰ কঠিন হৈ পৰিছে আৰু সেয়া হৈছে বেয়া জীৱনশৈলী ৷ যাৰ বাবে বৰ্তমান সময়ত প্ৰত্যেকগৰাকী মহিলাৰ মূল সমস্যা হৈ পৰিছে চুলি সৰাৰ সমস্যা আৰু চুলিৰ সৰাৰ ফলত চুলিৰ বিকাশতো প্ৰভাৱ পৰে ৷ এনে ক্ষেত্ৰত বহু মহিলাই চুলি সৰাৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰৰ বিভিন্ন ধৰণৰ চেম্পু, তেল ব্যৱহাৰ কৰে ৷ কিন্তু কোনো সু-ফল নাপায় ৷ সেয়াহে, আজি আমাৰ এই প্ৰতিবেদনত ক’ম ঘৰতে আপুনি কিদৰে প্ৰাকৃতিকভাৱে চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ গতিকে জানো আহক ঘৰতে কেনেদৰে চুলি সৰাৰ সমস্যা ৰোধ কৰিব . . .

তিচি (ফ্লেক্সচিড) চুলিৰ বাবে উপকাৰী

আপুনি চুলি সৰাৰ সমস্যা ৰোধ কৰিবলৈ বা চুলিৰ বিকাশৰ বাবে তিচিৰ বীজ ব্যৱহাৰ কৰিব পাৰে । তিচি কেৱল স্বাস্থ্যৰ বাবেই নহয়, চুলিৰ বাবে সমানেই উপকাৰী ৷ ভাল চুলিৰ বাবে আপুনি তিচিৰ পৰা তৈয়াৰ কৰা চুলিৰ জেল বা চুলিৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে ।

ফ্লেক্সচিড হেয়াৰ জেল কেনেকৈ বনাব ?

ফ্লেক্সচিড হেয়াৰ জেল বনাবলৈ ৪ চামুচ ফ্লেক্সচিড, এচামুচ এলোভেৰা জেল, দুটা ভিটামিন ই কেপচুল আৰু দুচামুচ আলমণ্ড অইলৰ প্ৰয়োজন হ’ব ।

প্ৰথমে কেৰাহীত দুকাপ পানী গৰম কৰিব । ইয়াৰ পিচত তিচিৰ বীজ দি উতলিবলৈ দিব আৰু পানী গাঢ় হোৱালৈকে উতলিবলৈ দিব ।

গাঢ় হোৱাৰ পিচত, জেলীৰ দৰে অৱশিষ্টখিনি ষ্ট্ৰেইনাৰৰ জৰিয়তে চেকি ল’ব ।

মিশ্ৰণটো ঠাণ্ডা হ’লে ইয়াত এলোভেৰা জেল, ভিটামিন ই কেপচুল আৰু আলমণ্ড অইল মিহলাই ল’ব । ভালদৰে মিহলাই ল’ব, যাতে জেলৰ দৰে হয় ।

ঠাণ্ডা উষ্ণতাত এটা জাৰত ৰাখি চুলিত লগাই মালিচ কৰিব । কিছু সময় চুলিত ৰাখিব, তাৰ পিচত ধুই দিব ।

চুলিৰ বাবে তিচিৰ বীজ কেনেদৰে উপকাৰী ?

তিচিৰ বীজত এনে ভিটামিন থাকে যিয়ে আপোনাৰ চুলিৰ গুৰি শক্তিশালী কৰে আৰু চুলিৰ দ্ৰুত বৃদ্ধিত সহায় কৰে বুলি কোৱা হয় ।

ফ্লেক্সচিডত ভিটামিন বি থাকে যিয়ে আপোনাৰ মূৰৰ ছালত ফ্ৰী ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰে, যাৰ ফলত চুলিৰ বৃদ্ধি দ্ৰুত হয় ।

ফ্লেক্সচিডত মইশ্ব’ৰাইজিং গুণ আছে, যিয়ে চুলি স্মুথ কৰাত সহায় কৰে, ফ্লেক্সচিডত প্ৰচুৰ পৰিমাণে ভিটামিন ফাইবাৰ আৰু ওমেগা-৩ ফেটি এচিড থাকে ।

লগতে পঢ়ক: আপুনিও শীতকালত গৰম পানীৰে চুলি ধোৱে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.