ETV Bharat / sukhibhava

Sneezing : সঘনাই অহা হাঁচিয়ে আপোনাক আমনি কৰিছে নেকি ? তেন্তে কামত আহিব এই উপায় - হাঁচিৰ পৰা মুক্তিৰ উপায়

হাঁচি এটা সাধাৰণ সমস্যা যিটো কেতিয়াবা নিজাববীয়াকৈ ভাল হয় ৷ কিন্তু যদি ই অধিক বৃদ্ধি পায়, তেন্তে এই সহজ ঘৰুৱা উপায়বোৰে আপোনাক সহায় কৰিব পাৰে ৷

Are you troubled by frequent sneezing? You will get relief from these home remedies
Sneezing: সঘনাই অহা হাঁচিয়ে আপোনাক আমনি কৰিছে নেকি ? তেন্তে কামত আহিব এই উপায়
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 2:01 PM IST

হাঁচি অহাটো অতি সাধাৰণ সমস্যা ৷ পৰিৱৰ্তিত বতৰত এই ৰোগ যিকোনো মানুহৰ লগত হ’ব পাৰে ৷ আমি সাধাৰণতে অহা হাঁচিবোৰক আওকাণ কৰো, কিন্তু যদি হাঁচি বাৰে বাৰে আহে আৰু বন্ধ নহয়, তেন্তে ই কেৱল দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত প্ৰভাৱ পেলোৱাই নহয়, চৌপাশৰ মানুহকো বিচলিত কৰিব পাৰে ৷ ইয়াৰ বাবে আন লোকেও সংক্ৰমণৰ আশংকাৰ সন্মুখীন হয় ৷ যদি আপুনি এই সমস্যাৰ পৰা অতি শীঘ্ৰেই পৰিত্ৰাণ পাব বিচাৰে তেন্তে তলত উল্লেখিত এই সহজ ঘৰুৱা উপায়বোৰ অনুসৰণ কৰিব পাৰে ৷

হাঁচিৰ পৰা মুক্তিৰ উপায়

১/ পানী গ্ৰহণ কৰা

সঘনাই অহা হাঁচি ৰোধ কৰিবলৈ দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো বাঞ্ছনীয় ৷ এই প্ৰক্ৰিয়াই হাঁচি কমোৱাত সহায় কৰিব পাৰে ৷ প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই দিনটোত ৭ ৰ পৰা ৮ গিলাচ পানী খোৱাটো উপযুক্ত বুলি বিবেচনা কৰা হয় ৷

২/ এইবোৰ ব্যৱহাৰ কৰক

ঘৰুৱা ঔষধে প্ৰায়ে হাঁচিৰ পৰা মুক্তি ৰ কাম কৰে ৷ মৌ, তুলসীৰ পাত, আদা, আৰু নিমপাত ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াক যুগ যুগ ধৰি ব্যৱহাৰ হৈ অহা আয়ুৰ্বেদিক চিকিৎসাৰ শ্ৰেণীত ৰখা হৈছে ৷ যদি এইবোৰ বস্তু আপোনাৰ ঘৰত থাকে, তেন্তে হাঁচিৰ পৰা সহজেই সকাহ পাব পাৰে ৷

৩/ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক

হাঁচি অহাৰ পিচত আমি প্ৰায়েই হাতেৰে আমাৰ নাক মচো, যাৰ বাবে সংক্ৰমণ আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা থাকে আৰু আমাৰ ওচৰ-চুবুৰীয়া লোকো ইয়াৰ ফলত সংক্ৰমিত হ’ব পাৰে ৷ যদি আপুনি হাঁচি সোনকালে নাইকিয়া কৰিব বিচাৰে, তেন্তে নিয়মিতভাৱে হাত পৰিষ্কাৰ কৰি থাকিব আৰু সঘনাই হাঁচি অহাৰ সময়ত নাক আৰু মুখ মাস্কেৰে ঢাকি ৰাখিব ৷

লগতে পঢ়ক: Milk Tea Side Effects: গাখীৰ চাহৰ পৰা হ’ব পাৰে মগজুৰ এই ৰোগ-গৱেষণা

লগতে পঢ়ক: Face Beauty Tips : মাখনৰ দৰে কোমল হৈ পৰিব আপোনাৰ ছাল; কেৱল এনেদৰে ব্যৱহাৰ কৰক মলাই

লগতে পঢ়ক: Arthritis: তীব্ৰ গতিত বৃদ্ধি হৈছে বাতবিষৰ সমস্যা, এই লোকসকলৰ ক্ষেত্ৰত অধিক বৃদ্ধি পাইছে আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.